বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
আই আই টি গুৱাহাটীত ৩০ নৱেম্বৰৰ পৰা ভাৰতৰ সৰ্ববৃহৎ বিজ্ঞান মহোৎসৱ
এই বছৰৰ আই আই এছ এফৰ বিষয়বস্তু হৈছে "ভাৰতক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা চালিত গোলকীয় নিৰ্মাণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা"
Posted On:
28 NOV 2024 12:57PM by PIB Guwahati
ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (আইআইএছএফ) ২০২৪ চনৰ ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত উদযাপন কৰা হ'ব। চলিত বৰ্ষৰ সংযোগী বিভাগ হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ) আৰু নেচনেল ইনষ্টিটিউট ফৰ ইণ্টাৰডিচিপ্লিনাৰী ছায়েন্স এণ্ড টেকন'লজী (চিএছআইআৰ-এনআইআইএছটি, তিৰুৱন্তপুৰম) শীৰ্ষক চিএছআইআৰৰ পৰীক্ষাগাৰৰ জৰিয়তে সমগ্ৰ উৎসৱটোৰ সমন্বয় সাধন কৰি থকা হৈছে। বিজ্ঞান সমাজৰ এক অনন্য উৎসৱ আইআইএছএফ ২০১৫ চনত আৰম্ভ কৰা হৈছিল। আইআইটি দিল্লীত প্ৰথম আইআইএছএফ আয়োজন কৰা হৈছিল। ভাৰতৰ বিজ্ঞান আন্দোলন বিজ্ঞান ভাৰতীয়ে এই বিজ্ঞান উৎসৱৰ সূচনা কৰিছিল। উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে এই উৎসৱৰ আয়োজন কৰা হৈছে। এতিয়ালৈ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ হৈছে দেশৰ সৰ্ববৃহৎ বিজ্ঞান অনুষ্ঠান য'ত বছৰি হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি বৈজ্ঞানিক সহযোগিতা বৃদ্ধি, যুৱ মনক অনুপ্ৰাণিত কৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ জৰিয়তে অৰ্থনৈতিক বিকাশত সহায় কৰে।
"আইআইএছএফ কেৱল বিজ্ঞানৰ সৈতে জড়িত লোকসকলৰ বাবেই নহয়। সকলোকে বিজ্ঞান উদযাপন কৰিবলৈ উদ্বুদ্ধ কৰাই হৈছে আইআইএছএফৰ মূল দৰ্শন। এই অনুষ্ঠানে সাধাৰণ লোকক আনন্দ আৰু মনোৰঞ্জনৰ জৰিয়তে বিজ্ঞানৰ সৈতে জড়িত কৰে"।
চলিত ২০২৪ চনত আইআইএছএফ ৩০ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ অসমৰ আইআইটি, গুৱাহাটীত আয়োজন কৰা হৈছে। আইআইএছএফৰ এই দশম সংস্কৰণৰ বিষয়বস্তু হৈছে "ভাৰতক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা চালিত গোলকীয় নিৰ্মাণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা"। ইয়াৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিক ঔদ্যোগিক বিকাশৰ সৈতে একত্ৰিত কৰি উৎপাদন খণ্ডত ভাৰতক গোলকীয় কৰ্ণধাৰ হিচাপে পৰিগণিত কৰাৰ চৰকাৰৰ লক্ষ্য প্ৰতিফলিত হয়।
আইআইএছএফ সংগঠক আৰু অন্যান্য অংশীদাৰসকল
