মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে কাইলৈ গুৱাহাটীত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY) সন্দৰ্ভত উত্তৰ-পূবৰ ৰাজ্যৰ বৈঠক উদ্বোধন কৰিব

ইয়াত পিএমএমএছৱাইৰ অধীনত ৫০ কোটি টকা মূল্যৰ মীন প্ৰকল্পৰ শুভাৰম্ভ কৰা হ’ব

ছিকিমৰ ছ’ৰেং জিলাত বহনক্ষম একুৱাকালচাৰৰ বাবে জৈৱিক মীন ক্লাষ্টাৰ অধিসূচিত কৰা হ’ব

Posted On: 05 JAN 2025 3:00PM by PIB Guwahati

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অধীনস্থ মীন বিভাগৰ উদ্যোগত ৬ জানুৱাৰী, ২০২৫গুৱাহাটী, অসমৰ হোটেল ৰেডিচনত “প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ ৰূপায়ণৰ পৰ্য্যালোচনাৰ অৰ্থে উত্তৰ-পূবৰ ৰাজ্যৰ বৈঠক” অনুষ্ঠিত হ’ব। এই বৈঠকত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ (MoFAH&D) আৰু পঞ্চায়তীৰাজ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। ইয়াত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ (MoFAH&D) আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ান তথা কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ (MoFAH&D) আৰু পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰফেচৰ এছ.পি. সিং বাঘেলে অংশগ্ৰহণ কৰিব। ইয়াত অসমৰ মীন মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল, অৰুণাচল প্ৰদেশৰ মীন মন্ত্ৰী শ্ৰী গেব্ৰিয়েল ডেনৱাং ৱাংছু, মেঘালয়ৰ পশুপালন মন্ত্ৰী শ্ৰী আলেকজেণ্ডাৰ লালু হেক, মিজোৰামৰ মীন মন্ত্ৰী শ্ৰী পু লালথানছাংগা, মণিপুৰৰ মীন মন্ত্ৰী শ্ৰী এইচ. ডিংগো সিং, ত্ৰিপুৰাৰ মীন মন্ত্ৰী শ্ৰী সুধাংশু দাস, ছিকিমৰ কৃষি আৰু মীন মন্ত্ৰী শ্ৰী পুৰন কুমাৰ গুৰুং আৰু নাগালেণ্ডৰ মীন মন্ত্ৰী শ্ৰী এ. পাংজুং জামিৰে ভাগ ল’ব। এই অনুষ্ঠান হাইব্ৰিড মোডত অনুষ্ঠিত হ

কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ (PMMSY) অধীনত প্ৰায় ৫০ লাখ টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰাজিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আত্ম-নিৰ্ভৰশীল মীন খণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ অংগীকাৰতে আলোকপাত কৰিছে। ইয়াতে উত্তৰ-পূৰ্বাঞ্চলৰ মীন হিতাধিকাৰীসকলক এনএফডিপি পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, কেচিচি কাৰ্ড, শ্ৰেষ্ঠ এফএফপিঅ আৰু মীন ষ্টাৰ্ট-আপ বঁটাকে প্ৰমুখ্য কৰি প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।

খণ্ডগত বিকাশৰ গতি অব্যাহত আৰু অটুট ৰাখিবলৈ ভাৰত চৰকাৰৰ মীন বিভাগে ছিকিমত জৈৱিক মীন আৰু একুৱাকালচাৰৰ উন্নয়নৰ বাবে ইয়াৰ ছৰেং জিলাত জৈৱিক মীন ক্লাষ্টাৰ অধিসূচিত কৰিব। ছিকিমৰ জৈৱিক মীন ক্লাষ্টাৰটোৱে অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক আৰু সামাজিক লাভা-লাভ প্ৰশস্ত কৰিব আৰু ৰাজ্যখনক বহনক্ষম একুৱাকালচাৰৰ ক্ষেত্ৰত অগ্ৰদূত হিচাপে প্ৰতিষ্ঠা কৰিব।

এই অনুষ্ঠানত “উত্তৰ-পূৰ্বাঞ্চলত (NER) মীন আৰু একুৱাকালচাৰৰ সমস্যা আৰু প্ৰত্যাহ্বানৰাজি” শীৰ্ষক এখনি কাৰিকৰী অধিৱেশন অনুষ্ঠিত হ’ব। ইয়াত আইচিএআৰ (মীন)ৰ উপ-সঞ্চালক প্ৰধান ডঃ জে.কে. জেনাই ভাগ ল’ব। ইয়াত অঞ্চলটোত মীন আৰু একুৱাকালচাৰ খণ্ডই সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বানৰাজি যথাঃ সম্পদ ব্যৱস্থাপনা, আন্তঃগাঁথনিৰ সীমাবদ্ধতা, বজাৰত প্ৰৱেশৰ সমস্যা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আদিত গুৰুত্ব আৰোপ কৰা হ’ব। ডঃ জেনাই অঞ্চলটোৰ অনন্য পাৰিপাৰ্শ্বিক আৰু আৰ্থ-সামাজিক পৰিস্থিতিৰে সামঞ্জস্যপূৰ্ণ সম্ভাৱ্য সমাধান আৰু উদ্ভাৱনী পন্থাতো আলোকপাতেৰে এই গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ বহনক্ষম উন্নয়ন আৰু বিকাশত সহায়ক হোৱাকৈ ব্যৱহাৰিক কৌশল প্ৰদান কৰিব।

