উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত "উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ত্বৰান্বিত উন্নয়ন" শীৰ্ষক বাজেটৰ পিছৰ ৱেবিনাৰৰ আয়োজন

Posted On: 26 JUL 2024 10:28AM by PIB Guwahati

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত বৃহস্পতিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত  "উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ত্বৰান্বিত উন্নয়ন" শীৰ্ষক বাজেটৰ পিছৰ ৱেবিনাৰ এখন আয়োজন কৰা হয়। এই অনুষ্ঠানত অধ্যক্ষতা কৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় (DONER)ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে । উক্ত  ৱেবিনাৰত  সচিব শ্ৰী চঞ্চল কুমাৰ, উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ পৰিকল্পনা সচিব, বিত্ত সচিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন  ৰাজ্যৰ আৱাসিক আয়ুক্ত, উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়, উত্তৰ-পূৱ পৰিষদ, উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ চিপিএছইসকলৰ লগতে  বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

 

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে   জিডিপিৰ বৃদ্ধিৰ বিষয়টোত আলোকপাত কৰি কয়  যে   পূৰ্বৰ বছৰৰ তুলনাত বিত্তীয় ঘাটি হ্ৰাস আৰু আন্তঃগাঁথনিত মূলধনী ব্যয়ৰ বাবে ১১.১১ লাখ কোটি টকা আবণ্টন  কৰা হৈছে । তেওঁ কয় যে  ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত উন্নত যোগাযোগ ব্যৱস্থা  সুনিশ্চিত কৰিব পৰা যাব।  তেওঁ  লগতে আশ্বাস দিয়ে যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ সকলো চলি থকা প্ৰকল্প ক্ষীপ্ৰ গতিত ৰূপায়ণ কৰা হ’ব। তেওঁ   মন্ত্ৰালয়ে আৰম্ভ কৰা মূল সংস্কাৰমূলক পদক্ষেপৰ  ৰূপৰেখা দাঙি ধৰে আৰু  প্ৰকল্পসমূহৰ বাবে সময়মতে বাজেটৰ ধন মোকলাই দিয়া  আৰু ধনৰ অনুমোদন প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰা হ’ব বুলিও কয়।

 

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় (DONER)ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে তেওঁৰ ভাষণত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বিষয়ত আস্থা প্ৰকাশ কৰে। তেওঁ কয় “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত বিকশিত  ভাৰতৰ প্ৰগতিশীল যাত্ৰাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নক এক নতুন উচ্চতালৈ লৈ যাব।  উত্তৰ-পূবে ‘সবকা সাথ, সবকা বিকাশ’ মূলমন্ত্ৰৰে বিকশিত ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।”

 

তেওঁ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনক দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী, আৰু কৃষকৰ কল্যাণক অগ্ৰাধিকাৰ দি একেৰাহে সপ্তমবাৰৰ বাবে যুগান্তকাৰী বাজেট দাখিল কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।  তেওঁ লগতে  বাজেটত শিক্ষা, নিযুক্তি আৰু দক্ষতা বিকাশৰ  বাবে ১.৪৮ লাখ কোটি টকা ,   মহিলা আৰু যুৱতীসকলক লাভাৱান্বিত কৰা আঁচনিৰ বাবে ৩.০০ লাখ কোটি টকাৰ আৱণ্টনৰ দিয়াৰ বিষয়ে  আলোকপাত কৰে। তেওঁ লগতে কয় যে উত্তৰ-পূবৰ অ-ৰেহাইপ্ৰাপ্ত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ দ্বাৰাও গুৰুত্বপূৰ্ণ বিত্তীয় বিনিয়োগ কৰা হৈছে, যাৰ ফলত ২০১৪-১৫ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষৰ ভিতৰত ৫.২২ লাখ কোটি টকা ব্যয়ৰ বাবে ৰখা হৈছে।

 

ড০ মজুমদাৰে অঞ্চলটোত  ২০২৩-২৪ চনত প্ৰথমবাৰৰ বাবে প্ৰকৃত ব্যয় ১.০০ লাখ কোটি হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ PM-DevINE ৰ অধীনত ২০২২-২৩ চনৰ পৰা ২০২৫-২৬ চনলৈকে ৬,৬০০ কোটি টকা আবণ্টনে  আন্তঃগাঁথনি, সামাজিক উন্নয়ন আৰু জীৱিকা প্ৰকল্পত যথেষ্ট অৰিহণা যোগাইছে বুলি কয়। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীৰ কথা পুনৰবাৰ উল্লেখ কৰে।  অনুসূচিত জাতি আৰু অনুসূচিত জাতি জনজাতিৰ  মহিলা আৰু যুৱক-যুৱতীসকলৰ জীৱিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ৫,৯০০ কোটি টকাৰ বৰ্ধিত আবণ্টন দিয়াৰ বিষয়টোও তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয়  “এই মন্ত্ৰালয়ত মোৰ জ্যেষ্ঠ  শ্ৰীজ্যোতিৰাদিত্য সিন্ধিয়া জীৰ গতিশীলতাই ইতিমধ্যে আশাবাদৰ সৃষ্টি কৰিছে। তেওঁৰ বিস্তৃত অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰালকৈ মই  বিকশিত উত্তৰ-পূব যাত্ৰাৰ সময়ত আপোনালোক সকলোৰে কাষ চাপিবলৈ চেষ্টা কৰিম।”

ড০ মজুমদাৰে লগতে কয় যে বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ বাবে উত্তৰ-পূবত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ১০০টা শাখা মুকলি কৰা হ’ব। এই শাখাসমূহে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ  ভাই-ভনীসকলৰ বাবে বেংকিং সেৱা অধিক সুলভ আৰু বিশ্বাসযোগ্য কৰি তুলিব। আগৰতলা-আখৌৰা ৰে’লপথ সংযোগ, ছেলা সুৰংগ, কামাখ্যা কৰিডৰ, কালাদান মাল্টি-মডাল ট্ৰেনজিট পৰিবহণ প্ৰকল্প, ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন আদি আন্তঃগাঁথনি প্ৰকল্পক সংযোগ বৃদ্ধি আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ উদাহৰণ হিচাপে তেওঁ আলোকপাত কৰে।

ৱেবিনাৰত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনিৰ লগতে  PM-DevINE, এনইএছআইডিএছ(পথ), এনইএছআইডিএছ (অ’টিআৰআই), উত্তৰ-পূব পৰিষদৰ বিশেষ পেকেজ আৰু আঁচনিৰ বিষয়ে আলোকপাত কৰা হয় ।

                                                                        

 

***

 

AD/DK



(Release ID: 2037756) Visitor Counter : 23