মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
গুৱাহাটীত অনুষ্ঠিত হল উত্তৰ-পূব অঞ্চলৰ মীন পালন খণ্ডৰ উন্নয়ন বিষয়ক উত্তৰ-পূব অঞ্চল সন্মিলন ২০২৫
ছিকিমত ভাৰতৰ প্ৰথমটো জৈৱিক মীন ক্লাষ্টাৰ মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে, গুৱাহাটীত উদ্বোধন/ আধাৰশিলা স্থাপন কৰিলে ৫০ কোটি টকীয়া প্ৰকল্পৰ
উত্তৰ-পূবৰ মীন খণ্ডই অপৰিসীম সম্ভাৱনা বহন কৰিছে; আহক আমি মৎস্য উৎপাদনত ২০-২৫% বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা চলাও : ৰাজীৱ ৰঞ্জন সিং
Posted On:
06 JAN 2025 5:46PM by PIB Guwahati
মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অধীনস্থ মীন বিভাগৰ উদ্যোগত আজি অসমৰ গুৱাহাটীত মীন পালন, পশুপালন আৰু দুগ্ধ জাত সামগ্ৰী মন্ত্ৰালয় তথা পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰাজীৱ ৰঞ্জন সিং ডাঙৰীয়াৰ অধ্যক্ষতাত 'উত্তৰ-পূব অঞ্চলৰ ৰাজ্যসমূহৰ সন্মিলন ২০২৫' অনুষ্ঠিত হয়। অনুষ্ঠানত পশুপালন আৰু দুগ্ধজাত সামগ্ৰী বিভাগ আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত জৰ্জ কুৰিয়ান তথা পশুপালন আৰু দুগ্ধজাত সামগ্ৰী বিভাগ আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰায় ৫০ কোটি টকাৰ মূল্যৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে।উত্তৰ-পূব অঞ্চলৰ মীন খণ্ডক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মৎস্য সম্পাদ যোজনাৰ (পিএমএমএছৱাই)ৰ অধীনত উত্তৰ-পূব অঞ্চললৈ ৫০ কোটি টকা আগবঢ়োৱা হৈছে। এই প্ৰকল্পসমূহে মীন খণ্ডত ৪,৫৩০টা প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে মীন হিতাধিকাৰীসকলক এন এফ ডি পি পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, কে চি চি কাৰ্ড, শ্ৰেষ্ঠ এফ এফ পি অ’ৰ বঁটা আৰু মীন ষ্টাৰ্ট আপকে ধৰি অন্যান্য শিতনত প্ৰমাণ পত্ৰ বিতৰণ কৰে।
মীন খণ্ডৰ বিকাশৰ গতি অব্যাহত ৰাখিবলৈ মীন বিভাগে ছিকিমৰ জৈৱিক মীন আৰু জলজ কৃষিৰ উন্নয়নৰ অৰ্থে ছিকিমৰ ছ’ৰেং জিলাৰ জৈৱিক মীন ক্লাষ্টাৰ মুকলি কৰা হয়।
এই উপলক্ষ্যে প্ৰদান কৰা ভাষণত মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয় তথা পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে মীন খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰি মীন খণ্ডৰ বিকাশৰ কাম-কাজ আগুৱাই নিয়াৰ লগতে মীন সম্পদৰ উন্নতি সাধন কৰাৰ লগতে সম্পদৰ উপযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজ্যসমূহক সক্ৰিয় দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।মাছৰ প্ৰজাতিৰ বৈচিত্ৰ্যকৰণৰ বিষয়ত গুৰুত্ব প্ৰদানৰ লগতে মৎস্য উৎপাদন ২০-২৫% বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱা আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লগতে নিয়োগ সৃষ্টিৰ বাবে উৎপাদন-ব্যৱহাৰৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বিষয়ত মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে এন এফ ডি বিক জিলা পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰি মীন উৎপাদনৰ ক্ষেত্ৰত থকা বাধাসমূহ চিনাক্ত কৰি সামগ্ৰিক আঞ্চলিক উন্নয়নত সহায় কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে দক্ষতা বৃদ্ধিৰ বাবে মীনপালক আৰু মাছমৰীয়াসকলক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আই চি এ আৰৰ প্ৰতিষ্ঠানসমূহক আহ্বান জনায়। ৰাজ্যসমূহক অঞ্চল ভিত্তিক বাধা তথা ব্যৱধানসমূহ দূৰ কৰিবলৈ ৰাজ্য নিৰ্দিষ্ট পৰিকল্পনা কৰিবলৈও তেওঁ উৎসাহিত কৰে। এনে উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া মূল পদক্ষেপসমূহৰ ভিতৰত আছে মীন আৰু আন্তঃগাঁথনি উন্নয়ন পুঁজি (এফআইডিএফ)ৰ লাভ অৰ্জনৰ বাট প্ৰশস্ত কৰা, এনএফডিবিৰ আঞ্চলিক কেন্দ্ৰৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰা , অসংগঠিত খণ্ডক আনুষ্ঠানিক কৰা, ব্ৰুড বেংকৰ উন্নয়ন সাধন কৰা আৰু চিএফএ আৰু চিআইএফআৰআইত প্ৰগতিশীল কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা আদি । নতুন প্ৰযুক্তি গ্ৰহণ আৰু পৰম্পৰাগত পদ্ধতিৰ পৰা আধুনিক প্ৰযুক্তিলৈ পৰিৱৰ্তন কৰি বহনক্ষম বিকাশৰ বাট মুকলি কৰাৰ বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
মীন পালন, পশুপালন আৰু দুগ্ধ জাত সামগ্ৰী মন্ত্ৰালয় আৰু পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে তেওঁৰ ভাষণত গুৰুত্ব আৰোপ কৰে যে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাটো কেৱল মীনপালনৰ সৈতে কৃষিৰ একত্ৰীকৰণৰ জৰিয়তেহে সম্ভৱ হ’ব। উত্তৰ-পূব অঞ্চলক (এন ই আৰ) মীন পালনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাটো এটা মূল অগ্ৰাধিকাৰৰ বিষয় বুলিও তেওঁ কয়। তেওঁ ভূমি আৰু সম্পদৰ সীমাবদ্ধতা দূৰ কৰিবলৈ বায়’ফ্ল’ক আৰু পুনৰ পৰিসঞ্চালন জলজ কৃষি ব্যৱস্থা (আৰ এ এছ)ৰ দৰে উদ্ভাৱনীমূলক জলজ কৃষি পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে।
মীন পালন, পশুপালন আৰু দুগ্ধজাত সামগ্ৰী মন্ত্ৰালয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানে উত্তৰ-পূব অঞ্চল (এন ই আৰ) আৰু কেৰালাৰ সংহত মীন পালনৰ পৰম্পৰাগত পদ্ধতিৰ বিষয়ত আলোকপাত কৰে। তেওঁ টেপিওকা-আৰু মাছ পালন আৰু গাহৰি আৰু মীন পালন আদিৰ দৰে পদ্ধতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। এইবোৰক্ষেত্ৰৰ উন্নত কাৰ্যক্ষমতাৰ বাবে আধুনিক কৌশলেৰে পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো তেওঁ মন্তব্য কৰে। অঞ্চলটোৰ মীন খণ্ডক অধিক উন্নত কৰাৰ বাবে মাছৰ উৎপাদন বৃদ্ধি আৰু নতুন প্ৰযুক্তি গ্ৰহণৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে।
সভাত অসম চৰকাৰৰ মাননীয় মীন মন্ত্ৰী শ্ৰীযুত কৃষ্ণেন্দু পালকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশ চৰকাৰৰ এ এইচ ভি ডি ডিৰ মীন, কৃষি, উদ্যান শস্য দপ্তৰৰ মন্ত্ৰী শ্ৰী গেব্ৰিয়েল ডেনৱাং ৱাংছু; মিজোৰাম চৰকাৰৰ মীন মন্ত্ৰী শ্ৰী পু লালথানছংগা; মণিপুৰ চৰকাৰৰ মীন, সমাজ কল্যাণ, দক্ষতা, শ্ৰম, নিয়োগ আৰু উদ্যোগীকৰণ দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত এইচ ডিংগো সিং; ত্ৰিপুৰা চৰকাৰৰ মীন মন্ত্ৰী শ্ৰী সুধাংশু দাস; ছিকিম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা সেৱা, ছপা আৰু ষ্টেচনাৰী তথা আই পি আৰ বিভাগৰ মন্ত্ৰী শ্ৰীযুত পুৰণ কুমাৰ গুৰুং আৰু নাগালেণ্ড চৰকাৰৰ মীন আৰু জলজ সম্পদ দপ্তৰৰ মন্ত্ৰী শ্ৰী এ পাংজুং জামিৰেও অনুষ্ঠানত অংশগগ্ৰহণ কৰে।
এন এফ ডি বিৰ মুখ্য কাৰ্যবাহী ড০ বিজয় কুমাৰ বেহৰাই সভাত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি অধিৱেশনৰ সামৰণি মাৰে। ইয়াৰ পিছত "উত্তৰ-পূবত মীন আৰু জলজ কৃষি উন্নয়নৰ প্ৰত্যাহ্বান আৰু আগবাঢ়ি যোৱাৰ পথ" শীৰ্ষক কাৰিকৰী অধিৱেশন খন ড° জে কে জেনা, ডি ডি জি(এফ ৱাই), আই চি এ আৰৰ নেতৃত্বত অনুষ্ঠিত হয়। অধিৱেশনত এন এফ ডি বিৰ মুখ্য কাৰ্যবাহী ড° বিজয় কুমাৰ বেহেৰাৰ নেতৃত্বত "উত্তৰ-পূবৰ ৰাজ্যত মীন উন্নয়নৰ বাবে পৰিৱেশ আৰু পৰিৱেশগত প্ৰত্যাহ্বান" আৰু অধ্যক্ষ ড° বি কে ভট্টাচাৰ্যৰ নেতৃত্বত "উত্তৰ-পূবৰ ৰাজ্যত মুক্ত জল মীন সম্পদৰ উন্নয়ন" বিষয়ত অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত চিআইএফআৰআই, গুৱাহাটীৰ বিজ্ঞানী সকলে মূল্যৱান দৃষ্টিভংগীৰে বিভিন্ন বিষয়ত আলোকপাত কৰে।
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মীন আৰু জলজ কৃষিৰ উন্নয়নৰ বিষয়ত ভিডিঅ' চাওক
https://www.youtube.com/live/LV5CnlH5yrQ
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মন্ত্ৰীসকল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ ভাষণৰ উদ্ধৃতি
অসম চৰকাৰৰ মাননীয় মীন মন্ত্ৰী শ্ৰীযুত কৃষ্ণেন্দু পালে সভাত ভাষণ দি ভাৰতীয় মীন খণ্ডলৈ অসমৰ উল্লেখযোগ্য অৱদানৰ বিষয়ত আলোকপাত কৰি ইয়াৰ বিপুল সম্পদ আৰু গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। অসমত ৪.৭৫ লাখ মেট্ৰিক টন মৎস্য উৎপাদন আৰু প্ৰায় ২০,০০০ মেট্ৰিক টন ৰপ্তানিৰ উল্লেখযোগ্য পৰিসংখ্যাও তেওঁ দাঙি ধৰে। ইয়াৰ ফলত মীনপালক আৰু মাছমৰীয়াসকল যথেষ্ট উপকৃত হৈছে বুলিও তেওঁ কয়। ৰাজ্যৰ ৯০% তকৈ অধিক জনসংখ্যাই মাছ খায় বুলি উল্লেখ কৰি তেওঁ অসমৰ অৰ্থনীতিত মীনপালনে কেন্দ্ৰীয় স্থান দখল কৰিছে বুলি কয় । সম্পদক সজীৱ কৰি তোলা আৰু খণ্ডগত বৃদ্ধিৰ লক্ষ্যৰে পাহাৰ এলেকাত উৎপাদনশীলতা, আৰু পানী সংৰক্ষণ ক্ষমতা বৃদ্ধিৰ বাবে পিএমএমএছৱাইৰ অধীনত প্ৰকল্প চিনাক্ত কৰা হৈছে বুলিও তেওঁ কয় । তদুপৰি জাপানৰ জেআইচিএৰ সহযোগত অসম মীন উন্নয়ন আৰু গ্ৰাম্য জীৱিকা প্ৰকল্পই সামগ্ৰিক জলজ কৃষি উন্নয়নৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বাবে বহনক্ষম জীৱিকাৰ সৃষ্টিত সহায় কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
