উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ পূৰ্বাঞ্চল গ্ৰাম্য জীৱিকা প্ৰকল্প
Posted On:
05 DEC 2024 4:06PM by PIB Guwahati
উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে (এমড’নাৰ) ৰূপায়ণ কৰা বিশ্ব বেংকৰ সাহায্য প্ৰাপ্ত প্ৰকল্প উত্তৰ-পূব গ্ৰাম্য জীৱিকা প্ৰকল্প (এনইআৰপি) ৩০.০৯.২০১৯ তাৰিখে সামৰণি পৰে। এই প্ৰকল্পৰ জৰিয়তে মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা ৪ ৰাজ্যৰ ১১ খন জিলাৰ ৫৮ টা উন্নয়ন ব্লকৰ অন্তৰ্গত ১,৬৪৫ খন গাঁৱত নিবনুৱা যুৱক-যুৱতী আৰু আত্মসহায়ক গোটৰ সদস্যসকলক চাকৰি নিয়োগ আৰু আত্মসংস্থাপনৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ, বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। মন্ত্ৰালয়ৰ ওচৰত উপলব্ধ তথ্য অনুসৰি প্ৰকল্পটোৰ মুখ্য কৃতিত্বসমূহ তলত দিয়া ধৰণৰ:
- ইয়াৰ জৰিয়তে ১০৪৬২ গৰাকী ল’ৰা-ছোৱালীক বিভিন্ন চাকৰিৰ দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।
- ২৮,১৫৪টা আত্মসহায়ক গোট (এছএইচজি) আৰু ১,২১২টা গাঁও ফেডাৰেচন গঠনৰ লগতে ১৫৯৯টা সামূহিক উন্নয়ন গোট (চিডিজি) গঠনৰ জৰিয়তে ২,৯২,৮৮৯টা পৰিয়াল সামৰি লোৱা হৈছিল।
- প্ৰকল্পটোৰ শেষত প্ৰকল্পটোৰ অধীনত গঠন হোৱা এছএইচজিসমূহৰ ৯৭% সদস্যৰ চেভিংছ বেংক একাউণ্ট আছিল আৰু ইয়াৰ সঞ্চিত সঞ্চয় আছিল ৬০.৫১ কোটি টকা। প্ৰকল্পটোৱে ২৮,১৫৪ এছএইচজিলৈ ৩১৯.১৫ কোটি টকাৰ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড (চিআইএফ) মুকলি কৰিছিল। মুঠ ৫,৫৩৫টা এছএইচজিয়ে বেংক লিংকেজৰ সুবিধা লাভ কৰিছিল আৰু মুঠ অনুমোদিত বেংক ঋণৰ পৰিমাণ আছিল ৫৮.১৯ কোটি টকা। বেংকৰ পৰা প্ৰতিটো এছএইচজিৰ গড় ঋণৰ পৰিমাণ আছিল ১.০২ লাখ টকা।
এই তথ্য আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড° সুকান্ত মজুমদাৰে প্ৰদান কৰে।
******
SB/DP/ARJ/AA
(Release ID: 2081249)
Visitor Counter : 24