বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ-২০২৪ত সমগ্ৰ দেশৰ প্ৰতিষ্ঠানৰ মুৰব্বীৰ ঘূৰণীয়া মেজমেল সম্বোধন ডাঃ জিতেন্দ্ৰ সিঙৰ
তেওঁ ভাৰতৰ বহনক্ষম অৰ্থনৈতিক বিকাশৰ চাবিকাঠি হিচাপে শক্তিশালী ষ্টাৰ্টআপ-উদ্যোগ সংযোগৰ আহ্বান জনায়
ভাৰতৰ চহকী পৰম্পৰাগত জ্ঞান আৰু অত্যাধুনিক প্ৰযুক্তিয়ে একেলগে এক অনন্য মাত্ৰা প্ৰদান কৰিছে
মহাকাশ ষ্টাৰ্টআপ, ভেকচিন বিকাশৰ সফলতা আৰু চমৎকাৰী উদ্ভাৱনে দেশৰ বৈজ্ঞানিক দক্ষতাৰ সাক্ষ্য বহন কৰিছে
কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে গুৱাহাটী চায়েন্স ডিক্লাৰেচন – ২০২৪ত স্বাক্ষৰ কৰে
Posted On:
01 DEC 2024 4:12PM by PIB Guwahati
ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (IISF)-২০২৪ত সমগ্ৰ দেশৰ প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলৰ ঘূৰণীয়া মেজমেল সম্বোধনেৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি; ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু পিএমঅ’, পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে ভাৰতৰ বহনক্ষম অৰ্থনৈতিক বিকাশৰ চাবিকাঠি হিচাপে শক্তিশালী ষ্টাৰ্টআপ-উদ্যোগ সংযোগৰ আহ্বান জনায়।
ইয়াত সকলো গুৰুত্বপূৰ্ণ গৱেষণা আৰু উন্নয়ন (R&D) প্ৰতিষ্ঠানৰ মুৰব্বী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যসকল আৰু পিছলৈ উদ্যোগৰ মুৰব্বীসকলেও যোগদান কৰে।
এই কাৰ্য্যসূচীত ভাষণ প্ৰদানেৰে মন্ত্ৰীগৰাকীয়ে ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ গৱেষণা, শৈক্ষিক মহল, ষ্টাৰ্টআপ আৰু উদ্যোগৰ পূৰ্ণ সহযোগিতাত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতৰ এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত যাত্ৰাক আগুৱাই নিয়াত বিজ্ঞান আৰু উদ্ভাৱনৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে।
ডাঃ জিতেন্দ্ৰ সিঙে ভাৰতৰ সম্ভাৱনাক অন্বেষণ আৰু যুগান্তকাৰী অগ্ৰগতিৰে দেশখনক আগবঢ়াই নিবলৈ শৈক্ষিক মহল, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগক জড়িতকৰণেৰে এটি কৌশলগত, সহযোগিতামূলক পন্থাৰ আহ্বান জনায়।
ডাঃ জিতেন্দ্ৰ সিঙে ভাৰতৰ একচেটিয়া সম্পদৰাজিৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে, যাক ভাৰতৰ চহকী পৰম্পৰাগত জ্ঞান আৰু অত্যাধুনিক প্ৰযুক্তিয়ে একেলগে এক অনন্য মাত্ৰা প্ৰদান কৰিছে। আমাৰ পৰম্পৰাগত জ্ঞানক আধুনিক বিজ্ঞানৰে সংযুক্তকৰণেৰে এনে এক একচেটিয়া ভাৰতীয় আশ্চৰ্য্য সৃষ্টি হয়, যিয়ে আমাক বিশ্বৰ মঞ্চত পৃথক কৰি তোলে বুলিও তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনক এক বৃহৎ পদক্ষেপ হিচাপে প্ৰশংসাৰে ইয়াৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্য্যায়তে গভীৰ সহযোগিতা গঢ়ি তোলাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। জৈৱ-প্ৰযুক্তি আৰু মহাকাশ খণ্ডৰ উদাহৰণ দাঙি ধৰি তেওঁ বৈশ্বিক অংশীদাৰিত্ব বৃদ্ধিৰ আহ্বান জনায়, যিয়ে ভাৰতৰ বৈজ্ঞানিক প্ৰচেষ্টাৰাজিৰ বৰ্ধনৰ অৰ্থে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ আৰু উদ্যোগৰ নেতাসকলক একেখন মঞ্চতে একত্ৰিত কৰিব।