অৰুণাচল প্ৰদেশ চৰকাৰৰ এ এইচ ভি ডি ডিৰ মীন, কৃষি, উদ্যান শস্য দপ্তৰৰ মন্ত্ৰী শ্ৰী গেব্ৰিয়েল ডেনৱাং ৱাংছুৱে মীন উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰি পি এম এম এছ ৱাইৰ অধীনত ক্ষুদ্ৰ কৃষকসকলক সহায় কৰিবলৈ অনুকূল পদক্ষেপৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশত এটা শীতল পানীৰ মীন প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায় আৰু বীজ উৎপাদনৰ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে এককালীন অনুদানৰ পোষকতা কৰে। মুকলি পানীৰ মীন পালন আৰু বহনক্ষম পদ্ধতি গ্ৰহণৰ সুযোগসমূহৰ বিষয়ত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে হিমালয়ৰ ৰাজ্যসমূহৰ অনন্য শক্তিসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষভাৱে ৰচনা কৰা নীতি বা আঁচনি নিৰ্ধাৰণৰ বাবেও আহ্বান জনায়।
মিজোৰাম চৰকাৰৰ মীন মন্ত্ৰী শ্ৰী পু লালথানসংগাই ৰাজ্যখনৰ মীন উন্নয়নক ত্বৰান্বিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মৎস্য সম্পাদ আঁচনিৰ অধীনত পুঁজি অনুমোদন আৰু মুকলি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। পিএমএমএছৱাইৰ অধীনত পুখুৰীৰ সংস্কাৰ সাধনৰ গুৰুত্বৰ বিষয়তো তেওঁ আলোকপাত কৰে। কম উৎপাদনশীলতাৰ সৈতে মোকাবিলা কৰা, গুণগত বীজ আৰু খাদ্যৰ উপলব্ধতা উন্নত কৰা আৰু মীনপালকসকলৰ বাবে সামৰ্থ্য বিকাশ আৰু প্ৰশিক্ষণক অগ্ৰাধিকাৰ দিয়াৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে।
মণিপুৰ চৰকাৰৰ মীন, সমাজ কল্যাণ, দক্ষতা, শ্ৰম, নিয়োগ আৰু উদ্যোগীকৰণ দপ্তৰৰ মন্ত্ৰী শ্ৰী এইচ ডিংগো সিঙে ৰাজ্যৰ মীন আৰু জলজ কৃষি খণ্ডত পিএমএমএছৱাইৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ কথা স্বীকাৰ কৰে। হেচাৰী, বায়’ফ্ল’ক ব্যৱস্থা, পুখুৰী, আলংকাৰিক মাছ পালন, মূল্য সংযোজিত উদ্যোগ, ৰোগ নিদানৰ সুবিধা আৰু সংৰক্ষণৰ বাবে শীতলীকৰণ গোট স্থাপনে মণিপুৰত সামূহিকভাৱে আন্তঃগাঁথনি আৰু সুযোগ বৃদ্ধি কৰিছে বুলি তেওঁ কয়।
ত্ৰিপুৰা চৰকাৰৰ মীন মন্ত্ৰী শ্ৰী সুধাংশু দাসে আলোকপাত কৰে যে ৰাজ্যখনৰ মাছ উৎপাদন ক্ষমতা ২ লাখ মেট্ৰিক টন, য’ত ৩৮,৫৯৪ হেক্টৰ মাটি মীন কৃষিৰ বাবে উৎসৰ্গিত কৰা হৈছে। বৰ্তমান উৎপাদন ৮৫,০০০ মেট্ৰিক টন, চাহিদা ১১৭,০০০ মেট্ৰিক টন, পশ্চিম বংগ, অসম, আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিৰ জৰিয়তে এই ব্যৱধান পূৰণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে ত্ৰিপুৰাৰ ৯৮% জনসংখ্যাই মাছ খায়। তেওঁ বায়’ফ্লক আৰু মুকুতা সংস্কৃতিৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰি এই খণ্ডৰ ঋতুভিত্তিক পদক্ষেপসমূহৰ বিষয়ত আলোকপাত কৰে।
ছিকিম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা সেৱা, ছপা আৰু ষ্টেচনাৰী আৰু আই পি আৰ বিভাগৰ মন্ত্ৰী শ্ৰী পুৰন কুমাৰ গুৰুঙে ট্ৰাউট ৰেচৱে হেচাৰী, জলজ কৃষি ব্যৱস্থা, আৰু আলংকাৰিক মাছ পালনৰ দৰে কাৰ্য্যকলাপকে ধৰি পিএমএমএছৱাইৰ পৰা লাভ কৰা ৰাজ্যখনৰ উল্লেখযোগ্য সুবিধাসমূহৰ বিষয়ত আলোকপাত কৰে। তেওঁ বাকী থকা প্ৰস্তাৱ, যেনে ৰেচৱে আৰু আলংকাৰিক মাছ গোট নিৰ্মাণৰ বাবে সমৰ্থন বিচাৰিছিল আৰু মীন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবেও চৰকাৰৰ পৰা বিচৰাৰ কথা উল্লেখ কৰে। ছিকিমৰ জৈৱিক মৰ্যাদাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অতিৰিক্ত সহায়ৰ আহ্বান জনাই ৰাজ্যখনৰ মীন উন্নয়নৰ বাবে আইচিএআৰ প্ৰতিষ্ঠানৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।
