তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

সুশাসন দিৱস

এটোপাল পানীৰে জীৱনক সমৃদ্ধ কৰা

Posted On: 25 DEC 2024 11:31AM by PIB Guwahati

ঘৰৰ নতুন টেপৰ পৰা পৰিষ্কাৰ পানী ওলাই অহা দেখি  মুস্কান নামৰ কণমানি ছোৱালী এজনীয়ে আনন্দত হাত চাপৰি বজাবলৈ ধৰিছিল । কি যে আনন্দ। ডামহেদী গাঁৱত নলৰ পানীৰ ব্যৱস্থা হোৱাৰ পিছৰে পৰা  গাঁওখনৰ বাসিন্দাসকলৰ জীৱনলৈ  কেতিয়াও কল্পনা নকৰা ধৰণে  পৰিৱতন আহিছে । সেই নলৰ পানী দেখি আৱেগত  আপ্লুত হৈ পৰা  কণমানি মুস্কানৰ   মাকেও  টেপৰ পানী পোৱাৰ আনন্দতে   সৰুসুৰাকৈ এটা অনুষ্ঠানৰো আয়োজন কৰিলে।  । দৰাচলতে এয়া গাওঁবাসীৰ বাবে  আছিল মৰ্যাদা, স্বাস্থ্যৰ নিশ্চিতি  আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰে এক প্ৰতীক। মুস্কানৰ বাবে ইয়াৰ অৰ্থ আছিল তাই মাকক পানীৰ বাবে আমনি নকৰাকৈ খেলিব পাৰিব। মাকৰ বাবে ইয়াৰ অৰ্থ আছিল সময় ৰাহি আৰু সন্তানৰ বাবে দূষি পনীয়ে কৰিব পৰা স্বাস্থ্যৰ চিন্তা কমি যোৱা । ঘৰ এখনলৈ পানী বৈ অহাৰ এই সৰল কথাটোৱে  সুশাসনে কেনেকৈ মানুহৰ  জীৱনক উন্নীত কৰিব পাৰে তাকেই প্ৰতীয়মান কৰিছে।

এই পৰিৱৰ্তনে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী উপলক্ষ্যে প্ৰতি বছৰে ২৫ ডিচেম্বৰত পালন কৰা সুশাসন দিৱসৰ তাৎপৰ্যকো প্ৰতিফলিত কৰিছে। এই বিশেষ দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে শাসন ব্যৱস্থা কেৱল প্ৰশাসনৰ কথা নহয়, প্ৰতিজন নাগৰিকৰ জীৱন উন্নত কৰাৰ সৈতে জড়িত হৈ থকা ই এক বিষয় । মাননীয় বাজপেয়ীৰ নেতৃত্বই সুশাসনৰ নীতিৰ উদাহৰণ দাঙি ধৰিছিল, যিয়ে জবাবদিহিতা, স্বচ্ছতা  আৰু সৰ্বাংগীন বিকাশৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছিল।

 

এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি চৰকাৰে প্ৰতি বছৰে ১৯ৰ পৰা ২৫ ডিচেম্বৰলৈকে সুশাসন সপ্তাহ উদযাপন কৰি আহিছে। চৰকাৰে এনেদৰে স্বচ্ছ, ফলপ্ৰসূ, আৰু জবাবদিহি শাসনৰ প্ৰতি নিজৰ দায়বদ্ধতাক শক্তিশালী কৰি আহিছে । সপ্তাহজোৰা এই উদযাপনৰ লক্ষ্য হৈছে জিলাৰ পৰা গাঁওলৈকে সুশাসনৰ ধাৰণা বিয়পাই দিয়া, শাসন ব্যৱস্থাক  স্বচ্ছ কৰি তোলা,  শাসন ব্যৱস্থাক ফলপ্ৰসূ আৰু জবাবদিহি হোৱাটো নিশ্চিত কৰা। বিভিন্ন কাৰ্যসূচীৰ  জৰিয়তে চৰকাৰে  জনসাধাৰণৰ জীৱনক সঁচা অৰ্থত উন্নীত কৰা শাসন ব্যৱস্থা প্ৰদানৰ প্ৰতি নিজৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি আহিছে। 

