নৌ-পৰিবহন মন্ত্ৰালয়
ভাৰতৰ সামুদ্ৰিক ঐতিহ্যক উজলাই তোলাৰ অৰ্থে কাইলৈ দিল্লী এন চি আৰত ভাৰত সামুদ্ৰিক ঐতিহ্য সন্মিলন উদ্বোধন কৰিব শ্ৰী সৰ্বানন্দ সোণোৱালে
এই অনুষ্ঠানটোৱে সামুদ্ৰিক ইতিহাস আৰু সংৰক্ষণ তথা গৱেষণাৰ অংশীদাৰিত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব , বিশ্বৰ ইতিহাসত ভাৰতৰ সামুদ্ৰিক অৱদানৰ বিষয়তো আলোকপাত কৰিব
Posted On:
10 DEC 2024 9:09PM by PIB Guwahati
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে প্ৰথম ভাৰত সামুদ্ৰিক ঐতিহ্য সন্মিলন ২০২৪ (IMHC) অনুষ্ঠিত কৰিবলৈ লৈছে। এই সন্মিলনৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বৰ বিশিষ্ট বক্তা, সামুদ্ৰিক বিশেষজ্ঞ আৰু চিন্তাশীল ব্যক্তিসকলক একত্ৰিত কৰি ভাৰতৰ নৌ পৰম্পৰাৰ বিষয়ে আলোচনা কৰা আৰু এই পৰম্পৰাৰ সফলতাক উদযাপন কৰা। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ড. মনসুখ মাণ্ডবিয়া, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি.কে. ৰামচন্দ্ৰন, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত নতুন দিল্লীত এই সন্মিলন উদ্বোধন কৰিব। নতুন দিল্লীত ২০২৪ চনৰ ১১ৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰথম ভাৰত সামুদ্ৰিক ঐতিহ্য সন্মিলনে ভাৰতৰ স্বকীয় সামুদ্ৰিক ঐতিহ্যক উজলাই তুলিব বুলি আশা কৰা হৈছে।
এই সন্মিলনৰ উদ্দেশ্য হৈছে ভাৰতৰ অতীতৰ সামুদ্ৰিক ঐতিহ্যৰ বিষয়ে অন্তৰ্দৃষ্টিসম্পন্ন অধিবেশন, আলোচনাচক্ৰ আদিৰ জৰিয়তে আলোকপাত কৰা। সন্মিলন খনে উপকূলীয় লোকসকলৰ জীৱন, বাণিজ্যৰ পথ আৰু তেওঁলোকৰ সাংস্কৃতিক তথা অৰ্থনৈতিক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সামুদ্ৰিক পৰিঘটনাসমূহৰ বিষয়ে আলোকপাত কৰা। এই সন্মিলনৰ লক্ষ্য হ’ব ভাৰতৰ জাহাজ নিৰ্মাণৰ অগ্ৰগতি , পৰিবহণ আৰু বাণিজ্যৰ অগ্ৰগতি আদিক প্ৰতিফলিত কৰা আৰু এনেবোৰ বিষয়ক দক্ষিণ-পূব এছিয়া, পশ্চিম এছিয়া, আফ্ৰিকা, ইউৰোপৰ লগতে আন বাহিৰৰ দেশসমূহৰ সৈতে সংযোগ কৰা। তদুপৰি এই সন্মিলনত কেনেকৈ লোথাল আৰু মুজিৰিছৰ দৰে প্ৰাচীন বন্দৰসমূহ বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ কেন্দ্ৰবিন্দু আছিল সেই বিষয়েও আলোকপাত কৰা হ’ব । ভাৰতৰ নৌ ঐতিহ্যই কিদৰে বৌদ্ধ ধৰ্মৰ দৰে দৰ্শন আৰু আয়ুৰ্বেদৰ দৰে প্ৰথা বিয়পাই দিছিল আৰু ভাৰতীয় নাবিকসকলে কেনেকৈ বতাহ আৰু উদ্ভাৱনী সঁজুলি ব্যৱহাৰ কৰি নৌ যাত্ৰাৰ পথ প্ৰদৰ্শক হৈ পৰি বিশ্বৰ সামুদ্ৰিক পথসমূহ গঢ় দিছিল সেই বিষয়েও আলোকপাত কৰা হ’ব। ।
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৱে বিশ্বৰ বিশেষজ্ঞ, গৱেষক, আৰু নৌ সেৱাৰ সৈতে জড়িতসকলক একত্ৰিত কৰি ভাৰতৰ ১০,০০০ বছৰীয়া সামুদ্ৰিক উত্তৰাধিকাৰ অন্বেষণ কৰিব। সামুদ্ৰিক সংস্কৃতিৰ আলমত ভাষা, সাহিত্য, শিল্প, আৰু স্থাপত্যৰ প্ৰভাৱৰ দৰে বৈচিত্ৰ্যপূৰ্ণ বিষয়সমূহকলৈও আলোচনা কৰা হ’ব। এই সন্মিলনত ভাৰতৰ উপকূলীয় ৰাজ্যসমূহৰ অনন্য পৰম্পৰা, খাদ্য, ক্ৰীড়া আৰু সাজ-পোছাক আদিও প্ৰদৰ্শন কৰা হ’ব।