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় মন্ত্ৰালয়ৰ অধীনস্থ বিভাগৰ জৰিয়তে, যেনে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডিএছটি), বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ), জৈৱ প্ৰযুক্তি বিভাগ (ডিবিটি) আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয় (এমঅ’ইএছ) এই বৃহৎ বাৰ্ষিক অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে দায়বদ্ধ। এই অনুষ্ঠানটোৰ সূচনা কালৰ পৰা চৰকাৰী সংগঠনসমূহৰ উপৰি বিজ্ঞান ভাৰতী আইআইএছএফৰ এক ধাৰাবাহিক সংগঠিত অংশীদাৰ হৈ আহিছে।
আইআইএছএফত সক্ৰিয় অংশগ্ৰহণ কৰা আন সংগঠনবোৰ হৈছে ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা (পিএছএ), মহাকাশ বিভাগৰ কাৰ্যালয়, পাৰমাণৱিক শক্তি বিভাগ (ডিএই), প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সঞ্চালকালয় (ডিডিআৰএণ্ডডি), নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় (এমএনআৰই), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (এমঅ’এইচএণ্ডএফডব্লিউ), কৃষি গৱেষণা আৰু শিক্ষা বিভাগ (ডিএআৰই), পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয় (এমঅ’ইএফচিচি), আয়ুষ মন্ত্ৰালয়, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এমইআইটিৱাই), গ্ৰামোন্নয়ন মন্ত্ৰালয় (এমঅ’আৰডি), আৰু আন বহুতো সংশ্লিষ্ট মন্ত্ৰালয় তথা এইসমূহৰ অধীনস্থ বিভাগ, পৰিষদ আৰু সংগঠন।
আইআইএছএফ-২০২৪ চিএছআইআৰে সমন্বিত কৰাৰ লগতে চিএছআইআৰ-এনআইআইএছটিৰ দ্বাৰা আহ্বায়িত তথা বিজ্ঞান ভাৰতীৰ সহযোগত ভাৰত চৰকাৰৰ সকলো মুখ্য মন্ত্ৰালয় আৰু বৈজ্ঞানিক বিভাগৰ অংশীদাৰীত্বত আয়োজিত হৈছে।
আইআইএছএফ-২০২৪ৰ বিষয়গত কাৰ্যসূচী
আইআইএছএফৰ বিভিন্ন বিষয়বস্তুৰ জৰিয়তে বৈজ্ঞানিক আৰু সাধাৰণ লোকসকলক বিভিন্ন বৈজ্ঞানিক আলোচনা তথা কাৰ্যকলাপৰ বাবে জড়িত কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াত বিভিন্ন অংশীদাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা কৰা বিষয়বস্তুৰ জৰিয়তে সকলোৱে বৈজ্ঞানিক দৃষ্টিভংগীৰ সৈতে জড়িত হোৱা তথা শিকাৰ সুযোগ পায়। আইআইএছএফৰ বাবে উত্তৰ-পূব ভাৰতৰ প্ৰয়োজনীয়তা অনুসৰি কিছুমান নতুন বিষয়বস্তু সংলগ্ন কৰা হৈছে আৰু ইয়াত সকলো বিষয়বস্তু সন্দৰ্ভত অলপ তথ্য দিয়া হৈছে।
আৰম্ভণিতে, আইআইএছএফ-২০২৪ত এটা বিশেষ অনুষ্ঠান হৈছে "চন্দ্ৰযান - চন্দ্ৰৰ সংগ্ৰহালয়", য'ত চন্দ্ৰযান মিছনৰ ভাৰতৰ সফলতা প্ৰতিফলন আৰু উদযাপন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ শিল্পী ড. লিউক জেৰামৰ এক শৈল্পিক আৰ্হি উপস্থিতসকলৰ আগত প্ৰদৰ্শন কৰা হ'ব। ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান অৱতৰণ কৰা চন্দ্ৰপৃষ্ঠৰ বাস্তৱসদৃশ প্ৰতিকৃতি তথা প্ৰায় সাত মিটাৰ ব্যাসৰ চন্দ্ৰৰ ছবিৰ আৰ্হি প্ৰদৰ্শন কৰা হব।
