আইন আৰু ন্যায় মন্ত্ৰালয়
azadi ka amrit mahotsav

১৯ নৱেম্বৰ, ২০২৪ত অসমৰ গুৱাহাটীত অনুষ্ঠিত হ'ব 'হামাৰা সংবিধান হামাৰা সন্মান'ৰ তৃতীয় আঞ্চলিক অনুষ্ঠান

Posted On: 14 NOV 2024 10:00PM by PIB Guwahati

ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ  ন্যায় বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা কেন্দ্ৰীয় খণ্ডৰ আঁচনি হলিষ্টিক এক্সেছ টু জাষ্টিছ (ডিআইএছএ)ৰ অধীনত বছৰজোৰা  'হামাৰা সংবিধান হামাৰা সন্মান' অভিযান উদযাপনৰ তৃতীয় আঞ্চলিক অনুষ্ঠান ১৯ নৱেম্বৰ, ২০২৪ত অসমৰ গুৱাহাটীত  আয়োজন কৰা হৈছে।  ভাৰতীয় সংবিধান আৰু ভাৰতক গণৰাজ্য হিচাপে গ্ৰহণ কৰাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি  উপলক্ষে্য   ১৯ নৱেম্বৰত আইআইটি গুৱাহাটীৰ প্ৰেক্ষাগৃহত আবেলি ৪.৩০ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ এই অনুষ্ঠান অনুষ্ঠিত হ'ব।

 

 

ভাৰতীয় সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক  বাৰ্ষিকী উপলক্ষে ভাৰতৰ সংবিধান ৰচনাত  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সংবিধান সভাৰ ১৫ গৰাকী মহিলা সদস্যাৰ সন্মানত গছপুলি ৰোপণেৰে  এই অনুষ্ঠান আৰম্ভ কৰা হ'ব।

 

উক্ত অনুষ্ঠানতে  সংবিধান কট্টা নামৰ  আলোচনীখনৰো  শুভাৰম্ভ কৰা হ'ব, য'ত দৈনন্দিন জীৱনত সংবিধানৰ তাৎপৰ্য বৰ্ণনা কৰা ৭৫  টা অতুলনীয় কাহিনী সন্নিষ্ট কৰা হৈছে। লগতে টেলি আইন আৰু ন্যায় বন্ধু কাৰ্যসূচীৰ সৈতে জড়িত অংশীদাৰ তথা  ক্ষেত্ৰ কৰ্মকৰ্তাসকলৰ অভিজ্ঞতাৰ বিষয়েও আলোচনীখনত  আলোকপাত কৰা হ'ব।

 

ইয়াৰ উপৰি টেলি আইন আৰু ন্যায় বন্ধু কাৰ্যসূচীৰ জৰিয়তে  সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰা ১০ গৰাকী হিতাধিকাৰীৰ বাস্তৱ জীৱনৰ কাহিনীৰ চিত্ৰায়নেৰে  এখন কমিক বুক মুকলি কৰা হ'ব।  উক্ত কমিক বুক খন এক আকৰ্ষণীয় কৌতুক বিন্যাসত উপস্থাপন কৰা হ'ব।

 

তদুপৰি, অনুষ্ঠানটোত টেলি আইন আৰু ন্যায় বন্ধু (প্ৰ'বোনো আইনী সেৱা) কাৰ্যসূচীৰ জৰিয়তে নাগৰিকসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আঠটা পডকাষ্ট মুকলি কৰা হ'ব।

 

অনুষ্ঠানটোত আইন আৰু ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালৰ লগতে গৌহাটি উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ  ন্যায়াধীশ  শ্ৰী বিজয় বিষ্ণোই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোত প্ৰায় ১৪০০  গৰাকী  অংশগ্ৰহণকাৰীয়ে   অংশগ্ৰহণ কৰিব, যাৰ ভিতৰত আছে গৌহাটি উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ন  বিষয়া, ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ অসমৰ বিষয়া, গুৱাহাটী বাৰ এছ'চিয়েচনৰ অধিবক্তা, চৰকাৰী পৰামৰ্শদাতা, ন্যায়িক বিষয়া, চি এছ চিৰে জড়িত গাওঁ পৰ্যায়ৰ উদ্যোগী(ভিএলই), উপাচাৰ্য, অনুষদ, আৰু ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ  বিদ্যাৰ্থীসকল,  আইআইটি গুৱাহাটীৰ সঞ্চালক/পঞ্জীয়ক/ কৰ্তৃপক্ষৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল আদি। ইয়াৰ উপৰি কেইবাগৰাকীও সাধাৰণ নাগৰিক  তথা  ন্যায় বিভাগৰ অংশীদাৰেও ভাৰ্চুৱেল মোডৰ জৰিয়তে অনুষ্ঠানটোত যোগদান কৰিব।

 

 

২০২৪ চনৰ ২৪ জানুৱাৰীত নতুন দিল্লীৰ ড০ বি আৰ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে 'হামাৰা সংবিধান হামাৰা সন্মান' অভিযান আৰম্ভ কৰিছিল। এই অভিযানটো সংবিধানৰ বিষয়ে ধাৰণা সুদৃঢ়  কৰিবলৈ আৰু আইনী অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে আৰম্ভ  কৰা হৈছে। অভিযানটোত অংশগ্ৰহণ আৰু অন্তৰ্ভুক্তি বৃদ্ধি কৰাৰ বাবে  আঞ্চলিক ভিত্তিক  অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। প্ৰথম আঞ্চলিক অনুষ্ঠানটো ভাৰতৰ মাননীয় প্ৰাক্তন মুখ্য ন্যায়াধীশ ন্যায়াধীশ শ্ৰী  ডি.ৱাই. চন্দ্ৰচূড়ে  ২০২৪ চনৰ ৯ মাৰ্চত  ৰাজস্থানৰ বিকানেৰত উদ্বোধন কৰিছিল। দ্বিতীয় আঞ্চলিক অনুষ্ঠানটো ২০২৪ চনৰ ১৬  জুলাইত  প্ৰয়াগৰাজত অনুষ্ঠিত হৈছিল।

 সমগ্ৰ ভাৰতক সামৰি লোৱা এই  অভিযানৰ মুখ্য উদ্দেশ্যসমূহ হৈছে:

 

আঞ্চলিক পৰ্যায়ত 'হামাৰা সংবিধান হামাৰা সন্মান'ৰ ভাৱনাক উদযাপন  কৰা ।

স্থানীয় সম্প্ৰদায়ৰ মাজত  সংবিধানৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।

সবকো ন্যায় হৰ ঘৰ ন্যায়, নৱ ভাৰত নৱ সংকল্প, আৰু বিধি জাগৃতি অভিযানৰ দৰে উপ-অভিযানৰ আয়োজন কৰা।

'হামাৰা সংবিধান হামাৰা সন্মান' পৰ্টেলৰ জৰিয়তে নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰা।


(Release ID: 2073662) Visitor Counter : 26


Read this release in: English , Hindi