মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

‘শ্বী-বক্স পৰ্টেল’-ৰ শুভাৰম্ভ ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে

মহিলা সৱলীকৰণৰ বাবে কৰ্মস্থানত সুৰক্ষা শক্তিশালী কৰাৰ প্ৰয়াস!

Posted On: 02 SEP 2024 12:35PM by PIB Guwahati

মহিলাসকলৰ বাবে কৰ্মস্থানত সুৰক্ষা বৃদ্ধি কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ নেতৃত্বত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে ২৯ আগষ্ট ২০২৪ তাৰিখে এক অনুষ্ঠানত নতুন ‘শ্বী-বক্স পৰ্টেল’(SHe-Box portal)ৰ শুভাৰম্ভ ঘোষণা কৰে। কেন্দ্ৰীভূত ‘প্লেটফৰ্ম’টো কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন সম্পৰ্কীয় অভিযোগৰ পঞ্জীয়ন আৰু নিৰীক্ষণ সুশৃংখলিত কৰাৰ বাবে যুগুতাই উলিওৱা হৈছে। নতুন দিল্লীত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰালয়টোৰ বাবে এটা নতুন ‘ৱে’বছাইট’ উন্মোচন কৰা হয়, যি দুটা ব্যৱস্থাই জনসাধাৰণৰ সৈতে চৰকাৰৰ ‘ডিজিটেল সম্পৰ্ক’ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

 

কৰ্মস্থানত উৎপীড়নৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ

সমগ্ৰ ভাৰতৰ কৰ্মক্ষেত্ৰসমূহত মহিলাৰ যৌন নিৰ্যাতন প্ৰতিহত কৰাৰ বাবে চৰকাৰৰ চলিত প্ৰচেষ্টাত ‘শ্বী-বক্স পৰ্টেল’ হৈছে এক গুৰুত্বপূৰ্ণ উপাদান। এক ‘কেন্দ্ৰীভূত তথ্য-ভাণ্ডাৰ’ হিচাপে কাম কৰি পৰ্টেলটোৱে চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডতে গঠন কৰা ‘আভ্যন্তৰীণ সমিতি’ (আইচি) আৰু ‘স্থানীয় সমিতি’(এলচি)সমূহৰ বিষয়ে তথ্য সংৰক্ষণ কৰিব। ই মহিলাসকলক অভিযোগ দাখিল কৰিবলৈ, অভিযোগসমূহৰ স্থিতি নিৰীক্ষণ কৰিবলৈ, আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা সময়মতে অভিযোগবোৰৰ প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰিবলৈ এক একত্ৰিত মঞ্চ প্ৰদান কৰিব।

 Image

শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে তেওঁৰ ভাষণত পৰ্টেলটোৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি কয় যে ই মহিলাসকলক কৰ্মক্ষেত্ৰত উৎপীড়নৰে মোকাবিলা কৰাৰ বাবে এক অধিক দক্ষ আৰু সুৰক্ষিত পদ্ধতি প্ৰদান কৰিব। "এই পদক্ষেপে সমগ্ৰ ভাৰতৰ মহিলাসকলৰ বাবে এক সুৰক্ষিত আৰু অধিক সামগ্ৰিক কৰ্মপৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধক অগ্ৰগতি প্ৰদান কৰিব" তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে আশ্বাস দিয়ে যে ব্যক্তিগত তথ্য গোপনীয় হৈ থকাটো নিশ্চিত কৰি অভিযোগকাৰীসকলৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে এই ‘পৰ্টেল’টো যুগুতাই উলিওৱা হৈছে।

 

কৰ্মবাহিনীত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰয়াস

ভাৰতে ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকীৰ ওচৰ চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত চৰকাৰে মহিলানেতৃত্বাধীন উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সামগ্ৰিক অৰ্থনৈতিক বিকাশত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি চৰকাৰে এক সুৰক্ষিত আৰু নিৰাপদ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিছে, যিটো পৰিৱেশে কৰ্মবাহিনীত মহিলাসকলৰ অংশগ্ৰহণৰ হাৰ উন্নত কৰাত সহায় কৰিব। ‘কৰ্মক্ষেত্ৰত মহিলাৰ যৌন উৎপীড়ন (প্ৰতিৰোধ, নিবাৰণ, আৰু নিষ্পত্তি) আইন, ২০১৩’ হৈছে মহিলাসকলক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষিত কৰা আৰু তেওঁলোকৰ অভিযোগবোৰ সমাধান কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ এক আধাৰশিলা।

 Image

নতুনকৈ মুকলি কৰা ‘শ্বী-বক্স পৰ্টেল’টোৱে এই আইনৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰে। অভিযোগবোৰ কেৱল পঞ্জীয়ন কৰাই নহয় বৰঞ্চ, সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি কৰ্মস্থানত সংঘটিত উৎপীড়নৰ সমস্যা সমাধানৰ বাবে এক শক্তিশালী পৰিকাঠামো প্ৰদান কৰাটো ই নিশ্চিত কৰিছে।

 