মেগা বিজ্ঞান আৰু প্ৰযুক্তি প্ৰদৰ্শনীত বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতৰ ক্ষেত্ৰত ভাৰতৰ সফলতা আৰু সফলতাৰ কাহিনী প্ৰদৰ্শন কৰা হ'ব। এক্সপোত সমগ্ৰ দেশৰ ভাৰতীয় বৈজ্ঞানিক আৰু গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠানসমূহে বিকশিত কৰা বিভিন্ন প্ৰযুক্তি সমূহ উৎসৱৰ চাৰিওদিন ধৰি প্ৰদৰ্শন কৰাৰ জৰিয়তে শিক্ষাৰ্থী, বিজ্ঞানী আৰু সাধাৰণ ৰাইজক অৱগত কৰোৱা হ'ব।
মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড অনুষ্ঠানৰ লক্ষ্য হৈছে ভাৰতক এক গোলকীয় উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় বিষয়বোৰৰ বিষয়ে আলোচনা কৰিবলৈ উৎপাদন, প্ৰযুক্তি আৰু ৰচদ-পাতিৰ সৈতে জড়িত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক আকৰ্ষিত কৰা।
পূৰ্বে ষ্টুডেণ্ট ছায়েন্স ভিলেজ হিচাপে জনাজাত নিউ নালন্দাই শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাৰ্তালাপৰ সুযোগ দিব। অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে মত বিনিময় কৰিব পৰা প্ৰদৰ্শনী, প্ৰদৰ্শন, শৈক্ষিক খেল আৰু প্ৰত্যাহ্বানৰ জৰিয়তে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক তথা গণিতৰ প্ৰতি শিক্ষাৰ্থীসকলক আগ্ৰহী কৰি তোলা।
প্ৰজ্ঞা ভাৰত অনুষ্ঠানত ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত তৈয়াৰ কৰাৰ বাবে প্ৰয়োজন হোৱা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত নতুন দিগন্তৰ বিষয়ে আলোচনা কৰা হ'ব। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তা, জৈৱ প্ৰযুক্তি, চাইবাৰ সুৰক্ষা, ৰব'টিক্স, কোৱাণ্টাম কম্পিউটিং আদিৰ দৰে বিভিন্ন বৈজ্ঞানিক শাখাত অত্যাধুনিক গৱেষণাৰ প্ৰচাৰ কৰা যিসমূহে ভাৰতক বিকশিত আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে।
নাৰী শক্তি – মহিলাৰ বিকাশৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠানত মহিলাৰ নেতৃত্বত হোৱা বিকাশে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, গণিত আৰু উদ্যোগত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিব আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা খণ্ডত মহিলাসকলক শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰিব।
এছ এণ্ড টি হেকাথন-বিকশিত ভাৰতৰ ধাৰণাসমূহ বিকশিত ভাৰত সংকল্পৰ ওপৰত গুৰুত্ব দি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত উদ্ভাৱনী সমাধান বিকশিত কৰিবলৈ উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। শিক্ষাৰ্থী আৰু পৰামৰ্শদাতাসকলক লৈ গঠিত দলবোৰক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ'ব আৰু বিজয়ীসকলে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিব। আনহাতে চূড়ান্ত অংশগ্ৰহণকাৰীসকলে বিশেষ সুবিধা যেনে ইণ্টাৰ্নশ্বিপ, প্ৰকল্পৰ পদ আদি লাভ কৰিব।
