ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
অসমৰ মাননীয় ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱে গুৱাহাটীত সন্মিলিতভাবে উদ্বোধন কৰিলে বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰা প্ৰতিষ্ঠান এনআই ই এল আই টি
এনআই ই এল আই টি- টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ মাজত স্বাক্ষৰ হ'ল বুজাবুজিৰ চুক্তি
Posted On:
03 JAN 2025 6:08PM by PIB Guwahati
অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সন্মিলিতভাবে উদ্বোধন কৰে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (NIELIT) । এই প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ ৫টা স্থানকে ধৰি মুঠ ১২টা স্থানত বিশ্ববিদ্যালয় হিচাবে স্বীকৃতি লাভ কৰিছে। । ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ একমাত্ৰ বিশ্ববিদ্যালয় হিচাবে স্বীকৃত ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান আজি গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত দেশৰ বাবে উৎসৰ্গা কৰা হয়।
ইয়াৰোপৰি আজি ভাৰতৰ অৰ্ধপৰিবাহী দক্ষতাক অধিক বিকশিত কৰাৰ লক্ষ্যৰে এন আই এল আই টি আৰু টাটা ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেড (টি ই পি এল)ৰ মাজত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। এই বুজাবুজি চুক্তিত এন আই এল আই টিৰ হৈ স্বাক্ষৰ কৰে প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰধান ড০ এম এম ত্ৰিপাঠী আৰু টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড (টি ই পি এল)ৰ হৈ স্বাক্ষৰ কৰে টি ই পি এলৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক ড০ ৰণধীৰ ৰ ঠাকুৰে। এই অংশীদাৰিত্বমূলক পদক্ষেপৰ লক্ষ্য হৈছে দক্ষতা কেন্দ্ৰ স্থাপন কৰা, ডিপ্লমা আৰু প্ৰমাণীকৰণ কাৰ্যসূচী বিকশিত কৰা তথা অৰ্ধপৰিবাহী এ টি এম পি (এছেম্বলি, টেষ্টিং, মাৰ্কিং, আৰু পেকেজিং) প্ৰযুক্তিৰ কৰ্মশালা অনুষ্ঠিত কৰা আদি । এইক্ষেত্ৰত টি ই পি এল-এ কাৰিকৰী বিশেষজ্ঞ আৰু ইন্টাৰশ্বিপৰ সুবিধা প্ৰদান কৰিব। আনহাতে এনআইএলআইটিয়ে শিক্ষা, প্ৰশিক্ষণ তথা আউটৰিচৰ দৰে বিষয়সমূহত গুৰুত্ব আৰোপ কৰিব । দুয়োটা সংস্থাই যৌথভাৱে গৱেষণা আৰু পুঁজি যোগানৰ পদক্ষেপো গ্ৰহণ কৰিব। প্ৰতিষ্ঠান দুটাৰ মাজত চুক্তি স্বাক্ষৰ হোৱাৰ ফলত ভাৰতৰ উত্তৰ-পূব অঞ্চলত নিয়োগকে ধৰি বিভিন্ন সুযোগ সৃষ্টিত বিশেষ অৰিহণা যোগাব ৷
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি এনআইএলআইটি বিশ্ববিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতক অৰ্ধপৰিবাহী উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ নিৰাপত্তা আৰু উদ্যোগ ৪.০ৰ বাবে অগ্ৰণী কেন্দ্ৰ হিচাবে গঢ় দিয়াৰ বিষয়ত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ে দোহাৰে। মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে উদ্যোগটোৰ দ্ৰুতগতিত বৃদ্ধি পোৱা চাহিদা পূৰণ কৰা আৰু এই ক্ষেত্ৰ খনৰ বাবে দক্ষ কৰ্মশক্তি প্ৰস্তুত কৰা। দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিগত পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় দক্ষতাৰে দক্ষ কৰি তোলাৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়খনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু হৈছে বুলিও তেওঁ কয় । তেওঁ লগতে কয় যে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থ হৈছে “নতুন ইঞ্জিন, দেশৰ উন্নয়ন আৰু বিকাশৰ নেতৃত্ব বহন কৰা”।
মন্ত্ৰীগৰাকীয়ে এনআইএলআইটি বিশ্ববিদ্যালয় মুকলি কৰাৰ কথা ঘোষণা কৰি কয় যে এই বিশ্ববিদ্যালয় খনে মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ অৰ্ধপৰিবাহী উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, উদ্যোগ ৪.০, আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক ক্ষেত্ৰৰ বাবে দক্ষ পেছাদাৰী ব্যক্তি প্ৰস্তুত কৰাত সহায় কৰিব।
শ্ৰী অশ্বিনী বৈষ্ণৱে লগতে এই কথাও অৱগত কৰে যে গুৱাহাটীৰ সমীপৰ জাগীৰোডত এনআই ই এল আই টিৰ নতুন চৌহদ গঢ়ি তোলা হ’ব। য’ত অৰ্ধপৰিবাহী নিৰ্মাণ আৰু ইলেক্ট্ৰনিকছ নিৰ্মাণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব।
অনুষ্ঠানত উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বিষয়ত আলোকপাত কৰি কয় যে এটা সময়ত সমগ্র বিশ্বই "মেড ইন ইণ্ডিয়া" আৰু "মেড ইন আছাম" অর্ধপৰিবাহী চিপৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হ'ব । তেওঁ অঞ্চলটোত অৰ্ধপৰিবাহী উদ্যোগৰ উন্নতিৰ উল্লেখযোগ্য সম্ভাৱনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি এই বিকাশশীল খণ্ডটোক সহায় কৰিবলৈ দক্ষ কৰ্মশক্তি আৰু প্ৰশিক্ষিত জনশক্তিৰ প্ৰয়োজন আছে বুলি কয় । ইয়াৰ দ্বাৰা স্থানীয় প্ৰতিভাই সুযোগ লাভ কৰাৰ লগতে নিয়োগৰ সুযোগো সৃষ্টি হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। বিশ্বৰ প্ৰযুক্তিৰ জগত খনত অসমে যাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেয়া নিশ্চিত কৰিব লাগিব বুলিও তেওঁ কয় ।
ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰে জাগীৰোডত থকা নেছনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিকছ এণ্ড ইনফৰ্মেশ্যন টেকন’লজি (এন আই ই এল আই টি) বিশ্ববিদ্যালয়ৰ বাবে মাত্ৰ এদিনৰ ভিতৰতে ক্ষিপ্ৰতাৰে ভূমি আবণ্টনত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰীযুত অশ্বিনী বৈষ্ণৱৰ ইতিবাচক দৃষ্টিভংগী তথা নেতৃত্বৰ বাবেই সেয়া সম্ভৱ হৈ উঠিছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে।
উদ্বোধনী অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই কয় যে বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰা এনআই ই এল আই টিৰ উদ্বোধনৰ মুহূৰ্ত দৰাচলতে এক ঐতিহাসিক মুহূৰ্ত। বিশ্ববিদ্যালয়খনে কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, ব্লকচেইন টেকন’লজি, উদ্যোগ ৪.০, ছেমিকণ্ডাক্টৰ ডিজাইন এণ্ড মেনুফেকচাৰিং, অটোমোটিভ ইলেক্ট্ৰনিক্স, ড্ৰ’ন টেকন’লজি, চাইবাৰ ছিকিউৰিটি আৰু ফৰেনছিক, বায়’ইনফৰ্মেটিক্স আদি বহু ডিজিটেল টেকন’লজিৰ বিষয়ত উচ্চ শিক্ষা প্ৰদানৰ পথ প্ৰশস্ত কৰিব।
আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে জাগীৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পও পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কামৰ অগ্ৰগতিৰ বুজ লয়।
এনআই ই এল আই টিৰ বিষয়ে
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত প্ৰতিষ্ঠান নেছনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেচন টেকন'লজি (এন আই ই এল আই টি)ক শিক্ষা মন্ত্ৰালয়ে সুকীয়া শ্ৰেণীৰ অধীনত "ডিমড টু বি ইউনিভাৰ্চিটি"ৰ মৰ্যাদা প্ৰদান কৰিছে। ৰোপাৰ (পাঞ্জাৱ)ত মূল চৌহদ থকা আৰু এই প্ৰতিষ্ঠানটোৰ আইজল, আগৰতলা, ঔৰংগাবাদ, কালিকট , গোৰখপুৰ, ইম্ফল, ইটানগৰ, কেকৰী, কোহিমা, পাটনা, আৰু শ্ৰীনগৰত শাখা চৌহদ আছে। এন আই এল আই টি ডিমড টু বি ইউনিভাৰ্চিটিয়ে ডিজিটেল বিষয়ৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
