গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুজৰাটত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ কাৰ্টেল ভাঙি ৭০০ কিলোগ্ৰামতকৈ অধিক নিষিদ্ধ মেথামফেটামাইন জব্দ কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহক অভিনন্দন কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ ড্ৰাগছমুক্ত ভাৰতৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি আমাৰ সংস্থাসমূহে এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক ভাঙি গুজৰাটত ৭০০ কেজি মেথামফেটামাইন জব্দ কৰিছে

এনচিবি, ভাৰতীয় নৌসেনা, আৰু গুজৰাট আৰক্ষীয়ে চলোৱা যৌথ অভিযানে এই লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমাৰ সংস্থাসমূহৰ মাজত থকা নিৰৱচ্ছিন্ন সমন্বয় আৰু সহযোগিতাৰ ওপৰত আলোকপাত কৰি দৃষ্টিভংগীৰ প্ৰতি আমাৰ দৃঢ় দায়বদ্ধতাৰ দৃষ্টান্ত দাঙি ধৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত এই সফলতা চৰকাৰৰ ড্ৰাগছৰ প্ৰতি অটল শূন্য সহনশীলতা নীতিৰ প্ৰমাণ হিচাপে থিয় দিছে

Posted On: 15 NOV 2024 6:05PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গুজৰাটত এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ কাৰ্টেল সফলতাৰে নষ্ট কৰা আৰু ৭০০ কেজি মেথামফেটামাইন জব্দ কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহক অভিনন্দন জনাইছে।

ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰকাশ কৰে, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ ড্ৰাগছমুক্ত ভাৰতৰ দৃষ্টিভংগীক অনুসৰণ কৰি আমাৰ সংস্থাসমূহে আজি এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ কাৰ্টেল নষ্ট কৰি গুজৰাটত প্ৰায় ৭০০ কিলোগ্ৰাম মেথামফেটামাইন জব্দ কৰে। এনচিবি, ভাৰতীয় নৌসেনা আৰু গুজৰাট আৰক্ষীয়ে চলোৱা যৌথ অভিযান প্ৰধানমন্ত্ৰীৰ এই দৃষ্টিভংগীৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ এক অনবদ্য উদাহৰণ আৰু ই আমাৰ সংস্থাসমূহৰ মাজত থকা নিৰৱচ্ছিন্ন সমন্বয়ক প্ৰৌজ্জ্বল কৰি তুলিছে।

মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (এন চি বি), ভাৰতীয় নৌসেনা আৰু এ টি এছ গুজৰাট আৰক্ষীৰ যৌথ অভিযানত ভাৰতৰ ভূখণ্ডৰ জলসীমাত আনুমানিক ৭০০ কিলোগ্ৰাম মেথামফেটামাইন কঢ়িয়াই অনা এখন জাহাজ আটক কৰা হয়। কোনো পৰিচয় পত্ৰ নোহোৱাকৈ উদ্ধাৰ হোৱা জাহাজখনত থকা ৮ জন বিদেশী নাগৰিকে নিজকে ইৰাণী বুলি দাবী কৰিছে।

নিৰন্তৰ চোৰাংচোৱা সংগ্ৰহ আৰু বিশ্লেষণৰ ফলত এআইএছ ব্যৱস্থাৰ অভাৱত পঞ্জীয়নবিহীন জাহাজৰ সন্দৰ্ভত এক নিৰ্ভৰযোগ্য তথ্য চিনাক্ত কৰা হয়, যিখন জাহাজে নিচাযুক্ত দ্ৰব্য আৰু মনোৰোগ সৃষ্টিকাৰী পদাৰ্থৰে ভাৰতৰ জলসীমাত প্ৰৱেশ কৰিবলৈ নিৰ্ধাৰণ কৰা হৈছিল। এই চোৰাংচোৱাৰ ভিত্তিত অপাৰেচন "SAGAR-MANTHAN-4" আৰম্ভ কৰা হয়। ভাৰতীয় নৌসেনাই নিজৰ মিছনত নিয়োজিত সামুদ্ৰিক টহলদাৰী সম্পত্তিসমূহ দ্ৰুতগতিত সংগঠিত কৰি জাহাজখন চিনাক্ত আৰু বাধা প্ৰদান কৰে। এই অভিযানৰ ফলত ২০২৪ চনৰ ১৫ নৱেম্বৰত প্ৰায় ৭০০ কিলোগ্ৰাম মেথামফেটামাইন জব্দ কৰা হয় আৰু আঠজন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়।

ড্ৰাগছ ছিণ্ডিকেটৰ পিছপৰা আৰু আগলৈ দুয়োটাৰে সম্পৰ্ক বিচাৰি উলিওৱাৰ তদন্ত অব্যাহত আছে, বিদেশী ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থা (ডি এল ই এ)ৰ সমৰ্থনত। এই অভিযানে ফলপ্ৰসূ আন্তঃসংস্থা সহযোগিতা আৰু সমন্বয়ৰ এক প্ৰধান উদাহৰণ হিচাপে কাম কৰে।

চলিত বৰ্ষৰ আৰম্ভণিতে এনচিবিয়ে এনচিবিৰ মুখ্য কাৰ্যালয়ৰ অপাৰেচন শাখাৰ বিষয়াসকলৰ লগতে ভাৰতীয় নৌসেনাৰ অপাৰেচন/চোৰাংচোৱা শাখা, ইণ্ডিয়ান ক’ষ্ট গাৰ্ড, আৰু এটিএছ গুজৰাট আৰক্ষীৰ কৰ্মীৰে গঠিত এটা বিশেষ দল গঠন কৰি অপাৰেচন “সাগৰ-মন্থন” আৰম্ভ কৰিছিল . সামুদ্ৰিকভাৱে অবৈধ ড্ৰাগছ সৰবৰাহৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকিৰ সমাধানৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছিল। ভাৰতীয় নৌসেনা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সমন্বয়ত ধাৰাবাহিকভাৱে সফল সামুদ্ৰিক অভিযান চলোৱা হৈছে। আজিলৈকে প্ৰায় ৩৪০০ কিলোগ্ৰাম বিভিন্ন নিচাযুক্ত দ্ৰব্য আৰু মনোৰোগ সৃষ্টিকাৰী পদাৰ্থ জব্দ কৰা হৈছে, যাৰ ফলত তিনিটা পৃথক গোচৰত ১১ জন ইৰাণী নাগৰিক আৰু ১৪ জন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা আটাইকেইজন ব্যক্তি বৰ্তমান কাৰাগাৰত আছে, বিচাৰৰ বাবে অপেক্ষা কৰি আছে।

ভাৰতীয় ভূখণ্ডৰ জলসীমাত এই উল্লেখযোগ্য কাৰ্যকৰী সাফল্যসমূহে ২০৪৭ চনৰ ভিতৰত নছা মুক্তি ভাৰতৰ আমাৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ ভাৰতৰ পৰা ড্ৰাগছৰ মহামাৰী নিৰ্মূল কৰাৰ আমাৰ সংকল্পৰ প্ৰমাণ ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছৰ অপব্যৱহাৰ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এনচিবিত যোৱা ২ বছৰত সৃষ্টি কৰা ৪২৫টা পদৰ উপৰিও ৫টা এছপি পৰ্যায়ৰ পদকে ধৰি ১১১টা পদ সৃষ্টি কৰিছে।

*****

RK/VV/PR/PS


(Release ID: 2075065) Visitor Counter : 6