যুৱ বিজ্ঞানী সন্মিলনৰ জৰিয়তে শিক্ষা, গৱেষণা আৰু উদ্যোগ সম্প্ৰদায়ৰ ৪৫ বছৰৰ তলৰ যুৱ গৱেষক, বিজ্ঞানী আৰু উদ্ভাৱকসকলক একত্ৰিত কৰিব বিচৰা হৈছে। ই যুৱ গৱেষকসকলক ভাৰতৰ বৈজ্ঞানিক নীতি আৰু আন্তঃগাঁথনি উন্নয়ন, পুঁজিৰ সুবিধা আদিকে ধৰি ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শেহতীয়া বিকাশৰ বিষয়ে অৱগত কৰে।
চিন্তাবিদসকলৰ বৈঠক-মন্ত্ৰী-সচিব-পৰিষদ-চিইঅ' সন্মিলনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিভাগীয় সচিব, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদ আৰু উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰে নেতা আৰু নীতি নিৰ্মাতাসকলক একেখন মঞ্চলৈ আনিব। অনুষ্ঠানটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে বিকশিত ভাৰতৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি ৰাজহুৱা তথা ব্যক্তিগত খণ্ডত বৃহৎ পৰিবৰ্তন ঘটোৱাৰ উদ্দেশ্যে সহযোগিতা স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে।
পূৰ্বে ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষক কৰ্মশালা হিচাপে জনাজাত গুৰুকুল-অভিলাষী শিক্ষাবিদ আৰু শিক্ষক কৰ্মশালাৰ লক্ষ্য হৈছে বিজ্ঞান শিক্ষকসকলক অভিনৱ শিক্ষণ পদ্ধতি, আধুনিক সঁজুলি তথা শিক্ষাৰ্থীসকলক কাৰ্যকৰীভাৱে বৈজ্ঞানিক জ্ঞান প্ৰদান কৰাৰ কৌশলেৰে সমৃদ্ধ কৰি তেওঁলোকৰ পেছাদাৰী বিকাশ ঘটোৱা।
মিছন ষ্টাৰ্ট-আপ অনুষ্ঠানে ষ্টাৰ্ট-আপ আৰু ইনকিউবেচন কেন্দ্ৰৰ দৰে সমৰ্থনৰ পথসমূহক সুযোগ প্ৰদান কৰে। এই অনুষ্ঠানত ষ্টাৰ্ট-আপসমূহে তেওঁলোকৰ সামগ্ৰী আৰু সেৱা, বিনিয়োগকাৰী আৰু সহযোগীসকলক প্ৰদৰ্শন কৰাৰ জৰিয়তে ষ্টাৰ্ট-আপ ইণ্ডিয়া মিছন আৰু দেশত উপলব্ধ অন্যান্য পদক্ষেপৰ অধীনত অধিক সুযোগ লাভ কৰাত সহায় পায়।
ভাৰত প্ৰদৰ্শনীৰ পুনৰ কল্পনা-নতুন যুগৰ প্ৰযুক্তিৰ জৰিয়তে পৰিবৰ্তনৰ লক্ষ্য হৈছে চৰকাৰী সংস্থা আৰু বিভাগসমূহৰ দ্বাৰা বিকশিত উদীয়মান প্ৰযুক্তি আৰু প্ৰটোটাইপ/মডেল প্ৰদৰ্শন কৰা। এই অনুষ্ঠানৰ বাবে লক্ষ্য কৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰসমূহ কেৱল মৌলিক আৰু প্ৰায়োগিক বিজ্ঞান, কৃষি, স্বাস্থ্যসেৱা, স্থান, শিক্ষা, কৌশলগত খণ্ড, ৰবটিক্স আদিত সীমাবদ্ধ নহয়।
সাগৰিকা–পৃথিৱী বিজ্ঞানৰ কাহিনী নামটোৱে সদৰী কৰা ধৰণে এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে পৃথিৱী বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে বতৰ বিজ্ঞান, সাগৰ বিজ্ঞান, পৰিস্থিতি বিজ্ঞান আদিৰ সৈতে লোকসকলক জড়িত কৰা তথা এই বিষয়ে অৱগত কৰা। এই অনুষ্ঠানৰ জৰিয়তে আইআইএছএফে পাৰিপাৰ্শ্বিক সমস্যা সন্দৰ্ভত জনসজাগতা বৃদ্ধি কৰিব বিচাৰে।
