উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উত্তৰ-পূবে ৰাষ্ট্ৰীয় জীৱনলৈ দ্ৰুতগতিত প্ৰবাহিত হৈছে বুলি কয় উপ-ৰাষ্ট্ৰপতিয়ে

আমি কোনো স্বাৰ্থ আমাৰ জাতীয় স্বাৰ্থৰ ওপৰত ৰাখিব নোৱাৰো। ৰাষ্ট্ৰ প্ৰথম, ৰাষ্ট্ৰৰ ঐক্য প্ৰথম, উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰৰ সমৃদ্ধি আৰু জাতীয়তাবাদৰ বিকাশত সকলোৰে স্বাৰ্থ নিহিত হৈ আছে

সংবিধান দিৱস উদযাপন আৰু সংবিধান হত্যা দিৱস স্মৰণে আমাৰ অতীতৰ প্ৰতি সজাগতা নিশ্চিত কৰে আৰু আমাৰ গণতান্ত্ৰিক নীতি-নিয়ম সুৰক্ষিত কৰে বুলি কয় উপ-ৰাষ্ট্ৰপতিয়ে

ইটানগৰত অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত উপ-ৰাষ্ট্ৰপতিৰ ভাষণ

Posted On: 30 NOV 2024 7:40PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে আজি কয় যে উত্তৰ-পূৰ্বাঞ্চলক ক্ৰমান্বয়ে জাতীয় জীৱনৰ লগত একত্ৰিত কৰা হৈছে। বৰ্তমান অঞ্চলটোত ১৭টা বিমানবন্দৰ, ২০টা জলপথ, আৰু গভীৰ ডিজিটেল প্ৰৱেশৰ ব্যৱস্থা আছে। এই অঞ্চলৰ জৈৱিক আৰু প্ৰাকৃতিক কৃষিয়ে আন ৰাজ্যৰ বাবে আৰ্হি হৈ পৰিছে আৰু ইয়াৰ বাঁহ, ৰবৰ আৰু ৰেচমৰ দৰে থলুৱা সম্পদসমূহে বজাৰৰ অপৰিসীম সুযোগ প্ৰদান কৰে। তেওঁ ৰাজ্যখনৰ অগ্ৰগতি আৰু ভাৰতৰ ঐক্য আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ শলাগ লয়।

আজি অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাষণ দি শ্ৰী জগদীপ ধনখৰে কয় যে এক্ট ইষ্ট পলিচিয়ে, লুক ইষ্ট পলিচিক এক কাৰ্যকৰী আৰু পৰিৱৰ্তনশীল স্তৰলৈ উন্নীত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে লুক ইষ্টৰ দৃষ্টিভংগীক পৰৱৰ্তী স্তৰলৈ লৈ গৈছে, অধিক কাৰ্যক্ষম স্তৰলৈ লৈ গৈছে, যিয়ে প্ৰকৃত বাস্তৱতাক প্ৰভাৱিত কৰিব পাৰে আৰু পৰিৱৰ্তনশীল হ’ব পাৰে আৰু সেইটোৱেই হৈছে এক্ট ইষ্ট নীতি।

শ্ৰী জগদীপ ধনখৰে কয়, আমাৰ ৰাজনৈতিক দলসমূহে বুজিব লাগিব যে শেষত সকলোৰে স্বাৰ্থ ৰাষ্ট্ৰৰ সমৃদ্ধি আৰু জাতীয়তাবাদ উজলি উঠাত একত্ৰিত হয়। আমি যিকোনো পৰিস্থিতিতেই আমাৰ জাতীয় স্বাৰ্থৰ ওপৰত কোনো স্বাৰ্থ ৰাখিব নোৱাৰো। ৰাষ্ট্ৰ প্ৰথম, ৰাষ্ট্ৰৰ ঐক্য প্ৰথম।

ভাৰতৰ গণতান্ত্ৰিক নীতি-নিয়মৰ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিধানসভাৰ কাম-কাজত ব্যাঘাত জন্মাবলৈ উদ্বেগ প্ৰকাশ কৰি কয় যে গণতন্ত্ৰৰ মাতৃ, সৰ্ববৃহৎ গণতন্ত্ৰ দেশত আমি এই ধৰণৰ দৰ্শনীয় প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব নোৱাৰো। সংবিধানৰ মনোভাৱৰ বিৰুদ্ধে আমি কেনেকৈ যাব পাৰিম? আমি কেনেকৈ আমাৰ বাধ্যবাধকতাৰ পৰা ওলাই আহিব পাৰিম? তেওঁ কয়।

