সাংস্কৃতিক মন্ত্ৰালয়
২৫ সংখ্যক হৰ্ণবিল মহোৎসৱত কহিমাৰ কিছামাত ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্কাইভৰ উদ্যোগত "নাগা-লেণ্ড এণ্ড পিপল ইন আৰ্কাইভেল মিৰ'ৰ" প্ৰদৰ্শনী আয়োজন
Posted On:
03 DEC 2024 4:59PM by PIB Guwahati
নাগালেণ্ড চৰকাৰৰ কলা আৰু সংস্কৃতি বিভাগৰ সহযোগত ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্কাইভে (এনএআই) ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ অংশ হিচাপে "নাগা – লেণ্ড এণ্ড পিপল ইন আৰ্কাইভেল মিৰ'ৰ" নামৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰিছে, যি ১ ডিচেম্বৰ ২০২৪ তাৰিখে দ্বিতীয় বিশ্বযুদ্ধ সংগ্ৰহালয় কমপ্লেক্স, কিচামা, কোহিমাত মুকলি হৈছিল।
ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্কাইভ আৰু নাগালেণ্ড ৰাজ্যিক আৰ্কাইভৰ সংগ্ৰহৰ ঐতিহাসিক অভিলেখ আৰু আলোকচিত্ৰৰ ওপৰত আধাৰিত কৰি, এই প্ৰদৰ্শনীখনে নাগালেণ্ডৰ সমৃদ্ধ ইতিহাস, সংস্কৃতি আৰু ঐতিহ্যৰ এক উল্লেখযোগ্য অন্বেষণ আগবঢ়ায়।
নাগালেণ্ড চৰকাৰৰ কলা আৰু সংস্কৃতি উপদেষ্টা শ্ৰী কে কনঙ্গম কন্যাকে বিশিষ্ট বিশিষ্ট ব্যক্তি আৰু সাংস্কৃতিক উৎসাহী সকলৰ উপস্থিতিত এই প্ৰদৰ্শনীখন উদ্বোধন কৰে। ১ ৰ পৰা ১০ ডিচেম্বৰ, ২০২৪ লৈ চলি থকা এই প্ৰদৰ্শনীখন প্ৰায় ১২ টা বিষয়ভিত্তিক পেনেল ৰখা হৈছে, প্ৰতিটোৱে নাগালেণ্ডৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে, যাৰ ভিতৰত আছে:
১.নাগা-লেণ্ড এণ্ড পিপল: নগা লোক আৰু তেওঁলোকৰ পৰম্পৰাৰ বিষয়ে প্ৰাৰম্ভিক ধাৰণা।
২.ঔপনিবেশিক প্ৰৱেশ: নগা পাহাৰলৈ ব্ৰিটিছ সম্প্ৰসাৰণ আৰু ইয়াৰ প্ৰভাৱ।
৩.বিশ্বযুদ্ধ: গোলকীয় সংঘৰ্ষৰ সময়ত নগা লোকসকলৰ অৱদান।
৪.নাগালেণ্ডক ৰাজ্যৰ মৰ্যাদা: ১৯৬৩ চনত নাগালেণ্ডক এখন ৰাজ্য হিচাপে সৃষ্টি কৰাৰ মাইলৰ খুঁটি।
৫.প্ৰগতিৰ পথ: ৰাজ্যৰ পিছৰ বিকাশ আৰু সাফল্য।
এই প্ৰদৰ্শনীত মানচিত্ৰ, আলোকচিত্ৰ আৰু নথিপত্ৰকে ধৰি বিৰল আৰ্কাইভেল সামগ্ৰী প্ৰদৰ্শন কৰা হয় আৰু শান্তি অভিযান, ১৯৬৩ চনৰ বিধানসভা নিৰ্বাচনৰ দৰে গণতান্ত্ৰিক মাইলৰ খুঁটি, ৰাজনৈতিক আন্দোলন আৰু ড০ এছ ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৰে নেতাসকলৰ ঐতিহাসিক ভ্ৰমণৰ দৰে গুৰুত্বপূৰ্ণ বৰ্ণনাসমূহ ৰখা হয়। এই আৰ্কাইভেল সম্পদবোৰ অন্বেষণ কৰি দৰ্শনাৰ্থীসকলে ৰাজ্যখনৰ পৰম্পৰা, ইতিহাস আৰু সাংস্কৃতিক বিৱৰ্তনৰ বিষয়ে গভীৰভাৱে বুজি পাব।
BY/SKT/DS
(Release ID: 2080528)
Visitor Counter : 19