সীমাৰ পৰিধি ভাঙি বিজ্ঞান অনুষ্ঠানৰ উদ্দেশ্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা খণ্ডত গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ উদ্দেশ্যে বিজ্ঞানী, গৱেষক আৰু প্ৰতিষ্ঠানসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, অংশীদাৰীত্ব আৰু আলোচনাৰ আদান-প্ৰদান ত্বৰান্বিত কৰা।
বিজ্ঞানিকা অনুষ্ঠানৰ জৰিয়তে বিজ্ঞান সাহিত্য মহোৎসৱ উদযাপনৰ উদ্দেশ্য হৈছে ভাৰতীয় ভাষাত বিজ্ঞান সাক্ষৰতা আৰু কাৰ্যকৰী বিজ্ঞান যোগাযোগ কৌশলৰ প্ৰচাৰ কৰা। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা খণ্ডৰ লেখকসকলৰ মাজত আলোচনা, বিজ্ঞান কবি সন্মিলন, বিজ্ঞান নাটক আৰু কলা, আৰু এই সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা, মুখ্য বক্তৃতা, পেনেল আলোচনাৰ জৰিয়তে মত বিনিময় কৰা হয়।
ফিউজন ফ'ৰাম–পাৰমাণৱিক সভা অনুষ্ঠানত শক্তি উৎপাদন, পাৰমাণৱিক ঔষধ, কৃষি, এডিটিভ উৎপাদন আদিৰ দৰে বিভিন্ন খণ্ডৰ বাবে ভাৰতত পাৰমাণৱিক শক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সাম্প্ৰতিক দৃষ্টিভংগী, ভৱিষ্যতৰ লাভালাভ আৰু গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হ'ব।
শিক্ষাৰ্থী-বিজ্ঞানী বাৰ্তালাপ কাৰ্যসূচী-বিজ্ঞানত নতুন দিগন্তৰ মুখামুখিৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিজ্ঞান আৰু গৱেষণা খণ্ডত কেৰিয়াৰ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা খণ্ডৰ বিভিন্ন শাখাৰ বিশেষজ্ঞসকলৰ সৈতে শিক্ষাৰ্থী/গৱেষকসকলৰ বাৰ্তালাপ আৰু চমু আলোচনাৰ ব্যৱস্থা কৰা হৈছে।
ৰাষ্ট্ৰীয় সামাজিক সংগঠন আৰু প্ৰতিষ্ঠান বৈঠক (এনএছঅ’আইএম),ৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰচাৰৰ বাবে সামাজিক সংগঠনবোৰৰ ভূমিকা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি এইসমূহক সামাজিক বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বৈজ্ঞানিক হস্তক্ষেপ আৰু বহনক্ষম আৰ্হিৰ বিষয়ে আলোচনা কৰাৰ মঞ্চ প্ৰদান কৰে।
ভিজন সংসদৰ লক্ষ্য হৈছে দেশৰ প্ৰতিটো সম্ভাব্য বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক, উপাচাৰ্য, ৰাষ্ট্ৰপতি আৰু জ্যেষ্ঠ নেতাসকলৰ দৰে গুৰুত্বপূৰ্ণ নেতাসকলক একত্ৰিত কৰা, য'ত সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ বৈজ্ঞানিক গৱেষণা, সহযোগিতা আৰু নীতি বিকাশ আগবঢ়োৱাৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ লগতে ভাৰতীয় বিজ্ঞানৰ ভৱিষ্যতক এক সামগ্ৰিকভাৱে গঢ়ি তুলিব পাৰি।