মন্ত্ৰালয়টোৰ নতুন ৱেবছাইট

‘শ্বী-বক্স পৰ্টেল’ৰ উপৰিও, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে নতুনকৈ বিকশিত কৰা ‘ৱে’বছাইট’ এটাও মুকলি কৰে। এই ‘ৱে’বছাইট’টো ‘ডিজিটেল প্লেটফৰ্ম’ত এক সংহত দৃশ্যমান পৰিচিতি সৃষ্টি কৰাৰ বাবে যুগুতাই উলিওৱা হৈছে, যাৰ ফলত ৰাষ্ট্ৰীয় আৰু গোলকীয় দৰ্শকসকলৰ সৈতে চৰকাৰৰ সম্পৰ্ক বৃদ্ধি হ'ব। যিহেতু ‘ডিজিটেল প্লেটফৰ্ম’সমূহ ক্ৰমাগতভাবে নাগৰিকসকলৰ বাবে যোগাযোগৰ প্ৰাথমিক বিন্দু হৈ উঠিছে, নতুন ‘ৱে’বছাইট’টোৱে এক শক্তিশালী আৰু আকৰ্ষণীয় ‘অনলাইন’ উপস্থিতি বৰ্তাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

 Image

ডিজিটেল উদ্ভাৱনৰ জৰিয়তে মহিলাসকলৰ সৱলীকৰণৰ প্ৰয়াস

‘শ্বী-বক্স পৰ্টেল’ৰ শুভাৰম্ভ হৈছে ডিজিটেল উদ্ভাৱনৰ জৰিয়তে মহিলাসকলৰ সৱলীকৰণৰ বিস্তৃত দৃষ্টিভংগীৰ অংশ। যৌন উৎপীড়ন সম্পৰ্কীয় অভিযোগ পঞ্জীয়নৰ বাবে ‘ছিংগল-উইণ্ডো’ প্ৰৱেশানুকূলতা প্ৰদান কৰি ‘পৰ্টেল’টোৱে কামৰ স্থিতি বা খণ্ড নিৰ্বিশেষে সমগ্ৰ দেশৰ মহিলাসকলৰ বাবে প্ৰক্ৰিয়াটো যথেষ্ট সহজ কৰিব বুলি আশা কৰা হৈছে। ‘শ্বী-বক্স’ সংগঠিত বা অসংগঠিত খণ্ড, ৰাজহুৱা বা ব্যক্তিগত সংগঠন, আনকি ঘৰুৱা মহিলা শ্ৰমিকসকলৰ বাবেও উপলব্ধ হ’ব।

 Image

‘পৰ্টেল’টোত ‘কৰ্মক্ষেত্ৰত মহিলাৰ যৌন উৎপীড়ন (প্ৰতিৰোধ, নিবাৰণ, আৰু নিষ্পত্তি) আইন, ২০১৩’ সম্পৰ্কীয় সম্পদৰ এক তথ্য-ভাণ্ডাৰ আছে, যাৰ ভিতৰত আছে ‘হেণ্ডবুক’, ‘প্ৰশিক্ষণ মডিউল’, আৰু ‘পৰামৰ্শদাতা’ নথিপত্ৰ। এই সম্পদবোৰ হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ আৰু এইবোৰ বিনামূলীয়াকৈ প্ৰৱেশ বা ‘ডাউনলোড’ কৰিব পাৰি। ‘পৰ্টেল’টোত আইন আৰু ইয়াৰ ব্যৱস্থাসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ‘ভিডিঅ'সমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

উপসংহাৰ

‘শ্বী-বক্স পৰ্টেল’ৰ শুভাৰম্ভই ভাৰতত মহিলাসকলৰ বাবে এক সুৰক্ষিত আৰু অধিক ন্যায়সঙ্গত কামৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি চিহ্নিত কৰিছে। ‘ডিজিটেল প্ৰযুক্তি’ক আইনী পৰিকাঠামোৰ সৈতে একত্ৰিত কৰি ‘পৰ্টেল’টোৱে নিশ্চিত কৰে যে কৰ্মক্ষেত্ৰত উৎপীড়নৰ মোকাবিলা কৰাৰ বাবে মহিলাসকলৰ এক নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত মঞ্চ আছে। নতুন মন্ত্ৰালয়ৰ ‘ৱে’বছাইট’ৰ সৈতে এই পদক্ষেপে ২০৪৭ চনত ভাৰতে শতবাৰ্ষিকীৰ দিশত আগবাঢ়ি অহাৰ লগে লগে সকলো মহিলাৰ বাবে এক সামগ্ৰিক আৰু সহায়ক পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰে।

তথ্যসূত্ৰ

https://pib.gov.in/PressReleasePage.aspx?PRID=2049765

https://shebox.wcd.gov.in/about

https://shebox.wcd.gov.in/assets/usermanual/SheBoxUsermanual_DNO_Registration.pdf

https://x.com/MinistryWCD/status/940906670296670210/photo/2

https://x.com/MinistryWCD/status/1829174669792162018

Please click here to see in PDF

***

Santosh Kumar/ Sheetal Angral /Madiha Iqbal/KB



(Release ID: 2050852) Visitor Counter : 32