স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী জেপি নাড্ডাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ১০০ দিনীয়া তীব্ৰতৰ টিবি নিৰ্মূল অভিযান সন্দৰ্ভত বৈঠক

অভিযানৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ, অন্যান্য মন্ত্ৰালয় আৰু বিভাগসমূহক জড়িত কৰিবলৈ, আৰু সম্প্ৰদায়ৰ সংগঠন নিশ্চিত কৰিবলৈ বিধানসভা আৰু পৰিষদৰ সদস্যসকলৰ লগতে পিআৰআইসমূহৰ সমৰ্থনক উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰীসকলক সমৰ্থন কৰিবলৈ আহ্বান জনায়

২০১৫ চনৰ পৰা ২০২৪ চনলৈ ভাৰতত টিবি হ্ৰাসৰ হাৰ ১৭.৭% যিটো বিশ্বৰ গড় ৮.৩%তকৈ দুগুণ: শ্ৰী জেপি নাড্ডা

“বিগত ১০ বছৰত ভাৰতত টিবিত হোৱা মৃত্যুৰ সংখ্যা যথেষ্টভাৱে ২১.৪% হ্ৰাস পাইছে”

“ৰাজ্যসমূহত ইতিমধ্যে প্ৰায় দুমাহৰ টিবি ঔষধৰ মজুত আছে, কেন্দ্ৰই ৰাজ্যসমূহত উপলব্ধ কমেও ৬ মাহৰ টিবি ঔষধৰ আগতীয়া মজুত নিশ্চিত কৰাৰ দিশত কাম কৰি আছে”

৩৪৭খন চিনাক্তকৃত অগ্ৰাধিকাৰ জিলাত ১০০ দিনীয়া এই অভিযান ৰূপায়ণ কৰা হৈছে য’ত ব্যাপক আৰু নতুন ৰোগীকেন্দ্ৰিক সেৱা আগবঢ়োৱা হৈছে

Posted On: 21 DEC 2024 6:11PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই আজি ইয়াত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চলি থকা ১০০ দিনীয়া তীব্ৰ টিবি নিৰ্মূল অভিযানৰ প্ৰতি তেওঁলোকৰ সহায়ৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰী/এলজি আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত প্ৰতাপৰাও জাধৱে ভাৰ্চুৱেলি সভাত যোগদান কৰে। মুখ্যমন্ত্ৰী/এলজি আৰু স্বাস্থ্যমন্ত্ৰীসকলক এই অভিযানৰ আভাস, ইয়াৰ উদ্দেশ্য, গ্ৰহণ কৰা মূল কৌশলগত কাম-কাজ, আৰু অভিযানৰ সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰা হয়।

