নৌ-পৰিবহন মন্ত্ৰালয়
কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে দ্বৈত অলিম্পিক মেডেলিষ্ট মনু ভাকাৰ - সামুদ্ৰিক নাবিকৰ কন্যাক সম্বৰ্ধনা জনায়
‘ফুলাম গামোছা’ৰে সন্মানিত অলিম্পিক চেম্পিয়নগৰাকীক ইণ্ডিয়ান পোৰ্টছ এছ’চিয়েশ্যনৰ (আইপিএ) পৰা ₹১০ লাখ টকাৰ চেক প্ৰদান কৰা হয়।
শ্ৰী সোণোৱালে ভাকাৰৰ মাক আৰু পেছাত নাবিক পিতৃকো সম্বৰ্ধনা জনায়
মনু ভাকাৰে যুৱ নাবিকসকলৰ সৈতে তেওঁৰ মতামত প্ৰকাশ কৰি কয়, “নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিয়ক, গৌৰৱান্বিত হওঁক”, আগবাঢ়ি যোৱাৰ কোনো সীমা নাই
‘মনু ভাকাৰে তেওঁৰ অভূতপূৰ্ব সাফল্যৰ জৰিয়তে কেৱল আমাৰ দেশক গৌৰৱান্বিত কৰাই নহয়, যুৱ নাবিকসহ পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিছে’: শ্ৰী সৰ্বানন্দ সোণোৱাল
Posted On:
16 AUG 2024 6:28PM by PIB Guwahati
পেৰিছ অলিম্পিক, ২০২৪ৰ দ্বৈত ব্ৰঞ্জ পদক বিজয়ী মনু ভাকাৰক কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি দিল্লীত সমগ্ৰ নাবিক সম্প্ৰদায়ৰ হৈ সম্বৰ্ধনা জনায়। এজন অভিজ্ঞ নাবিকৰ জীয়ৰী ভাকাৰক এটা অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় হোৱাৰ অসামান্য কৃতিত্বৰ স্বীকৃতিস্বৰূপে ইণ্ডিয়ান পোৰ্টছ এছ’চিয়েশ্যনৰ (আইপিএ) পৰা ফুলাম গামোছা, এখন মডেল জাহাজ আৰু ১০ লাখ টকাৰ চেকৰে সম্বৰ্ধনা জনোৱা হয়।

মনু ভাকাৰে আনসকলৰ মাজত যুৱ নাবিকসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল। চেম্পিয়ন শ্বুটাৰগৰাকীয়ে ভাগ বতৰা কৰিছিল যে কেনেদৰে তেওঁ এক নাবিকৰ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ পিছত অনুশাসন, নিষ্ঠা আৰু মনোযোগৰ মূল্যবোধবোৰ আত্মস্থ কৰিছিল। সোণোৱালে ভাকাৰৰ মাক - সুমেধা ভাকাৰ - আৰু তেওঁৰ দেউতাক - ৰাম কিষাণ ভাকাৰকো সম্বৰ্ধনা জনায়। ভাকাৰে ব্যৱসায়িক নৌবাহিনীৰ জাহাজত মুখ্য অভিযন্তা হিচাপে কাম কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “পেৰিছ অলিম্পিকত মনু ভাকাৰৰ অভূতপূৰ্ব সাফল্যই তেওঁৰ অধ্যৱসায় আৰু উৎকৃষ্টতাৰ দিশত নিৰন্তৰ প্ৰচেষ্টাক সূচায়। তেওঁ ভাৰতৰ যুৱ আকাংক্ষাৰ অদম্য মনোভাৱক প্ৰতিনিধিত্ব কৰে য’ত মহানতাৰ লক্ষ্য আৰু ইয়াক লাভ কৰাৰ মনোবল আছে। মনু ভাকাৰ আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা, বিশেষকৈ আমাৰ যুৱ নাবিকসকলৰ বাবে, কিয়নো তেওঁ নাবিকৰ সম্প্ৰদায়ৰ মাজত ডাঙৰ হোৱাৰ সময়ছোৱাত সঠিকভাৱে তেওঁ তেওঁৰ পৰিয়ালৰ পৰা অনুশাসন, নিষ্ঠা আৰু মনোযোগৰ মূল্যবোধবোৰ চিনাক্ত কৰি আত্মস্থ কৰিছিল। আমাৰ যুৱ নাবিকসকলৰ বাবে তেওঁৰ অনুপ্ৰেৰণাৰ কথাবোৰে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত বৃত্তিৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ চেষ্টা কৰাৰ সংকল্প সুদৃঢ় কৰিব।“
অনুষ্ঠানটোত ভাষণ দি মনু ভাকাৰে কয়, “মোৰ দেউতা, মা আৰু ভাতৃৰ সৈতে গ্ৰীষ্মৰ বন্ধৰ সময়ত জাহাজত যাত্ৰা কৰাৰ মোৰ ভাল লগা স্মৃতি আছে। সেই যাত্ৰাবোৰ কেৱল বন্ধই নাছিল কিয়নো ই মোক বিভিন্ন ভাষা, সংস্কৃতি আৰু জীৱনশৈলীৰ পৰা শিকিবলৈ সমৃদ্ধ কৰিছিল। মই বাটত বহুতো প্ৰত্যাহ্বানৰ সৈতে যুঁজিছিলো, কিন্তু সেইবোৰে কেৱল মোৰ সংকল্পহে শক্তিশালী কৰিছিল। মই সীমা অতিক্রম কৰাত বিশ্বাস কৰোঁ- ‘নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিয়ক, গৌৰৱান্বিত হওঁক।‘ ইয়াৰ অৰ্থ হৈছে গন্তব্যস্থানতকৈ অধিক গুৰুত্বপূৰ্ণ হৈছে তাত উপস্থিত হোৱাৰ আপোনাৰ যাত্ৰা আৰু এই সময়ছোৱাত আপোনাৰ সকলোবোৰ চেষ্টা গুৰুত্বপূৰ্ণ। মই ভাবো এইটো সাগৰীয় সম্প্ৰদায়ৰ সৈতে আটাইতকৈ বেছি খাপ খায় আৰু সকলোৱে ইয়াৰ সৈতে সম্পৰ্কিত হ’ব পাৰে।“

লগতে শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ প্ৰেৰণাদায়ক নেতৃত্বত চৰকাৰে উৎকৃষ্টতাৰ মনোভাৱ কঢ়িয়াই আনিবলৈ আৰু ক্ৰীড়াৰ বাবে এক পৰিৱেশ তন্ত্ৰ প্ৰস্তুত কৰাৰ বাবে বিশ্ব স্তৰত অত্যাধিক প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে বহুতো কাৰ্যসূচী হাতত লৈছে। ই আমাৰ বহুতো খেলুৱৈক সহায় কৰিছে। দেশৰ উন্নয়ন আৰু বিকাশক আগুৱাই নিয়াৰ ক্ষেত্ৰত খেলুৱৈ আৰু সামুদ্ৰিক পেছাদাৰীসকলৰ অমূল্য অৱদানক স্বীকৃতি দি মোদী চৰকাৰৰ ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতা উদযাপন আৰু প্ৰচাৰৰ অটল প্ৰতিশ্ৰুতি অব্যাহত থাকিব। মই মনু ভাকাৰক অলিম্পিকত তেওঁৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে ধন্যবাদ জনাব লাগিব কিয়নো তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত দুটা পদক জয় কৰা একমাত্ৰ খেলুৱৈ হৈ পৰিছে। মই মনু ভাকাৰৰ পিতৃ-মাতৃক তেওঁলোকৰ ছোৱালীয়ে দেশৰ বাবে সন্মান লাভ কৰাত আৰু তেওঁৰ আশ্চৰ্যকৰ দক্ষতাক সন্মান জনোৱাত তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো। তেওঁ দেশৰ বাবে আৰু বহুতো পদক জিকিবলৈ গৈ আছে কিয়নো তেওঁৰ বাৰে বাৰে জিলিকিবলৈ সামৰ্থ্য, সম্ভাৱনা, দৃষ্টিশক্তি, নিষ্ঠা, ভক্তি, প্ৰতিশ্ৰুতি আৰু কঠোৰ পৰিশ্ৰম আছে। আমাৰ দেশ মনুৰ বাবে সদায় গৌৰৱান্বিত হয় আৰু হৈ থাকিব।“

অনুষ্ঠানটোত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ (এমঅ’পিএছডব্লিউ)ৰ সচিব টিকে ৰামচন্দ্ৰন; যুটীয়া সচিব, এমঅ’পিএছডব্লিউ, আৰ লক্ষ্মণন; ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (আইডব্লিউএআই) অধ্যক্ষ বিজয় কুমাৰ আৰু অনান্যসকল উপস্থিত আছিল।
*****
NB/AK/AA
(Release ID: 2046201)