ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত টেক্স ২০২৫-এ আন্তৰ্জাতিক গতি লাভ কৰিছে

বস্ত্ৰ মন্ত্ৰালয়ে ৩০ খনতকৈও অধিক দেশৰ সৈতে মত-বিনিময় সত্ৰৰ আয়োজন কৰিছে
ভাৰত টেক্স ২০২৫-ত মাপ, স্থিৰতা আৰু দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব

ভাৰতে এক অংশীদাৰী ভৱিষ্যত, আমাৰ সকলোৰে বাবে বহনক্ষম, ন্যায়সঙ্গত আৰু সমৃদ্ধ ভৱিষ্যতৰ লক্ষ্য গ্ৰহণ কৰিছে : শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

Posted On: 22 OCT 2024 2:07PM by PIB Guwahati

বস্ত্ৰ মন্ত্ৰালয়ে কালি নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত ভাৰত টেক্স ২০২৫ৰ বাবে ভাৰতত বৈদেশিক প্ৰতিনিধিসকলৰ সৈতে এক মত-বিনিময় সত্ৰৰ আয়োজন কৰে। এই অনুষ্ঠানত অষ্ট্ৰেলিয়া, আজাৰবাইজান, ব্ৰাজিল, কলম্বিয়া, চিলি, ডেনমাৰ্ক, ইজিপ্ত, ফিনলেণ্ড, ইণ্ডোনেছিয়া, ইটালী, কাজাখস্তান, কেনিয়া, লেচোথো, মণ্টেনিগ্ৰো, মালয়েছিয়া, মঙ্গোলিয়া, মেক্সিকো, পেৰু, ফিলিপাইনছ, কোৰিয়া গণৰাজ্য, ৰাছিয়া, শ্ৰীলংকা, চোমালিয়া, টাইৱান, টোগো, থাইলেণ্ড, উজবেকিস্তান আৰু ভিয়েটনামৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী শ্ৰী পাবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অধিৱেশনত বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী ৰচনা শ্বাহৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ সচিব শ্ৰী পি কুমাৰন, বস্ত্ৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী ৰোহিত কন্সল, বস্ত্ৰ মন্ত্ৰালয়ৰ বাণিজ্য উপদেষ্টা শ্ৰীমতী শুভ্ৰা আৰু উদ্যোগ খণ্ডৰ অন্যান্য নেতা আৰু বিষয়াসকল উপস্থিত থাকে।

এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধিসকলক ভাৰত টেক্স ২০২৫ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰত টেক্স ২০২৫ক এই পৰ্যন্ত সৰ্ববৃহৎ আৰু সবাতোকৈ বিস্তৃত বস্ত্ৰ অনুষ্ঠান বুলি অভিহিত কৰি তেওঁ ইয়াক বস্ত্ৰৰ সমগ্ৰ মূল্য শৃংখলাক একেখন মঞ্চৰ অধীনলৈ অনাৰ এক অনন্য প্ৰয়াস বুলি উল্লেখ কৰে। তেওঁ বিশ্বৰ বস্ত্ৰ উদ্যোগে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহৰ বাবে উদ্ভাৱনী সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত ভাৰতীয় বস্ত্ৰ উদ্যোগৰ উদ্যোগী মনোবৃত্তি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে ভাৰত টেক্সে ভাৰতৰ এক নিৰ্ভৰযোগ্য, বহনক্ষম উৎসৰ গন্তব্যস্থল হিচাপে আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে বস্ত্ৰ খণ্ডৰ বাবে বৃহৎ পৰিমাণত বিনিয়োগৰ নিশ্চিতি প্ৰদান কৰিব।

এই খণ্ডটোত মূল্য শৃংখলাটোত বৃহৎ পৰিমাণৰ নিয়োগৰ সুবিধা থকাৰ লগতে আৰু সকলো সামাজিক ক্ষেত্ৰত জনসাধাৰণৰ জীৱনৰ সৈতে ওতঃপ্ৰোতঃ সম্পৰ্ক আছে। উদ্ভাৱন, সহযোগিতা আৰু মেক ইন ইণ্ডিয়াৰ মনোভাৱৰ সৈতে এই অনুষ্ঠানটো হৈছে প্ৰধানমন্ত্ৰীৰ- ফাৰ্ম টু ফাইবাৰ টু ফেশ্বন টু ফেশ্বন টু ফৰেইনৰ ৫টা এফৰ দৃষ্টিভংগীৰ প্ৰতিফলন।