গেমছ এণ্ড এডভেঞ্চাৰৰ জৰিয়তে বিজ্ঞান চাফাৰী বিজ্ঞানে বিজ্ঞান-আধাৰিত পুতলা আৰু খেলপ্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰাৰ লগতে শিক্ষকসকলক এই পুতলাসমূহ শিক্ষণৰ উদ্দেশ্যে ব্যৱহাৰ কৰাৰ উপায়বোৰ শিকোৱাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰে।
এছ এণ্ড টি মিডিয়া কনক্লেভে সংবাদ মাধ্যমৰ কৰ্মচাৰী, সাংবাদিক, যোগাযোগকাৰী আৰু সাধাৰণ ৰাইজক এনে এখন মঞ্চলৈ আনিব, য'ত তেওঁলোকে বিজ্ঞানক বিস্তৃত দৰ্শকৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰৰ প্ৰত্যাহ্বান আৰু সুযোগ, যোগাযোগৰ সৰ্বশ্ৰেষ্ঠ উপায় হিচাপে বিজ্ঞান, ভুল তথ্যৰ প্ৰকাশ আৰু বৈজ্ঞানিক সম্প্ৰদায় তথা সংবাদ মাধ্যমৰ মাজত সহযোগিতা বৃদ্ধিৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিব পাৰে।
ছাগা অফ চাইন্স ক্ৰনিকলচ হৈছে এক সন্ধিয়াৰ অনুষ্ঠান যি এলইডি লাইট শ্ব'ৰ জৰিয়তে ভাৰতীয় বিজ্ঞান আৰু বিজ্ঞানীসকলৰ ইতিহাস আৰু শেহতীয়া বিকাশ প্ৰতিফলিত কৰিব, যি আইআইএছএফ-২০২৪ৰ প্ৰতিটো দিনত সন্ধিয়া ৭.৩০ বজাৰ পৰা নিশা ৯.৩০ বজাত প্ৰদৰ্শন কৰা হ'ব।
উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান অডিচিয়ে উত্তৰ-পূৰ্বাঞ্চলত বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশত বাধা সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰচাৰৰ উপায় সম্পৰ্কে আলোচনা কৰিব।
পাহাৰৰ সোৱাদ- নৰ্থ ইষ্ট ফুড ষ্ট্ৰীটে উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য ঐতিহ্য প্ৰদৰ্শন কৰিব আৰু সমবেত লোকসকলক তেওঁলোকৰ পৰম্পৰাগত খাদ্য সামগ্ৰী খাবলৈ আৰু উপভোগ কৰিবলৈ সুযোগ দিব। এই ফুড ষ্ট্ৰীট সমগ্ৰ আইআইএছএফ-২০২৪ত মুকলি থাকিব।
নৰ্থ ইষ্ট চিম্ফনি-নৰ্থ ইষ্ট কালচাৰেল ফেষ্টে সংগীত, নৃত্য, শিল্প আৰু পৰম্পৰাগত অনুশীলনৰ অভিজ্ঞতাৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ বিভিন্ন পৰম্পৰা, ৰীতি-নীতি আৰু কলাৰ চিত্ৰায়ন কৰিব। এই অনুষ্ঠান আইআইএছএফ-২০২৪ৰ সমগ্ৰ সময়ছোৱাত মঞ্চস্থ কৰা হ’ব।
আইআইএছএফ-২০২৪, বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰচাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। বৰ্তমানৰ বিষয়বস্তুৰ সৈতে ই ভাৰতৰ বৈজ্ঞানিক সাফল্য উদযাপনৰ পোষকতা কৰে তথা বিভিন্ন ক্ষেত্ৰত সহযোগিতা ত্বৰান্বিত কৰিব বিচাৰে। অনুষ্ঠানটোত বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰা হ'ব, য'ত বৈজ্ঞানিক পেছাদাৰী আৰু সাধাৰণ ৰাইজ উভয়ে জড়িত হ'ব। এয়া সকলোৰে বাবে মুকলি আৰু বিনামূলীয়া, সেয়েহে ভাৰতৰ বৈজ্ঞানিক সাফল্য প্ৰত্যক্ষ কৰিবলৈ সকলোৱে অনুষ্ঠানটোত উপস্থিত থাকিব পাৰে।
*****
NKR/KS/DD/AT
(Release ID: 2078498)
Visitor Counter : 12