প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী এছএম কৃষ্ণৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 10 DEC 2024 9:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছএম কৃষ্ণৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে তেওঁক কৰ্ণাটকৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপৰ বাবে পৰিচিত এগৰাকী নেতা হিচাপে প্ৰশংসা কৰে।

এক্সৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ

“এছএম কৃষ্ণজী এগৰাকী উল্লেখযোগ্য নেতা আছিল, তেওঁ সকলো শ্ৰেণীৰ লোকৰে প্ৰশংসাৰ পাত্ৰ আছিল। জনতাৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ অৰ্থে তেওঁ সদায় অক্লান্তভাৱে কাম কৰিছিল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্য্যকালৰ বাবে, বিশেষকৈ আন্তঃগাঁথনিৰ উন্নয়ন সাধনত গুৰুত্ব আৰোপৰ বাবে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এছএম কৃষ্ণজী এগৰাকী আগ্ৰহী পাঠক আৰু চিন্তাবিদো আছিল।”

“মই বিগত বছৰসমূহত এছএম কৃষ্ণ জীৰ সৈতে মত-বিনিময়ৰ একাধিক সুযোগ লাভ কৰিছোঁ আৰু সেই মুহূৰ্তবোৰৰ কথা মোৰ সদায় মনত থাকিব। মই তেখেতৰ মহা প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”

 

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2082750) आगंतुक पटल : 75
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam