নৌ-পৰিবহন মন্ত্ৰালয়
“শ্বহীদ দিৱস” উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
Posted On:
10 DEC 2024 2:18PM by PIB Guwahati
“শ্বহীদ দিৱস”ৰ পৱিত্ৰ ক্ষণত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নতুন দিল্লীস্থিত তেওঁৰ বাসগৃহত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাংসদ শ্ৰী ৰামেশ্বৰ তেলী আৰু শ্ৰী প্ৰদান বৰুৱা উপস্থিত থাকে।
ইয়াত শ্বহীদসকলৰ সৰ্বস্ব ত্যাগক স্মৰণেৰে শ্ৰী সোণোৱালে তেওঁলোকলৈ গভীৰ শ্ৰদ্ধা নিবেদনেৰে অসমৰ পৰিচয়, সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ গুৰুত্বৰ কথা দোহাৰে। তেওঁ কয়, “তেওঁলোকৰ ত্যাগৰ গাথা অমৰ হৈ থাকক, ভৱিষ্যৎ প্ৰজন্মক ন্যায় আৰু ঐক্যৰ আদৰ্শ অক্ষুণ্ণ ৰাখিবলৈ অনুপ্ৰাণিত কৰক।"
ভাৰতৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায় অসম আন্দোলনে অসমৰ জনসাধাৰণৰ প্ৰাণোচ্ছলতা আৰু আকাংক্ষাৰাজিৰ সাক্ষ্য বহন কৰি আহিছে। আন্দোলনটোৰ আদৰ্শৰাজিয়ে যাতে ভৱিষ্যৎ প্ৰয়াসক পথ-প্ৰদৰ্শন কৰি থাকে, সেয়া নিশ্চিতকৰণেৰে অসমৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে প্ৰচেষ্টা গ্ৰহণ অব্যাহত ৰখাৰ সংকল্পেৰে “শ্বহীদ দিৱস”ৰ কাৰ্য্যসূচীৰ সামৰণি পৰে।
*****
DS/AK/SB
(Release ID: 2082693)
Visitor Counter : 59