শাসন ​​ব্যৱস্থাৰ মূলতে  সিদ্ধান্ত গ্ৰহণ আৰু সেই সিদ্ধান্তসমূহ    কাৰ্যকৰী কৰাটো নিশ্চিত কৰাটো প্ৰয়োজনীয় কথা।  ইয়াৰ ফলত যাতে সমাজৰ উপকাৰ হয়। সুশাসনৰ ধাৰণাটোৱে অৱশ্যে অধিক গভীৰলৈ শিপাই  অংশগ্ৰহণ, সমতা আৰু বহনক্ষমতাৰ বিষয়তো গুৰুত্ব আৰোপ কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ মতে সুশাসনৰ আঠটা প্ৰধান বৈশিষ্ট্য আছে: ই অংশগ্ৰহণমূলক, সহমতমুখী, জবাবদিহি, স্বচ্ছ, সঁহাৰি জনোৱা, ফলপ্ৰসূ, সমতাপূৰ্ণ আৰু সৰ্বাংগীন বৈশিষ্ট্যৰ হোৱা উচিৎ।  এই সকলোবোৰ আইনৰ শাসন মানি চলি সম্পন্ন হোৱা দৰকাৰী। এই ব্যাপক কাঠামোৱে নিশ্চিত কৰে যে আটাইতকৈ দুৰ্বল লোকসকলৰ  কণ্ঠও  যাতে সকলোৱে  শুনিব পাৰে   আৰু বৰ্তমান  তথা  ভৱিষ্যত উভয় সময়ৰ প্ৰয়োজনীয়তা পূৰণ  কৰিবলৈ সিদ্ধান্ত  গ্ৰহণ কৰিব পৰা যায়।

 

সুশাসনৰ ধাৰণা ভাৰতীয় পৰম্পৰাত গভীৰভাৱে নিহিত হৈ আছে। প্ৰাচীন ভাৰতত ৰজাসকল ৰাজধৰ্মৰ দ্বাৰা বান্ধ খাই আছিল, শাসন ব্যৱস্থাৰ  নৈতিক নীতি তেোঁলোকে পালন কৰিছিল। মহাভাৰত আৰু ৰামায়ণৰ দৰে মহাকাব্যত এজন আদৰ্শ শাসকৰ গুণৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে।  ন্যায়, ন্যায়পৰায়ণতা, জনসাধাৰণৰ কল্যাণৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে। এই যুগ যুগ ধৰি চলি অহা নীতিবোৰে আজিও আমাৰ শাসন ব্যৱস্থাত  অনুৰণিত হৈ আছে। এইবোৰে  আমাক সোঁৱৰাই দিয়ে যে শাসন ব্যৱস্থাই সদায় সততা আৰু মমতাৰে সেৱা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখিব লাগিব। সামাজিক ন্যায়ৰ সৈতে সংগতি ৰাখি শাসন ব্যৱস্থাই সমাজৰ দুৰ্বল শ্ৰেণীসমূহৰ বাবে কেনেকৈ প্ৰকৃত  লাভ কঢ়িয়াই আনিব পাৰে, সেই কথা  প্ৰতিফলিত কৰিব লাগে।  লক্ষ্যণীয় কথাটো হল এই কালজয়ী মূল্যবোধৰ আধুনিক প্ৰকাশ হৈছে জল জীৱন অভিযান।

২০১৯ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন মিছন ঘোষণা কৰিছিল তেতিয়া পৰিস্থিতি জটিল হৈ আছিল।   মাত্ৰ ১৭% গ্ৰাম্য পৰিয়ালতহে টেপৰ পানীৰ সংযোগ আছিল, যাৰ ফলত ১৫ কোটিৰো অধিক পৰিয়ালে পানীৰ বাবে বাহ্যিক উৎসৰ ওপৰত নিৰ্ভৰশীল হৈ  থাকিবলগীয়া হৈছিল । এয়া পানীৰ সংকটত ভুগি থকা অঞ্চলত এক   দৈনন্দিন সংগ্ৰাম হৈ পৰিছিল । এই আঁচনিৰ অধীনত  ১২ কোটিৰো অধিক টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে, যাৰ ফলত ২০২৪ চনৰ ২৩ ডিচেম্বৰলৈকে সমগ্ৰ দেশতে মুঠ ১৫.৩৮ কোটি পৰিয়ালত টেপৰ পানীৰ সংযোগ  স্থাপন কৰা হৈছে। যি হৈ পৰিছে লাখ লাখ পৰিয়ালৰ  বাবে আশাৰ ৰেঙনি।

 

স্বচ্ছতা আৰু সঁহাৰি হৈছে জল জীৱন অভিযানৰ সফলতাৰ অবিচ্ছেদ্য অংগ। টেপৰ পানী সংযোগৰ অগ্ৰগতিৰ বাস্তৱ সময়ৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ, যিয়ে বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু সম্পদসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰিছে। বিভিন্ন সমজুৱা   সভা আদিয়ে  অভিযোগসমূহৰ সমাধান আৰু কামৰ মান  নিৰীক্ষণ কৰিবলৈ মঞ্চ প্ৰদান কৰিছে। স্বচ্ছতা আৰু জবাবদিহিতাৰ নীতিৰ প্ৰতি এই আনুগত্য সুশাসনৰ এক প্ৰতীক হিচাবে পৰিগণিত হৈছে।  যিয়ে নাগৰিকসকলক তেওঁলোকৰ কণ্ঠ আনে শুনাৰ সুবিধা দিছে আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ হোৱাটো নিষ্টিত কৰিছে।

 

নলৰ পানীৰ তাৎক্ষণিক সুবিধাৰ বাহিৰেও জল জীৱন অভিযানৰ প্ৰভাৱ বিস্তৃতভাবে পৰা পৰিলক্ষিত হৈছে। মহিলাসকলৰ বাবে ইয়াৰ অৰ্থ হ’ল পানী আনিবলৈ  খৰচ কৰা ঘণ্টাৰ পিছত ঘণ্টাৰ সময়ৰ অপচয়ৰ  পৰা মুক্তি, শিক্ষা, জীৱিকা অৰ্জন  বা জিৰণিৰ বাবে সময়  পোৱা আদি। শিশুৰ বাবে ই পানীজনিত ৰোগ হ্ৰাস কৰি উন্নত স্বাস্থ্য নিশ্চিত কৰিছে আৰু শিশুসকলক  শিক্ষা  তথা  খেলা-ধূলাত মনোনিৱেশ কৰিবলৈ সুবিধা দিছে । এই উন্নতিসমূহে ইংগিত দিয়ে যে সুশাসনে কেনেকৈ মানৱ জীৱনৰ আন্তঃসংলগ্ন দিশসমূহক উন্নত কৰি তুলিছে।

 

এই অভিযানৰ মূলতে আছে সমতা আৰু অন্তৰ্ভুক্তিৰ নীতি। জনজাতীয় অঞ্চল আৰু সমাজৰ প্ৰান্তীয় স্তৰৰ জনগোষ্ঠীসমূহৰ মাজত , য’ত বিশুদ্ধ পানীৰ সুবিধা এসময়ত  সপোনৰো অগোচৰ  আছিল, তাত জল জীৱন মিছন সবলীকৰণৰ প্ৰতীক হৈ পৰিছে। বিশুদ্ধ পানীৰ সুবিধাৰ দৰে এটা মৌলিক বিষয়ক অগ্ৰাধিকাৰ দি চৰকাৰে সৱলীকৰণ আৰু সমতাৰ আহিলা হিচাপে শাসন ব্যৱস্থাৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব পাৰিছে। এই পদক্ষেপে সুশাসনৰ নীতিত শিপাই থকা নেতৃত্বই কেনেকৈ   পৰিৱৰ্তনক অনুপ্ৰাণিত কৰিব পাৰে তাৰেই  উদাহৰণ দাঙি ধৰিছে।

জীৱন উন্নত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা কেৱল জল জীৱন মিছনতে সীমাবদ্ধ  হৈ থকা নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই), প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই), আৰু আয়ুষ্মান ভাৰত আদিৰ দৰে আঁচনিসমূহে জনসাধাৰণৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণৰ আহিলা হৈ পৰিছে। সুলভ মূল্যৰ গৃহ আৰু আৰ্থিক সাহায্য নিশ্চিত কৰাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য বীমা প্ৰদান আৰু উদ্যোগীকৰণক প্ৰসাৰিত  কৰালৈকে এই পদক্ষেপসমূহে   সুশাসনে কেনেদৰে অন্তৰ্ভুক্ত উন্নয়নৰ পথ সৃষ্টি  সেই কথাই প্ৰতিফলিত কৰিছে।

 

মুস্কানৰ হাঁহিৰে  তাইৰ ঘৰখন ভৰি পৰাৰ কথাই  সুশাসনে সাধাৰণ জনতাৰ  কি লাভ সাধন কৰিব পাৰে তাৰেই  এক শক্তিশালী উদাহৰণ দাঙি ধৰিছে। এই সুশাসনৰ লক্ষ্য হৈছে  প্ৰতিজন নাগৰিকৰ জীৱন উন্নত কৰা। এই সুশাসন দিৱসত জল জীৱন মিছনে শুনা, সঁহাৰি জনোৱা, উত্থাপন কৰাৰ দৰে  শাসনৰ এক উজ্জ্বল উদাহৰণ হিচাপে চিহ্নিত হৈছে। ৰাজধৰ্মৰ কালজয়ী আদৰ্শ আৰু সৰ্বাংগীন উন্নয়নৰ দৃষ্টিভংগীৰ অনুৰণন ঘটোৱা আশা, প্ৰগতি তথা  সকলোৰে বাবে মৰ্যাদাৰ প্ৰতিশ্ৰুতিৰ কাহিনী হৈ ই ধৰা দিছে।

 

 

 

তথ্যসূত্ৰ:

 

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2021/sep/Jal%20Jeevan%20Eng.pdf

https://www.unescap.org/sites/default/files/good-governance.pdf

https://ejalshakti.gov.in/jjmreport/JJMIndia.aspx


(Release ID: 2087994) Visitor Counter : 5


Read this release in: English , Urdu , Hindi , Tamil , Telugu