এই বৈঠকে উত্তৰ-পূৰ্বাঞ্চলত (NER) মীন আৰু একুৱাকালচাৰৰ বিকাশক ত্বৰান্বিতকৰণৰ অৰ্থে পথ প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও বৈঠকখনে আঞ্চলিক প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ সুযোগ প্ৰদান কৰিব, উদ্ভাৱনীমূলক সমাধানসমূহৰ আদান-প্ৰদান আৰু অঞ্চলটোৰ অনন্য জলজ সম্পদৰ অনুকূলে বহনক্ষম পদ্ধতিসমূহক প্ৰোৎসাহিত কৰিব। এই বৈঠকে আন্তঃগাঁথনিৰ বৰ্ধন ঘটাব, উন্নত কৌশলক উৎসাহিত কৰিব আৰু বজাৰৰ সংযোগ সুদৃঢ় কৰিব। পৰিশেষত উৎপাদনশীলতা বৃদ্ধি কৰিব, নিয়োগ সৃষ্টি কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশক চালিত কৰিব।

এই গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীৰ জৰিয়তে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক মৎস্য উৎপাদনত আত্ম-নিৰ্ভৰ কৰি তোলা, বহনক্ষম পদ্ধতিক লালন-পালন কৰা আৰু সমগ্ৰ অঞ্চলটোৰ মৎস্যজীৱী সমাজৰ বাবে জীৱিকাৰ বৰ্ধনৰ অংগীকাৰ সুদৃঢ়কৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

পটভূমি

ভাৰতীয় মীন আৰু একুৱাকালচাৰ খণ্ড এটি গুৰুত্বপূৰ্ণ খণ্ড, যিয়ে প্ৰায় ৩ কোটি মৎস্যজীৱী আৰু কৃষকৰ বাবে জীৱিকাৰ পথ প্ৰশস্ত কৰিছে। ২০১৯ত এটা সমৰ্পিত মীন মন্ত্ৰালয় আৰু বিভাগ স্থাপনৰ পিছত এই খণ্ডটোৰ যথেষ্ট বৰ্ধন ঘটিছে। এই পদক্ষেপে মীন খণ্ডত নতুন মনোযোগ প্ৰোথিত কৰে আৰু ২০১৫ৰ পৰা এই খণ্ডত ৩৮,৫৭২ কোটি টকা বিনিয়োগ কৰা হৈছে।

চহকী জলজ জৈৱ বৈচিত্ৰ্য আৰু বিশাল জলসম্পদৰ বাবে বিখ্যাত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল (NER)ত অৰ্থনৈতিক বিকাশক আগুৱাই নিয়া, খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু জীৱিকাৰ অগ্ৰগতি সাধনৰ অপৰিসীম সম্ভাৱনা আছে। মাছৰ বৈচিত্ৰ্যৰ বাবে বিশ্বজুৰি হটস্পট হিচাপে বিখ্যাত এই অঞ্চলৰ বৈচিত্ৰ্যময় পৰিবেশ তন্ত্ৰই মাছৰ বিস্তৃত প্ৰজাতিক লালন-পালন কৰে, ইয়াৰ পৰিপ্ৰেক্ষিতত মীনপালনক অৰ্থনৈতিক আৰু সামাজিক কাঠামোৰ এক গুৰুত্বপূৰ্ণ খণ্ড হিচাপে স্থান প্ৰদান কৰা হয়। প্ৰায় ৪২২ বিধ মাছৰ প্ৰজাতিৰে এই অঞ্চলটোত ২০১৪-১৫ৰ পৰা সুনীল বিপ্লৱ আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ (PMMSY) অধীনত ২,১১৪.৭৩ কোটি টকাৰ চৰকাৰী বিনিয়োগৰ জৰিয়তে উল্লেখযোগ্য বিকাশ সাধন হৈছে। ইয়াৰ ফলশ্ৰুতিত হেচাৰী, বৈজ্ঞানিক মীন পালন কৌশল আৰু আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ সমান্তৰালভাৱে ২০১৩-১৪ত ৩.৭৮ লাখ মেট্ৰিক টনৰ (MT) পৰা ২০২৩-২৪ত ৬.৪১ লাখ মেট্ৰিক টনলৈ উৎপাদন বৃদ্ধি পাইছে।

****

AA


(Release ID: 2090362) Visitor Counter : 32


Read this release in: English , Urdu