নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

‘ৰাষ্ট্ৰীয় জলপথ-২’ৰ অধীনস্থ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে পাঁচখন দলঙৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি নিশ্চিত কৰিছে চৰকাৰে

‘ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ’-য়ে অনুমোদন সম্পৰ্কীয় কঠোৰ নিয়মাৱলীৰ জৰিয়তে সুৰক্ষিত নৌ-পৰিবহণ নিশ্চিত কৰিছে

গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পই ধুবুৰীৰ পৰা সদিয়ালৈ সংযোগ শক্তিশালী কৰিছে, আঞ্চলিক উন্নয়ন বৃদ্ধি কৰিছে

Posted On: 06 AUG 2024 5:52PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ‘ৰাষ্ট্ৰীয় জলপথ-২’ৰ অংশ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চলি থকা দলং নিৰ্মাণ সন্দৰ্ভত আজি ৰাজ্যসভাত বিতং তথ্য প্ৰদান কৰে। সম্প্ৰতি, ধুবুৰীৰ পৰা সদিয়ালৈ ৮৯১ কিলোমিটাৰ বিস্তৃত আৰু ১৯৮৮ চনৰ ছেপ্টেম্বৰ মাহত আনুষ্ঠানিকভাৱে ‘ৰাষ্ট্ৰীয় জলপথ-২’ হিচাপে ঘোষণা কৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে পাঁচখন দলং নিৰ্মাণাধীন হৈ আছে।

ৰাষ্ট্ৰীয় জলপথৰ ওপৰত যিকোনো দলং নিৰ্মাণৰ বাবে ‘ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ’ (আইডব্লিউএআই)ৰ পৰা "আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ" (এনঅ'চি) আদায় কৰাৰ প্ৰয়োজন হয়। এই প্ৰয়োজনীয়তাই নিশ্চিত কৰে যে দলংসমূহে সুৰক্ষিতভাৱে নৌ-পৰিবহণ সম্ভৱ কৰি ৰখাৰ বাবে গুৰুত্বপূৰ্ণ পথালি আৰু উলম্ব অনুমোদন সম্পৰ্কীয় অত্যাৱশ্যকীয় মাপকসমূহ পূৰণ কৰিছে। ‘ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (ভাৰতত জলপথৰ শ্ৰেণীবিভাজন) নিয়মাৱলী, ২০০৬’ আৰু ২০১৬ আৰু ২০২২ চনত কৰা সংশোধন অনুসৰি ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰ নদীক ‘সপ্তম শ্ৰেণীৰ জলপথ’ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে, যাৰ বাবে দুটা সেতুবন্ধৰ মাজত পথালিয়ে ন্যূনতম ১০০ মিটাৰ আৰু ন্যূনতম ১০ মিটাৰ উলম্ব অনুমোদনৰ প্ৰয়োজন। আনহাতে, ডিব্ৰুগড়ৰ পৰা সাদিয়ালৈকে প্ৰসাৰিত অংশটোক ‘পঞ্চম শ্ৰেণীভুক্ত জলপথ’ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে, যাৰ বাবে দুটা সেতুবন্ধৰ মাজত পথালিয়ে ন্যূনতম ৮০ মিটাৰৰ আৰু ন্যূনতম ৮ মিটাৰ উলম্ব অনুমোদনৰ প্ৰয়োজন।

মন্ত্ৰালয়টোৱে লগতে নিশ্চিত কৰিছে যে ভৰালুমুখ (দক্ষিণ গুৱাহাটী)ক উত্তৰ গুৱাহাটীৰ সৈতে সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে ২৮ ফেব্ৰুৱাৰী ২০১৮ তাৰিখে ‘আইডব্লিউএআই’-য়ে ‘গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটী’ (জিএমডিএ)লৈ ‘আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ’ জাৰী কৰিছিল। এই অনুমোদনে নিশ্চিত কৰে যে দলংখনে প্ৰয়োজনীয় নিয়মাৱলী পালন কৰিছে, যাৰ ফলত জলপথটোৰে জাহাজৰ সুৰক্ষিত আৰু দক্ষ চলাচল অব্যাহত থাকিব।

*****

MJPS/AK/KB



(Release ID: 2042427) Visitor Counter : 28


Read this release in: English , Urdu , Hindi , Hindi_MP