নাগালেণ্ড চৰকাৰৰ মীন আৰু জলজ সম্পদ মন্ত্ৰী শ্ৰী এ পাংজুং জামিৰে ৰাজ্যখনৰ চহকী মীন সম্পদ আৰু বৃদ্ধিৰ উল্লেখযোগ্য সম্ভাৱনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশেষকৈ নতুন পুখুৰী আৰু পুখুৰীৰ উন্নয়নৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। ।তেওঁ সংহত মীন পালনৰ প্ৰৱৰ্তনক উৎপাদনশীলতা বৃদ্ধি আৰু মীনপালকৰ আয় তথা অধিক উন্নীত কৰাৰ এক মূল কৌশল হিচাপে আলোকপাত কৰে। পৰিৱেশ পৰ্যটনৰ বাবে অঞ্চলটোৰ আশাব্যঞ্জক সম্ভাৱনাৰ কথাও তেওঁ উল্লেখ কৰে আৰু পাহাৰীয়া অঞ্চলত মাছ পৰিবহণৰ সুযোগসমূহৰ অধিক উন্নয়নৰ বাবেও তেওঁ আহ্বান জনায় ।
মীন বিভাগ, মীন পালন, পশুপালন আৰু দুগ্ধ সামগ্ৰী মন্ত্ৰালয়ৰ সচিব ড০ অভিলাক্ষ লিখীয়ে তেওঁৰ ভাষণত মাননীয় মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি উত্তৰ-পূব অঞ্চল লৈ আবণ্টিত ১,৭০০ কোটি টকাকে ধৰি ২,০০০ কোটি টকাৰো অধিক ধনৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ এই ধন পিএমএমএছৱাইৰ অধীনত আগবঢ়োৱা বুলি কয় । তেওঁ তিনিটা মূল ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ কথা কয় , সেয়া হৈছে : ডিজিটেলাইজেচনৰ জৰিয়তে মীনপালনক আনুষ্ঠানিককৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্যিক বিষয়াসকলক এই খণ্ডটোক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। তেওঁ লগতে সুতৰ সাহায্য আৰু ঋণ নিশ্চয়তাৰ দৰে বিত্তীয় উপায়েৰে মীন আৰু জলজ কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি (এফআইডিএফ)ক প্ৰসাৰিত কৰা; আৰু এফ এফ পি অ’ আৰু এছ এইচ জিৰ জৰিয়তে সংহত কৃষিক আগুৱাই নিয়া আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। সচিবগৰাকীয়ে যুৱ ষ্টাৰ্টআপসমূহক সহায় কৰা আৰু মাছ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱধান দূৰ কৰাৰ আহ্বান জনায়। যাতে মাছ উৎপাদনৰ ১২ লাখ টনৰ লক্ষ্যত উপনীত হ'ব পাৰি।
মীন পালন, পশুপালন আৰু দুগ্ধ জাত সামগ্ৰী মন্ত্ৰালয়ৰ যুটীয়া সচিব (আভ্যন্তৰীণ মীনপালন) শ্ৰী সাগৰ মেহৰাই ভাৰতীয় মীন খণ্ডৰ কৃতিত্ব আৰু সাফল্যৰ বিষয়ত বিস্তৃত তথ্যৰে সুন্দৰ উপস্থাপন আগবঢ়ায়৷ তেওঁ উৎপাদন, উৎপাদনশীলতা, আয় আৰু ৰপ্তানিৰ দৰে মূল দিশসমূহৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। এই খণ্ডটোক সহায় কৰিব পৰাকৈ গ্ৰহণ কৰা বিনিয়োগৰ পদক্ষেপ আৰু কাৰ্যসূচীসমূহৰ বিষয়েও তেওঁ বিশদ আভাস দাঙি ধৰে৷ তেওঁ লগতে উত্তৰ-পূব অঞ্চলৰ মঞস্য উঞপাদনৰ ক্ষেত্ৰত থকা প্ৰচুৰ সম্ভাৱনা আৰু সম্পদৰ বিষয়তো আলোকপাত কৰে । তেওঁ এইক্ষেত্ৰত বৰ্তমানৰ প্ৰত্যাহ্বান আৰু বাধা তথা ব্যৱধানসমূহৰ বিষয়ে আলোচনা কৰে আৰু ভৱিষ্যতৰ বিকাশ আৰু উন্নয়নৰ বাবে সেইবোৰ দূৰ কৰিব পৰাকৈ কৌশলগত পন্থা গ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ কৰে৷
সমগ্ৰ অনুষ্ঠানটোৰ বাবে প্ৰয়োজনীয় লিংক
https://www.youtube.com/live/LV5CnlH5yrQ
(Release ID: 2090702)
Visitor Counter : 27