উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি প্ৰকল্প
Posted On:
19 DEC 2024 3:50PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত প্ৰকল্পসমূহ অনুমোদন কৰি উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (এনইএছআইডিএছ), উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ (পিএম-দেৱিন) আঁচনি, উত্তৰ পূব পৰিষদৰ বিশেষ উন্নয়ন পেকেজ তথা আঁচনিৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ ইয়াৰ উপৰি, মৌলিক আন্তঃগাঁথনি উন্নয়ন আৰু উত্তৰ-পূব অঞ্চলত উন্নত পথ, ৰে'ল, পানী, টেলিকম আৰু বিমান সংযোগ প্ৰদানৰ বাবে ভাৰত চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ ত্বৰান্বিত পথ উন্নয়ন কাৰ্যসূচী, ৰে'ললাইনৰ ব্ৰদগজলৈ উন্নীতকৰণ আৰু মূলধন সংযোগী ৰে'ল প্ৰকল্প, ব্যাপক টেলিকম উন্নয়ন কাৰ্যসূচী, পৰিবহন আৰু বিতৰণ প্ৰণালী শক্তিশালী কৰাৰ আঁচনি ইত্যাদি।
লগতে ৫৪, টা ৰেহাই ৰহিত মন্ত্ৰালয়ক উত্তৰ-পূব অঞ্চলৰ বাবে বিশেষ আঁচনি/প্ৰকল্পৰ জৰিয়তে উত্তৰ-পূব অঞ্চলত তেওঁলোকৰ মুঠ বাজেটীয় সমৰ্থনৰ ১০%ব্যয় কৰাৰ নিৰ্দেশ দিয়া হৈছে।
ড’নাৰ মন্ত্ৰালয়ে ২০২১-২২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ আৰু চলিত বিত্তীয় বৰ্ষ২০২৪-২৫ বৰ্ষকে ধৰি বিগত তিনিটা বিত্তীয় বছৰত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (এনইএছআইডিএছ) অধীনত ৩৪১৭.৬৮ কোটি টকা ব্যয়ৰ ৯০ টা প্ৰকল্প মঞ্জুৰ কৰিছে। এন ই এছ আই ডি এছ-ৰ অধীনত অনুমোদিত প্ৰকল্পবোৰ উত্তৰ-পূব অঞ্চলৰ ৰাজ্য চৰকাৰে ৰূপায়ন কৰাৰ লগতে এই প্ৰকল্পসমূহ নিৰীক্ষণৰ প্ৰাথমিক দায়িত্ব সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ।
ড’নাৰ মন্ত্ৰালয়ে বিভিন্ন স্তৰত এনইএছআইডিএছ-ৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতিও নিবিড়ভাৱে নিৰীক্ষণ কৰে। এনইএছআইডিএছ-কে ধৰি সৈতে ড’নাৰ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ অধীনত চলি থকা প্ৰকল্পবোৰৰ নিয়মীয়া পৰিদৰ্শন আৰু নিৰীক্ষণৰ বাবে মন্ত্ৰালয়ে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যতে ক্ষেত্ৰ স্তৰৰ কাৰিকৰী সমৰ্থন গোট (এফটিএছইউ) স্থাপন কৰিছে। ইয়াৰ উপৰি, প্ৰকল্পৰ গুণগত মান নিৰীক্ষণ/ তৃতীয় পক্ষৰ কাৰিকৰী পৰিদৰ্শন (পিকিউএম/টিপিটিআই) সংস্থাসমূহক শেহতীয়াকৈ ড’নাৰ মন্ত্ৰালয়ৰ দ্বাৰা এই প্ৰকল্পসমূহ নিৰীক্ষণৰ বাবে নিযুক্ত কৰা হৈছে।
আজি ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে।
*****
SB/DP/ARJ/DD/ID
(Release ID: 2086091)
Visitor Counter : 8