তেওঁ “ভোকেল ফৰ লোকেল” হোৱাৰ গুৰুত্বৰ কথাও সোঁৱৰাই দি লগতে কয়, ভোকেল ফৰ লোকেল হওক—ইয়াৰ ফলত নিয়োগৰ সুযোগ সৃষ্টি হ’ব, বৈদেশিক মুদ্ৰা ৰাহি হ’ব আৰু ঔদ্যোগীকৰণৰ প্ৰসাৰ হ’ব। এই দেশত নিৰ্মিত কাৰ্পেটৰ পৰা আৰম্ভ কৰি আচবাব, ইলেক্ট্ৰনিকছ, খেলনা, চিলা, বন্তি, মমবাতিলৈকে আমি আমদানি কৰিব নোৱাৰো, কিয়নো এইবোৰ আমাৰ দেশত উৎপাদন হয়।

শাসন ​​ব্যৱস্থাৰ ওপৰত চিন্তাধাৰা ব্যক্ত কৰি শ্ৰী ধনখৰে কয় যে শাসন ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰি প্ৰযুক্তিৰ দ্বাৰা দুৰ্নীতি নিষ্ক্ৰিয় কৰা হৈছে। পৰিৱৰ্তনশীল প্ৰযুক্তিৰ বাবেই এতিয়া সুবিধাসমূহ হস্তান্তৰ কৰাত কোনো মানৱীয় মধ্যস্থতা নাই; ই সকলো ডিজিটেল, প্ৰত্যক্ষ, আৰু নিৰৱচ্ছিন্ন।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধান দিৱস আৰু সংবিধান হত্যা দিৱসক স্মৰণ কৰাৰ তাৎপৰ্য্যৰ ওপৰতো আলোকপাত কৰি কয় যে সংবিধান দিৱস উদযাপনে আমাক সকলোৰে বাবে ন্যায়, সমতা, আৰু ভ্ৰাতৃত্ববোধ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে; আনহাতে সংবিধান হত্যা দিৱসক স্মৰণ কৰিলে আমি ইতিহাসৰ অন্ধকাৰ সময়ছোৱাৰ বিৰুদ্ধে সজাগ হৈ থকাটো নিশ্চিত কৰে, যেনে জৰুৰীকালীন সময়ছোৱা।

তেওঁ কয় যে এই দেশত ২১ মাহৰ বাবে জৰুৰীকালী অৱস্থা জাৰি কৰা হৈছিল। ৰাষ্ট্ৰখনক ভালপোৱা, গণতন্ত্ৰ ভালপোৱা আৰু বহুতেই স্বাধীনতা সংগ্ৰামী লোকক কাৰাগাৰৰ আঁৰত ৰখা হৈছিল। ন্যায়ৰ সুবিধা নাই, তেওঁলোকৰ বাবে স্বাধীনতাৰ অধিকাৰ নাই বুলিও তেওঁ কয়।

ভাষণৰ সামৰণিত শ্ৰী ধনখৰে ঐক্য আৰু জাতীয়তাবাদৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰি কয় আমি এক, আমি ইজনে সিজনৰ ভাষা জনা বাবে এক হ’ব নালাগে, আমি এই মহান ৰাষ্ট্ৰটোৰ অন্তৰ্গত হোৱাৰ বাবে এক।

এই উপলক্ষে অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল তথা লেফটেনেণ্ট জেনেৰেল কৈৱাল্যা ত্ৰিবিক্ৰম পাৰনাইক, পিভিএছএম, ইউৱাইএছএম, ৱাইএছএম (অৱসৰপ্ৰাপ্ত) শ্ৰী টেছামপংটে, অৰুণাচলপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

উপ-ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্ণপাঠ চাবলৈ ইয়াত ক্লিক কৰক: https://pib.gov.in/PressReleasePage.aspx?PRID=2079411

****

JK/SM/DB


(Release ID: 2079717) Visitor Counter : 30


Read this release in: English , Urdu , Hindi