বিশ্ববিদ্যালয়খনে স্নাতক, স্নাতকোত্তৰ, আৰু পি.এইচ.ডি. কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, ব্লকচেইন প্ৰযুক্তি, উদ্যোগ ৪.০, অৰ্ধপৰিবাহী ডিজাইন আৰু উৎপাদন, অটোমোটিভ ইলেক্ট্ৰনিক্স, ড্ৰ'ন প্ৰযুক্তি, চাইবাৰ সুৰক্ষা আৰু ফৰেনছিক, বায়'ইনফৰ্মেটিক্স আৰু আন বহু বিষয়কে ধৰি উন্নত তথা উদীয়মান ক্ষেত্ৰসমূহৰ ভিত্তিত শিক্ষণৰ কাৰ্যসূচী যুগুত কৰিছে। প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰম সংশ্লিষ্ট উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলৰ সহযোগত নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে , যাতে ছাত্ৰ-ছাত্ৰীসকলে বজাৰৰ চাহিদাৰ সৈতে সংগতি থকা দক্ষতা আহৰণ কৰিব পৰাটো নিশ্চিত কৰিব পাৰি। প্ৰতিষ্ঠানটোৱে এনেদৰে দক্ষ ব্যক্তি প্ৰস্তুত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে যাতে ইয়াত প্াঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলে প্ৰথম দিনাৰ পৰাই চাকৰিৰ বাবে সাজু হৈ উঠে।
বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰা নেছনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেচন টেকন'লজি (এন আই ই এল আই টি) ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ ৰ সৈতেসংগতি ৰাখি পৰিচালনা কৰা হৈছে । প্ৰতিষ্ঠানটোৱে শিক্ষাৰ ক্ষেত্ৰত সুলভতা, নমনীয়তা, আৰু উদ্যোগৰ প্ৰাসংগিকতাৰ বিষয়ত অধিক আৰোপ কৰিছে। বিশ্ববিদ্যালয়খনে এক শক্তিশালী ডিজিটেল পৰিৱেশতন্ত্ৰৰ জৰিয়তে এক নমনীয়, ছাত্ৰকেন্দ্ৰিক শিক্ষণৰ পৰিৱেশ প্ৰদানৰ বাবে অংগীকাৰবদ্ধ হৈছে । ইয়াত ভাৰ্চুৱেল লেব, ইমাৰ্চিভ কন্টেন্ট আৰু সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এআই-চালিত ব্যক্তিগত শিক্ষণ সম্পৰ্কীয় সমস্যাৰ সমাধানৰ দৰে বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। টিয়াৰ-২ আৰু টিয়াৰ-৩ চহৰ, গ্ৰামাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়ত প্ৰতিষ্ঠানটোৱে অধিক গুৰুত্ব আৰোপ কৰিছে । প্ৰতিষ্ঠানটোৱে বিভিন্ন স্থানৰ মাজত থকা ডিজিটেল ব্যৱধান দূৰ কৰি এইক্ষেত্ৰত সেতুৰ দৰে কাম কৰিছে। প্ৰতিষ্ঠানটোৰ লক্ষ্য হৈছে অতি দুৰ্গম অঞ্চলতো গুণগত শিক্ষাৰ প্ৰসাৰ ঘটোৱা।
অহা পাঁচ বছৰৰ ভিতৰত ৩৭ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ অভিলাষী দৃষ্টিভংগীৰে নেছনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেচন টেকন'লজি (এন আই ই এল আই টি)এ নতুন প্ৰজন্মৰ চিন্তাবিদ, উদ্ভাৱকসকলক অধিক উজ্জ্বল ৰূপত প্ৰতিভাত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। যি পদক্ষেপে ভাৰতৰ ডিজিটেল ৰূপান্তৰক আগুৱাই নিব পাৰিব ।
১৯৯৪ চনৰ পৰা এন আই ই এল আই টিৰ তথ্য, ইলেক্ট্ৰনিক্স আৰু যোগাযোগ প্ৰযুক্তি (আই ই চি টি)ৰ প্ৰশিক্ষণ তথা দক্ষতা বিকাশৰ এক সমৃদ্ধ ইতিহাস আছে। ৫০+ কেন্দ্ৰ, ৭০০+ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান, আৰু ৯,০০০+ সুবিধা কেন্দ্ৰৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে এনআইএলআইটিয়ে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলক উদ্যোগসম্পৰ্কীয় জ্ঞান আৰু সামৰ্থ্যৰে সবল কৰি তুলিবলৈ সক্ষম হৈছে।
(Release ID: 2090018)
Visitor Counter : 50