নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিব্ৰুগড়ত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ এশ বছৰীয়া জয়ন্তী উপলক্ষে সৰ্বানন্দ সোণোৱালৰ শ্ৰদ্ধাঞ্জলি

সুশাসন আৰু মানুহৰ কল্যাণৰ প্ৰতি বাজপেয়ীৰ অটল সমৰ্পণৰ কথা স্মৰণ কৰিছোঁ

বাজপেয়ীৰ নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ মাজত কৰিলে তুলনা

এখন সমৃদ্ধিশালী দেশৰ বাবে বাজপেয়ীৰ সৰলতা, সেৱা আৰু ত্যাগৰ মূল্যবোধক অব্যাহত ৰাখিবলৈ ভাৰতৰ যুৱক-যুৱতীসকলক আহ্বান জনালে সোণোৱালে

Posted On: 25 DEC 2024 8:01PM by PIB Guwahati

ভাৰত ৰত্ন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে  কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ  সাংসদ শ্ৰীযুত সৰ্বানন্দ সোণোৱালে  ডিব্ৰুগড়ৰ হাতীমুৰাৰ  তৰুণ সংঘৰ   খেলপথাৰত আয়োজিত এখন প্ৰাৰ্থনা সভাত প্ৰয়াত নেতাগৰাকীৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সভাত ভাষণ দি শ্ৰী সৰ্বানন্দ সোণোৱালে বাজপেয়ীৰ নেতৃত্বৰ গুণসমূহৰ বিষয়ত  আলোকপাত কৰি কয়, “অটলজী আছিল এজন মহান নেতা , যিয়ে আমাক ঐক্য, সেৱা, নিষ্ঠা আৰু মানৱতাৰ মূল্যবোধ শিকাইছিল। তেওঁৰ দৃষ্টান্তমূলক নেতৃত্বই আমাৰ বাবে অদম্য দায়বদ্ধতাৰে দেশখনক সেৱা কৰাৰ বাট মুকলি কৰি দিলে। ভাৰতৰ ভৱিষ্যতক শক্তিশালী কৰাৰ অৰ্থে  কাম কৰাৰ সময়ত তেওঁৰ আদৰ্শই আমাক অনুপ্ৰাণিত কৰি আহিছে।”

শ্ৰী সোণোৱালে বাজপেয়ীৰ সুশাসন আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি অদম্য সমৰ্পনৰ মনোভাবক  স্মৰণ কৰি লগতে কয়, “সুশাসনৰ নীতিৰ প্ৰতি অটলজীৰ দায়বদ্ধতাই জনসাধাৰণৰ হৃদয় জয় কৰিছিল। তেওঁৰ নেতৃত্বই শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰতৰ সৃষ্টিত অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ পদাংক অনুসৰণ কৰিয়েই আমি আগবাঢ়িব লাগিব, যাতে জনসাধাৰণৰ কল্যাণ আমাৰ প্ৰচেষ্টাৰ মূল বিষয় হৈ  থাকে।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাজপেয়ীৰ নেতৃত্ব আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ মাজতো তুলনা কৰে।শ্ৰী সোণোৱালে কয় ‘বাজপেয়ী জীৰ উত্তৰাধিকাৰ অনুসৰণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভাৰতত সুশাসনৰ পৰিৱেশ সৃষ্টি কৰিছে। তেওঁৰ নেতৃত্বত ভাৰত বিশ্বজুৰি  লক্ষ্যণীয় উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে  , এতিয়া বিশ্বই গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত  পথ প্ৰদৰ্শনৰ বাবে আমাৰ ফালে দৃষ্টি নিবদ্ধ কৰি আছে ।’

২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰশীল উন্নত ভাৰত কৰি তোলাৰ  দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ বাবে   সামূহিক প্ৰচেষ্টা অব্যাহত ৰাখিবলৈয়ো তেওঁ  আহ্বান জনায়। তেওঁ কয়-  “বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নাগৰিক হিচাপে বাজপেয়ী জীৰ আদৰ্শক আগুৱাই নিয়াৰ দায়িত্ব আমাৰ আছে— শান্তি, সমৃদ্ধি আৰু ‘বসুধৈৱ কুটুম্বকম’ নীতি, য’ত জগতখন এক পৰিয়াল বুলি ভবা হয়, সেয়া আমি বাস্তৱায়িত কৰিব লাগিব।”

শ্ৰী সোণোৱালে ৰাজনীতিত প্ৰকৃত সুখ নিস্বাৰ্থভাৱে জনসাধাৰণৰ সেৱা কৰাৰ পৰাই আহে বুলি বাজপেয়ীৰ বিশ্বাসৰ বিষয়েও কয়।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়  ‘বাজপেয়ী জীয়ে বিশ্বাস কৰিছিল যে ৰাজনীতিত ভাল কামৰ জৰিয়তে জনসাধাৰণৰ মনত  আনন্দ আৰু সুখৰ ঢল বোৱাব পাৰি। তেওঁৰ জীৱন এই দৰ্শনৰেই  এক  প্ৰমাণ আছিল  আৰু আমি সকলোৱে তেওঁৰ এই সৰলতা আৰু জনসেৱাৰ প্ৰতি প্ৰদৰ্শন কৰা নিষ্ঠাক আকোৱালি ল’ব লাগিব।’

এই অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড়ৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ  উজ্জ্বল ফুকনকে ধৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল ।

শ্ৰী সোণোৱালে ভাৰতৰ যুৱক-যুৱতীসকলক এখন  সমৃদ্ধিশালী দেশৰ  সন্ধান কৰোতে  বাজপেয়ীৰ সৰলতা, সেৱা, আৰু ত্যাগৰ মূল্যবোধৰ ধাৰা অব্যাহত  ৰাখিবলৈ  আহ্বান জনায়। ভাষণৰ  সামৰণিত তেওঁ কয়   ‘জাতিৰ প্ৰতি সমৰ্পণৰ জৰিয়তেহে আমি অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সঁচা অৰ্থত সন্মান জনাব  পাৰিম।’


(Release ID: 2087993) Visitor Counter : 46
Read this release in: English , Urdu , Hindi