শ্ৰীমতী ৰচনা শ্বাহে গ্লোবেল টেক্সটাইল উদ্যোগত ভাৰত টেক্সৰ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ লগতে অংশগ্ৰহণকাৰীসকলক বিশ্বৰ বৃহৎ বস্ত্ৰ অনুষ্ঠানত অংশীদাৰ দেশ হিচাপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ উপৰি তেওঁ পিএলআই আৰু পিএম-মিত্ৰ উদ্যানকে ধৰি বিভিন্ন উদ্যম আৰু আঁচনিৰ দ্বাৰা সমৰ্থিত শক্তিশালী নীতি সমৰ্থনৰ সৈতে বস্ত্ৰ খণ্ডৰ ওপৰত ভাৰতৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।  

ভাৰত টেক্স হৈছে বস্ত্ৰ ৰপ্তানি প্ৰচাৰ পৰিষদৰ (ইপিচি) এটা সংঘৰ দ্বাৰা আয়োজিত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত এটা বৃহৎ গোলকীয় বস্ত্ৰ অনুষ্ঠান। অহা ১৪ ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ভাৰত টেক্স ২০২৫ এক গোলকীয় বস্ত্ৰ বাণিজ্য মেলা আৰু জ্ঞান মঞ্চ হিচাপে বিবেচিত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপম আৰু গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো চেণ্টাৰ আৰু মাৰ্টত একে সময়তে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰত মণ্ডপমত ১৪-১৭ ফেব্ৰুৱাৰীলৈ মূল অনুষ্ঠান অনুষ্ঠিত হব যদিও বস্ত্ৰৰ সমগ্ৰ মূল্য শৃংখলাক সামৰি হস্তশিল্প, আৰু থলুৱা সাজ-পোছাক সম্পৰ্কীয় প্ৰদৰ্শনী ১২ ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো চেণ্টাৰ আৰু মাৰ্টত অনুষ্ঠিত হ'ব।

ভাৰত টেক্স ২০২৫ৰ লক্ষ্য হৈছে ২০২৪ চনৰ প্ৰথম সংস্কৰণৰ সুন্দৰ সফলতা প্ৰদৰ্শন কৰা। স্থিতিস্থাপক গোলকীয় মূল্য শৃংখলা আৰু স্থিৰতাৰ দ্বৈত বিষয়বস্তুক সামি আয়োজন কৰা এই বছৰৰ অনুষ্ঠানটো প্ৰথম সংস্কৰণতকৈ অধিক প্ৰাণৱন্ত আৰু আকৰ্ষণীয় হ'ব বুলি আশা কৰা হৈছে আৰু ই বিশ্বৰ আগশাৰীৰ নীতি নিৰ্ধাৰক, মুখ্য কাৰ্যবাহী বিষয়া, আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শক আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰেতাসকলক আকৰ্ষিত কৰিব। এই বছৰৰ অনুষ্ঠানটোত অভিলেখ সংখ্যক ৫,০০০ ৰো অধিক প্ৰদৰ্শক, ১১০খনতকৈও অধিক দেশৰ ৬,০০০ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু ১,২০,০০০ ৰো অধিক দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

ভাৰত টেক্স ২০২৫ৰ প্ৰদৰ্শনীত সাজ-পোছাক, গৃহ সজ্জা, আঁহ, সূতা, কাপোৰ, কাৰ্পেট, ৰেচম, হস্ততাঁত, বস্ত্ৰশিল্প, কাৰিকৰী বস্ত্ৰ, বস্ত্ৰত ব্যৱহাৰ কৰা ৰং আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ আদি প্ৰদৰ্শন কৰা হব।

এই বৃহ অনুষ্ঠানটোৱে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় যেনে উদ্যোগ ৪.০, স্থায়ীত্ব, গোলকীয় মূল্য শৃংখলা, বিনিয়োগ, বাণিজ্য আদি বিভিন্ন বিষয়ত সন্মিলন, আলোচনাচক্ৰ, মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেল আদিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ মঞ্চ প্ৰদান কৰিব।

অংশগ্ৰহণকাৰীসকলে সাংস্কৃতিক কাৰ্যসূচী, ফেশ্বন প্ৰেজেণ্টেচন, ডিজাইনাৰ আৰু ব্ৰেণ্ড প্ৰদৰ্শনীৰ লগতে বিভিন্ন কৰ্মশালা তথা বিশেষজ্ঞসকলৰ আলোচনা আদি উপভোগ কৰিব পাৰিব। ভাৰত টেক্স ২০২৫-ৰ লক্ষ্য হৈছে ভাৰতৰ সম্পূৰ্ণ বস্ত্ৰ মূল্য শৃংখলা প্ৰদৰ্শন কৰাৰ বাবে এক অনন্য আৰু একত্ৰিত মঞ্চ হিচাপে কাম কৰাৰ লগতে ফেশ্বন, পৰম্পৰাগত কাৰুশিল্প আৰু স্থায়ীত্বৰ উদ্যম আদিৰ শক্তি সন্দৰ্ভত আলোকপাত কৰা।

***

VN/NB/BB


(Release ID: 2067176) Visitor Counter : 53


Read this release in: English , Urdu , Hindi , Tamil