iffi banner
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘দ্য ৰুষ্টাৰ:’ ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত এক অনন্য চিনেমেটিক অভিজ্ঞতা

“এই ছবিখন আন্ধাৰে আৱৰা ঠাইত পোহৰ বিচাৰি উলিওৱা আৰু আমাক সংজ্ঞায়িত কৰা সৰু সৰু মুহূৰ্তবোৰেৰে সমৃদ্ধ :” মাৰ্ক লিঅ’নাৰ্ড উইণ্টাৰ, পৰিচালক

‘ছবিখনৰ কাহিনীভাগ সাৰ্বজনীনভাৱে সকলোৰে মনত অনুৰণিত হয়, কাৰণ ই আমি সকলোৱে ভগাই লোৱা দুৰ্বলতাসমূহ প্ৰতিফলিত কৰে:’ হুগো ৱেভিং, মুখ্য অভিনেতা

“এই ছবিখন প্ৰেমৰ শ্ৰম আৰু ছবিখনৰ কাহিনীয়ে ভাৰতত দৰ্শকৰ হদয়তো অনুৰণিত হোৱা দেখি আমি ৰোমাঞ্চিত হৈছো”: জেৰাল্ডিন হাকেউইল, প্ৰযোজক

৫৫ সংখ্যক ভাৰতীয়  আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অষ্ট্ৰেলিয়াৰ ছবি দ্য ৰুষ্টাৰ প্ৰদৰ্শনৰ জৰিয়তে বিশ্বব্যাপী চিনেমাৰ উদযাপন অব্যাহত আছে। এইবাৰৰ উৎসৱত অষ্ট্ৰেলিয়াৰ চিনেমাৰ বিষয়ত বিশেষ গুৰুত্ব  আৰোপ কৰাৰ  অংশ হিচাপে দ্য  ৰুষ্টাৰ প্ৰদৰ্শন কৰা হয়। পৰিচালক আৰু লেখক মাৰ্ক লিঅ’নাৰ্ড উইণ্টাৰ, মুখ্য অভিনেতা হুগো ৱেভিং, প্ৰযোজক জেৰাল্ডিন ​​হাকেউইল আৰু মাহভিন শ্বাহৰাকীকে ধৰি ছবিখনৰ সৃষ্টিৰ সৈতে জড়িত  দলটোৱে মহোৎসৱত  ছবিখন নিৰ্মাণৰ অভিজ্ঞতা আৰু ইয়াৰ কাহিনী  বৰ্ণনাকলৈ  তেওঁলোকৰ অনুভৱ ব্যক্ত কৰে।

 

 

 

বৈশিষ্ট্যপূৰ্ণ ছবিত অভিষেক ঘটোৱা পৰিচালক মাৰ্ক লিঅ’নাৰ্ড উইণ্টাৰে ভাৰতীয় দৰ্শকৰ সন্মুখত ছবিখন উপস্থাপন কৰিব পৰাৰ  বাবে উৎসাহ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে, “এয়া আছিল এক অতি ব্যক্তিগত প্ৰকল্প, আমাৰ গেৰেজত এটা সৰু দলক লৈ  ছবিখন  নিৰ্মাণ কৰা হৈছিল। এতিয়া ভাৰতৰ এনে এক সন্মানীয় উৎসৱত ইয়াক উপস্থাপন কৰিব পৰাটো  সঁচাকৈয়ে এক  সন্মান।”

 

দ্য ৰুষ্টাৰত ডেন নামৰ এজন যুৱ আৰক্ষী বিষয়াৰ কাহিনী  চিত্ৰিত কৰা হৈছে,  যিয়ে নিজৰ প্ৰিয় বন্ধু ষ্টিভৰ মৃত্যুৰ পিছত হাবিলৈ গুছি যায়। হাবিত তেওঁ এজন  সন্ন্যাসীক লগ পায়,  যিয়ে হয়তো ষ্টিভৰ ৰহস্যময় মৃত্যুৰ উত্তৰ অৱগত কৰিব পাৰিছিল৷  ছবিখনে শোক, ক্ষতি আৰু জীৱনৰ অৰ্থৰ সংগ্ৰামৰ বিষয়বস্তুৰ মাজত গভীৰভাৱে সোমাই পৰিছে৷ নূন্যতম অথচ শক্তিশালী কাহিনী ৰ বৰ্ণনাৰ  জৰিয়তে ইয়াৰ চৰিত্ৰসমূহে  আৱেগিক গভীৰতাক অন্বেষণ কৰিছে।