বৈঠকত উপস্থিত থকা ৰাজ্যিক মন্ত্ৰীসকলৰ ভিতৰত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ; মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ; গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল; ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজন লাল শৰ্মা; ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহা; উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী; শ্ৰী সত্য কুমাৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী (অন্ধ্ৰ প্ৰদেশ); শ্ৰী বিয়ুৰাম ৱাহগে, স্বাস্থ্য মন্ত্ৰী (অৰুণাচল প্ৰদেশ); শ্ৰী অশোক সিংঘাল, স্বাস্থ্যমন্ত্ৰী (অসম); শ্ৰীমতী আৰ্তি ৰাও, স্বাস্থ্যমন্ত্ৰী (হাৰিয়ানা); শ্ৰীমতী চাকীনা ইটো, স্বাস্থ্য মন্ত্ৰী (জম্মু আৰু কাশ্মীৰ); ডাঃ (কৰ্ণেল) ধনী ৰাম শণ্ডিল, স্বাস্থ্যমন্ত্ৰী (হিমাচল প্ৰদেশ); শ্ৰী বিশ্বজিৎ পি ৰানে, স্বাস্থ্য মন্ত্ৰী (গোৱা); শ্ৰী দীনেশ গুণ্ডু ৰাও, স্বাস্থ্য মন্ত্ৰী (কৰ্ণাটক); শ্ৰী পি পাইৱাং কন্যাক, স্বাস্থ্য মন্ত্ৰী (নাগালেণ্ড); ডাঃ মুকেশ মহলিং, স্বাস্থ্যমন্ত্ৰী (ওড়িশা); ডাঃ বলবীৰ সিং, স্বাস্থ্য মন্ত্ৰী (পাঞ্জাব); শ্ৰীমতী বীনা জৰ্জ, স্বাস্থ্য মন্ত্ৰী (কেৰালা); শ্ৰী মা. সুব্ৰমণিয়াম, স্বাস্থ্য মন্ত্ৰী (তামিলনাডু); শ্ৰী ইৰফান আনছাৰী, স্বাস্থ্যমন্ত্ৰী (ঝাৰখণ্ড); শ্ৰী দামোদৰ ৰাজনৰসিংহ, স্বাস্থ্য মন্ত্ৰী (তেলেংগানা); শ্ৰীমতী মেজেল আম্পাৰিন লিংডো, স্বাস্থ্য মন্ত্ৰী (মেঘালয়); স্বাস্থ্য মন্ত্ৰী (মিজোৰাম) শ্ৰী পি লালৰিনপুই আৰু শ্ৰম মন্ত্ৰী (দিল্লী) শ্ৰী ৰমাকান্ত গোস্বামী।

শ্ৰী নাড্ডাই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰাজ্য পৰ্যায়ত এই অভিযান নিৰীক্ষণ কৰিবলৈ আহ্বান জনায় আৰু জিলা পৰ্যায়ৰ ৰাজনৈতিক আৰু প্ৰশাসনিক নেতৃত্বইও একে কাম কৰাটো নিশ্চিত কৰে। তেওঁ পৰামৰ্শ আগবঢ়ায় যে সমগ্ৰ চৰকাৰী পন্থা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰহণ কৰা পন্থাৰ দৰেই জন ভাগীদাৰীৰ মনোভাৱেৰে প্ৰচাৰ কাৰ্যসূচীত সহায় কৰিবলৈ অন্যান্য মন্ত্ৰালয় আৰু বিভাগসমূহক একেলগ কৰি ল’ব পাৰি। লগতে নিৰ্বাচিত প্ৰতিনিধি, বিশেষকৈ বিধানসভা আৰু পৰিষদৰ সদস্যসকলৰ লগতে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহকো জড়িত কৰি জনগোষ্ঠীসমূহক সংগঠিত কৰাত সহায় কৰিবলৈ তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনায়।

শ্ৰী নাড্ডাই আলোকপাত কৰে যে ২০১৫ চনৰ পৰা ২০২৪ চনলৈ ভাৰতত টিবি হ্ৰাসৰ হাৰ ১৭.৭% যিটো বিশ্বৰ গড় ৮.৩%তকৈ দুগুণ। তেওঁ লগতে জনাইছে যে ভাৰতত বিগত ১০ বছৰত টিবি ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ২১.৪% যথেষ্ট হ্ৰাস পাইছে।