এই সন্মিলনৰ বিষয়ে মন্তব্য কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আমাৰ চহকী সামুদ্ৰিক ঐতিহ্য কেৱল আমাৰ অতীতৰ কাহিনীৰেই সমৃদ্ধ নহয় , বৰঞ্চ আমাৰ ভৱিষ্যতৰ বাবেও সেইবোৰ এক গুৰুত্বপূৰ্ণ বিষয় । এই সন্মিলনৰ জৰিয়তে আমি আমাৰ মহাসাগৰসমূহৰ সংৰক্ষণ, বহনক্ষম সামুদ্ৰিক পদ্ধতিসমূহ আগুৱাই নিয়াৰ বাবে কৰা প্ৰচেষ্টা আৰু সামুদ্ৰিক উদ্ভাৱন তথা সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ দেশখনক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে স্থান দিয়াৰ বাবে আমাৰ দায়বদ্ধতাকো পুনৰ দৃঢ় কৰিছো৷ ভাৰতক “বিশ্বগুৰু” হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই সন্মিলন সামুদ্ৰিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক প্ৰসাৰিত কৰাত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। ইয়াৰ দ্বাৰা বিশ্বব্যাপী ভাৰতৰ সামুদ্ৰিক স্থিতি সবল কৰাই নহয়, সাগৰৰ সংৰক্ষণ , সাগৰীয় জৈৱ বৈচিত্ৰ্য আৰু দায়বদ্ধতাৰে সম্পদৰ ব্যৱহাৰৰ দৰে জটিল বিষয়সমূহতো সহযোগিতা লাভৰ প্ৰয়াস কৰা হ’ব।”
নতুন দিল্লীৰ যশোভূমিত দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনত প্ৰাচীন বাণিজ্যিক নেটৱৰ্কৰ পৰা আৰম্ভ কৰি সমসাময়িক সামুদ্ৰিক উন্নতিলৈকে বিভিন্ন বিষয়বস্তুৰ অন্বেষণ কৰিবলৈ ধাৰাবাহিক অধিবেশন অনুষ্ঠিত হ’ব। সন্মিলনৰ প্ৰথম দিনাটোতে লোথাল সংগ্ৰহালয়ত চিত্ৰিত ভাৰতৰ সামুদ্ৰিক ঐতিহ্য, প্ৰাচীন জাহাজ নেটৱৰ্ক আৰু মানৱ সংস্কৃতিত উপকূলীয় পৰিৱেশৰ প্ৰভাৱৰ দৰে বিষয়ত আলোচনা কৰা হ’ব। পেনেল আলোচনাত গ্ৰীক-বেক্ট্ৰিয়ান আৰু ৰোমান জগতৰ সৈতে ভাৰতৰ প্ৰাৰম্ভিক নৌ বাণিজ্য, সাগৰীয় পৌৰাণিক কাহিনী আৰু সামুদ্ৰিক বাণিজ্যক পুনৰ গঢ় দিয়াত ইউৰোপীয়সকলৰ কৌশলগত ভূমিকা আদিৰ বিষয়েও গভীৰভাৱে আলোকপাত কৰা হ’ব।
সন্মিলনৰ দ্বিতীয় দিনা ভাৰতীয় নৌশক্তিৰ বিৱৰ্তন, সামুদ্ৰিক ইতিহাসত চোলাসকলৰ অৱদান, পৰম্পৰাগত জাহাজ নিৰ্মাণ কৌশলৰ উন্নতিৰ দৰে বিষয়বস্তু সন্দৰ্ভত আকৰ্ষণীয় আলোচনা অনুষ্ঠিত কৰা হ’ব। এই আলোচনাসমূহত সাগৰমালা কাৰ্যসূচীৰ অধীনত লাইটহাউছৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু মাৰাঠা নৌসেনাৰ ঐতিহ্যৰ কথাও চৰ্চা কৰা হ’ব। এই কাৰ্যসূচীত চিলাই কৰা পদ্ধতিৰে নাও নিৰ্মাণৰ কৌশলৰ বিষয়ত বক্তৃতা তথা লোথালত আগন্তুক ৰাষ্ট্ৰীয় সামুদ্ৰিক সংগ্ৰহালয় স্থাপনৰ বিষয়তো আলোচনাৰ কৰা হ’ব। বিদ্যায়তনিক অন্তৰ্দৃষ্টি আৰু ব্যৱহাৰিক মনোযোগৰ ভাৰসাম্যৰে এই সন্মিলনে সামুদ্ৰিক সংৰক্ষণ তথা উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বত এক অৰ্থপূৰ্ণ আলোচনা পথ প্ৰশস্ত কৰিব ।
(Release ID: 2083292)
Visitor Counter : 16