উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

এৰি ৰেচমৰ বাবে অ’য়েকো-টেক্স প্ৰমাণপত্ৰ লাভ কৰিলে এন ই এইচ এইচ ডি চিয়ে, এই স্বীকৃতি উত্তৰ-পূবৰ অনন্য এৰি ৰেচমৰ বাবে এক উল্লেখনীয় মাইলৰ খুঁটি হিচাবে চিহ্নিত হৈছে

Posted On: 16 AUG 2024 8:31PM by PIB Guwahati

উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ  উত্তৰ-পূব হস্ততাঁত আৰু হস্ততাঁত উন্নয়ন নিগম (NEHHDC)-এ ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সময়তে জাৰ্মানীৰ পৰা এৰি ৰেচমৰ  বাবে সন্মানীয় অ’য়েকো-টেক্স প্ৰমাণপত্ৰ  লাভ কৰিবলৈ সক্ষম হৈছে। এই উল্লেখযোগ্য সাফল্যই অঞ্চলটোৰ পৰম্পৰাগত বস্ত্ৰ কাৰুকাৰ্য্যক উন্নীত কৰাই নহয়, এৰি ৰেচমক  বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত, বহনক্ষম বস্ত্ৰ হিচাপেও  চিহ্নিত কৰিলে।

এৰি ৰেচম বিশ্বৰ একমাত্ৰ নিৰামিষ  ৰেচম হিচাপে বিখ্যাত, য’ত আন ৰেচমৰ দৰে ককন (এৰি খোলা)ৰ ভিতৰত থকা  পলুবিধক হত্যা কৰা নহয়। বৰঞ্চ পলুবিধে স্বাভাৱিকভাবে ককন(খোলা)ৰ পৰা ওলাই যায়, আৰু ককনবিধ  আমাৰ ব্যৱহাৰৰ বাবে এৰি দিয়ে। এই নীতিসন্মত আৰু পৰিৱেশৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰক্ৰিয়াই এৰি ৰেচমক অনন্য কৰি তুলিছে। এৰি ৰেচমৰ  বস্ত্ৰ উদ্যোগ প্ৰাণীৰ প্ৰতি  দয়া আৰু বহনক্ষমতাৰো প্ৰতীক হৈ পৰিছে।

বস্ত্ৰশিল্পত থকা  ক্ষতিকাৰক পদাৰ্থৰ বাবে কৰা  পৰীক্ষা  আৰু পৰিৱেশ অনুকূল পৰিস্থিতিত বস্ত্ৰ  উৎপাদন কৰাটো নিশ্চিত কৰাৰ এক কঠোৰ মান হৈছে অ’য়েকো-টেক্স প্ৰমাণপত্ৰ । এৰি ৰেচমৰ ক্ষেত্ৰত বজাই ৰাখিব পৰা সকলো পৰিবেশ অনুকূল কথাৰ বাবেই  অ’য়েকো-টেক্স প্ৰমাণপত্ৰ এক উল্লেখযোগ্য স্বীকৃতি হিচাবে বিবেচিত হৈছে। এনে স্বীকৃতিয়ে  অসমৰ এৰি  ৰেচমক  ভৌগোলিক সূচক (জি আই)ৰ  মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়াক শক্তিশালী  কৰাৰ লগতে  ইয়াৰ প্ৰমাণীকৰণ তথা  আঞ্চলিক গুৰুত্বকো বঢ়াই তুলিলে।

এই প্ৰমাণপত্ৰই এৰি ৰেচমক বিশ্বৰ ৰপ্তানি বজাৰত প্ৰৱেশৰ বাট প্ৰশস্ত কৰি তোলাৰ লগতে  ইয়াৰ প্ৰসাৰতা বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰ খনত ইয়াৰ শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিলে। এই স্বীকৃতিয়ে বহনক্ষম পদ্ধতিক আঁকোৱালি লোৱাৰ সমান্তৰালভাৱে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ তথা সংৰক্ষণৰ ক্ষেত্ৰত এন ই এইচ এইচ ডি চিৰ দায়বদ্ধতাকো প্ৰতিফলিত কৰিছে।

এই মাইলৰ খুঁটিস্বৰূপ স্বীকৃতিয়ে  এৰি ৰেচমৰ বাবে নতুন দুৱাৰ মুকলি কৰি দিলে, আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াক এক আগশাৰীৰ পৰিৱেশ-বন্ধুত্বপূৰ্ণ বস্ত্ৰ হিচাপে স্থান দিছে আৰু বিশ্বৰ বস্ত্ৰ উদ্যোগত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ সম্ভাৱনাকো প্ৰতিফলিত কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াই এন ই এইচ এইচ এইচ ডি চিৰ সকলো বিষয়া-কৰ্মচাৰীকে এই অনন্য স্বীকৃতিৰ বাবে  শুভেচ্ছা জ্ঞাপন কৰিছে।

 

********

 

AD/DK/DM



(Release ID: 2046200) Visitor Counter : 17


Read this release in: English , Urdu , Hindi