টিবি নিৰ্মূলৰ দিশত লাভ কৰা সাফল্যৰ বাবে ৰাজ্যিক মন্ত্ৰীসকলক কৃতিত্ব প্ৰদান কৰি,কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অভিযানৰ প্ৰতি আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ৰোগীৰ সক্ৰিয় টিবি পৰীক্ষণ, স্ক্ৰীনিং আৰু নিদানৰ বাবে টেষ্ট, ট্ৰেক আৰু ডায়েগনষ্টিকছৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি নিজ নিজ ৰাজ্যৰ চিনাক্তকৃত জিলাসমূহত এই অভিযান সক্ৰিয়ভাৱে নিৰীক্ষণ কৰিবলৈ গণ্যমান্য ব্যক্তিসকলক আহ্বান জনায়। ৰাজ্যিক মন্ত্ৰীসকলে টিবি অভিযানৰ ক্ষেত্ৰত যি সমৰ্থন আগবঢ়াব পাৰে তাৰ ওপৰত আলোকপাত কৰি তেওঁ তেওঁলোকক তেওঁলোকৰ সভা-সমাৱেশত এই অভিযানক প্ৰচাৰ কৰিবলৈ অনুৰোধ জনায় আৰু লগতে তেওঁলোকক নি-ক্ষয়মিত্ৰ হিচাপে টিবি ৰোগীক গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যসমূহত ইতিমধ্যে প্ৰায় দুমাহৰ টিবি ঔষধৰ মজুত আছে আৰু ৰাজ্যসমূহত উপলব্ধ কমেও ৬ মাহৰ টিবি ঔষধৰ আগতীয়া মজুত নিশ্চিত কৰাৰ দিশত কেন্দ্ৰই কাম কৰি আছে বুলি উল্লেখ কৰে। তেওঁ নিজৰ ভাষণৰ সামৰণিত সকলো অংশীদাৰক টিবি শেষ কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰিবলৈ উৎসাহিত কৰে।

এই অনুষ্ঠানত সমগ্ৰ দেশৰ ৩৪৭খন অগ্ৰাধিকাৰ জিলাত টিবিৰ প্ৰাদুৰ্ভাৱ আৰু টিবিৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে ১০০ দিনীয়া অভিযানৰ এক আভাস দাখিল কৰা হয়। জনোৱা হৈছিল যে ধৰা পেলোৱা বৃদ্ধিৰ বাবে উন্নত পৰীক্ষা আৰু নিদান প্ৰযুক্তি ব্যৱহাৰ কৰি ৰোগ নিৰ্ণয় আৰু চিকিৎসা আৰম্ভ কৰাৰ পলম হ্ৰাস কৰিবলৈ তীব্ৰ কেছ ফাইণ্ডিং ড্ৰাইভ চলোৱা হ’ব। সমান্তৰালভাৱে টিবিৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ এই কাৰ্যসূচীয়ে উচ্চ বিপদজনক ৰোগীৰ বাবে বিশেষ যত্ন আৰু নি-ক্ষয়পোষণ যোজনাৰ জৰিয়তে বৃদ্ধি পোৱা পুষ্টিৰ সহায় আগবঢ়াবলৈ ডিফাৰেন্সিয়েটেড টিবি কেয়াৰৰ দৰে নতুন পদক্ষেপৰ সুবিধা সম্প্ৰসাৰণ কৰিব।

অগ্ৰগতি নিৰীক্ষণৰ বাবে ৮০ হাজাৰৰো অধিক নিক্ষয়শিবিৰকে ধৰি প্ৰচাৰৰ সময়ত গ্ৰহণ কৰিবলগীয়া বিভিন্ন সম্প্ৰদায় সংগঠনৰ কাৰ্য্যকলাপৰ বিষয়েও ৰাজ্য মন্ত্ৰীসকলক অৱগত কৰা হয়। জন ভাগীদাৰী পদ্ধতিৰ ওপৰত নিৰ্মাণ কৰি এই অভিযানৰ লক্ষ্য হৈছে সম্প্ৰদায়ৰ সদস্যসকলক নি-ক্ষয়শাপথ গ্ৰহণ কৰিবলৈ সংগঠিত কৰা, সম্প্ৰদায়ৰ নেতা, ব্যক্তি, বেচৰকাৰী সংস্থা আৰু কৰ্পৰেটসমূহক নি-ক্ষয়মিত্ৰ হ’বলৈ আহ্বান জনোৱা। ইয়াৰ সমান্তৰালভাৱে টি বি বিজায়েটাছ (টিবি চেম্পিয়ন) আৰু নি-ক্ষয়মিত্ৰসকলক তেওঁলোকৰ অৱদানৰ বাবে স্বীকৃতি দিয়া হ’ব যিয়ে সামূহিক কাৰ্য্যক আৰু অধিক অনুপ্ৰাণিত কৰিব। শেষত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ সদস্যসকলৰ জড়িততা অতি জটিল হ’ব আৰু অত্যাৱশ্যকীয় টিবি সেৱা গ্ৰহণ নিশ্চিত কৰাৰ লগতে সমাজ সজাগতা বৃদ্ধিৰ বাবে টিবি সম্পৰ্কীয় নিয়মীয়া গ্ৰামসভাৰ আয়োজন কৰা হ’ব।