উদ্যোগ আৰু বিজ্ঞানৰ মাজত অধিক সংহতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে ডাঃ জিতেন্দ্ৰ সিঙে বজাৰৰ চাহিদাৰ সৈতে বৈজ্ঞানিক গৱেষণাক সংপৃক্তকৰণৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ ষ্টাৰ্টআপসমূহক কাৰ্য্যক্ষম কৰি ৰখা আৰু উদ্ভাৱনে অগ্ৰগতি লাভ কৰা এটি বাতাবৰণ সৃষ্টিত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। আমি উদ্যোগৰ নেতাসকলক কেৱল অংশগ্ৰহণকাৰী হিচাপেই নহয়, বৰঞ্চ গৱেষণা আৰু উন্নয়নৰ দিশ নিৰ্ণয়ত সহায় কৰা সহযোগী হিচাপেও জড়িত কৰিব লাগিব বুলি তেওঁ কয়। ইয়াত উপস্থিত একাধিক বিজ্ঞানীৰ মনোভাৱক প্ৰতিধ্বনিতকৰণেৰে তেওঁ কয় যে ভাৰতৰ ভৱিষ্যৎ ৰাজহুৱা-ব্যক্তিগত অংশগ্ৰহণ আৰু সহযোগিতামূলক সমস্যা-সমাধানৰ সংস্কৃতি গঢ়ি তোলাৰ ওপৰত নিৰ্ভৰশীল।
ডাঃ জিতেন্দ্ৰ সিঙে দ্ৰুত-বৰ্ধমান বিশ্ব অৰ্থনীতিৰ চাহিদা পূৰণ কৰিব পৰাকৈ সুসজ্জিত এক দক্ষ কৰ্মশক্তি সাজু কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা (AI), ইন্টাৰনেট অৱ থিংছ (IoT), কোৱান্টাম কম্পিউটিং আৰু বহনক্ষম উৎপাদন আদি অত্যাধুনিক প্ৰযুক্তিসমূহক গৱেষণা আৰু শিক্ষা কাৰ্য্যসূচীৰে একত্ৰিতকৰণৰ আহ্বান জনায়, ইয়াক তেওঁ ভাৰতৰ ভৱিষ্যতৰ বাবে প্ৰস্তুতিৰ ক্ষেত্ৰত অপৰিহাৰ্য্য বুলি অভিহিত কৰে। তদুপৰি, তেওঁ প্ৰতিষ্ঠানিক বিশেষজ্ঞতা আৰু আন্তঃগাঁথনিৰ সহায় লৈ যুৱ উদ্ভাৱকসকল আৰু ষ্টাৰ্টআপসমূহক সবলীকৰণৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে, একে সময়তে ষ্টাৰ্টআপ ইণ্ডিয়া আৰু অটল উদ্ভাৱন অভিযানৰ দৰে পদক্ষেপৰাজিক প্ৰতিষ্ঠানিক ব্যৱস্থাৰে সংযুক্তকৰণত গুৰুত্ব আৰোপ কৰে।
ভাষণৰ সামৰণিত ডাঃ জিতেন্দ্ৰ সিঙে ইয়াত সমবেতসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জাগি উঠা আত্মবিশ্বাস আৰু গতিক কাৰ্য্যত পৰিণত কৰিব লাগিব বুলি কয়। বিজ্ঞান ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হ’ব বুলি তেওঁ দৃঢ়তাৰে উল্লেখেৰে সকলোকে কৌশলগতভাৱে আৰু ঐক্যবদ্ধ দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁৰ এই বক্তব্য বৈজ্ঞানিক সমাজে ইয়াৰ সামূহিক শক্তিক ৰাষ্ট্ৰখনৰ অগ্ৰগতি সাধনত প্ৰয়োগ কৰিবলৈ আৰু বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে ভাৰতৰ উত্থানত অৰিহণা যোগাবলৈ এক আহ্বান হিচাপে পৰিগণিত হয়।
***
NKR/KS/SB
(Release ID: 2079553)
Visitor Counter : 47