 

 

ছবিখনৰ মুখ্য অভিনেতা হুগো ৱেভিঙে ছবিখনত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। ইয়াৰ পূৰ্বে ৱিণ্টাৰৰ সৈতে সহযোগিতা কৰা ৱেভিঙে ছবিখনত কৰা অভিনয়ৰ প্ৰক্ৰিয়াটোক উপভোগ্য আৰু গভীৰভাৱে অৰ্থপূৰ্ণ দুয়োটাই বুলি অভিহিত কৰে। তেওঁ কয়- ছবিখনত   অভিনয় কৰাটো আছিল এক  প্ৰত্যাহ্বানপূৰ্ণ কাম ,  কিন্তু অতুলনীয় অভিজ্ঞতাও।

 

প্ৰযোজক জেৰাল্ডিন ​​হাকেউইল আৰু মাহবীন শ্বাহৰাকীয়েও ছবিখনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে। হেকেউইলে ৱিণ্টাৰৰ অভিনেতাৰ পৰা পৰিচালকলৈ বিৱৰ্তনৰ যাত্ৰা সম্পৰ্কে  গৌৰৱ প্ৰকাশ কৰি কয়  , “মাৰ্কে চিত্ৰনাট্য আৰু পৰিচালনাৰ কামেৰে আমাৰ আশাক অতিক্ৰম কৰিলে। এই যাত্ৰাৰ অংশ হোৱাটো এক সৌভাগ্যৰ কথা আছিল।”

 

সংবাদমেলত আলোচিত আন এক উল্লেখযোগ্য দিশ আছিল ছবিখনৰ শব্দ ডিজাইন। পৰিচালক উইণ্টাৰে ছবিখনত শব্দৰ  উদ্ভাৱনীমূলক ব্যৱহাৰক প্ৰাথমিক উপাদান হিচাপে ব্যাখ্যা কৰে। “আমি বিচাৰিছিলো যে  শব্দ অভিযোজনা মানৱ অভিজ্ঞতাৰ সৈতে গভীৰভাৱে জড়িত হওক, কেৱল শব্দ  ব্যৱহাৰ কৰি আৱেগক উত্তেজিত কৰিব পৰা যাওক, আদিম শব্দৰ পৰা আৰম্ভ কৰি ঐশ্বৰিক সংগীতলৈকে। মানুহৰ কণ্ঠৰ এক অনন্য শক্তি আছে, আৰু সেই  শক্তিক ধৰি ৰখাটো আমাৰ বাবে অতি প্ৰয়োজনীয় আছিল।’-উইণ্টাৰে কয় ।

 

অষ্ট্ৰেলিয়াৰ চিনেমাৰ ভৱিষ্যত, স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান, আৰু চলচ্চিত্ৰ বিতৰণত ডিজিটেল প্লেটফৰ্মৰ ক্ৰমবৰ্ধমান ভূমিকা সম্পৰ্কে আলোচনাৰে সংবাদমেলৰ সামৰণি পৰে  । ছবিখনৰ সৃষ্টিৰ সৈতে জড়িত  দলটোৱে পৰিৱৰ্তিত প্ৰযুক্তিগত পৰিৱেশ যিয়েই নহওক কিয়, কাহিনী বৰ্ণনা কৰাৰ সাৰমৰ্ম বজাই ৰখাৰ দিশটোৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰে৷

 

৫৫ সংখ্যক আই এফ এফ আইয়ে চিনেমাৰ বৈচিত্ৰ্যময় প্ৰকাশভংগীক উদযাপন কৰি থকাৰ সময়তে দ্য ৰুষ্টাৰে স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণৰ শক্তি আৰু বিশ্বজুৰি দৰ্শকক সংযোগ কৰা সাৰ্বজনীন বিষয়বস্তুৰ প্ৰমাণ হিচাপে চিহ্নিত হৈছে৷

 

 

iffi reel

(ৰিলিজ আই ডি : 2080719) অতিথি কক্ষ : 68