 

মুখ্যমন্ত্রীসকলে টিবি অভিযানত কেন্দ্রীয় চৰকাৰৰ তীব্র প্রচেষ্টাৰ প্রশংসা প্রকাশ কৰাৰ লগতে টিবি নির্মূলৰ লক্ষ্যত উপনীত হোৱাৰ দিশত সহায় সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি প্রকাশ কৰে৷ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে টিবি সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনৰ জন জাগ্ৰুক্তা অভিযান সন্দৰ্ভত সবিশেষ ভাগ-বতৰা কৰাৰ লগতে টিবি ৰোগীক খাদ্যৰ টোপোলা যোগান ধৰাৰ ক্ষেত্ৰত ইয়াৰ নেতৃত্বৰ ভূমিকাক আলোকপাত কৰে। গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলেও টিবি পৰীক্ষা আৰু পৰীক্ষা সেৱা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। বিশিষ্ট ব্যক্তিসকলে টিবি অভিযানৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা আৰু অধিক ভাগ-বতৰা কৰি মূল্যৱান মতামত আৰু পৰামৰ্শ আগবঢ়ায়।

পৃষ্ঠভূমি:

এই অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা মুঠ ৫৩ লাখ দুৰ্বল ব্যক্তিৰ পৰীক্ষা কৰা হৈছে। ইয়াৰে ২.২১ লাখ ব্যক্তিৰ পৰীক্ষা কৰা হৈছে, যাৰ ফলত ২২,১৭৮ জন নতুন ৰোগীৰ ৰোগ ধৰা পৰিছে। নিক্ষয়পোষণ যোজনাৰ জৰিয়তে ১৭,৬২১ জন হিতাধিকাৰীয়ে প্ৰত্যক্ষ সুবিধা স্থানান্তৰ (ডিবিটি) লাভ কৰিছে, আৰু মুঠতে ১৬ লাখ হিতাধিকাৰীক বছৰটোত ৪১৬ কোটি টকা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও ১,৬৩০ নতুন নি-ক্ষয়মিত্ৰ পঞ্জীয়ন কৰা হয়, সামূহিকভাৱে প্ৰচাৰৰ সময়ছোৱাত ১২,০০০ৰো অধিক ৰোগীক দত্তক লোৱা হয়। সঞ্চিতভাৱে ১.৮ লাখ নি-ক্ষয়মিত্ৰই ৮.৬৩ লাখ ৰোগীক দত্তক লৈছে। এই অভিযানৰ সময়ছোৱাত ১৩,০৬৬ টা খাদ্যৰ টোপোলা বিতৰণ কৰা হয়, আৰু মুঠ ২২ লাখ খাদ্যৰ টোপোলা সঞ্চিতভাৱে বিতৰণ কৰা হৈছে।

এই উপলক্ষে শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱ, কেন্দ্ৰীয় স্বাস্থ্য সচিব; শ্ৰীমতী আৰাধনা পাটনায়ক, অতিৰিক্ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব; কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যসমূহৰ পৰা মিছন সঞ্চালকসকল উপস্থিত থাকে।

 

****

MV

HFW/HFM 100 Days TB Meeting with States/21December 2024/1/AA


(Release ID: 2086935) Visitor Counter : 11