প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন সাংসদ শ্ৰী প্ৰভাত ঝাৰ মৃত্যুত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 26 JUL 2024 1:05PM by PIB Guwahati

প্ৰাক্তন সাংসদ শ্ৰীযুত প্ৰভাত ঝাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সাংগঠনিক কুশলতাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথাও স্মৰণ কৰে।

‘এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ প্ৰভাত ঝাৰ মৃত্যুত অত্যন্ত দুখিত। মই তেওঁৰ কৰ্মশৈলী আৰু সংগঠনটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ কেনেদৰে সক্ৰিয় ভূমিকা পালন কৰিছিল, সেই বিষয়ে মই বহু ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছো। জনসেৱাৰ সমান্তৰালকৈ তেওঁ সাংবাদিকতা আৰু লেখাৰ ক্ষেত্ৰতো অমূল্য অৱদান আগবঢ়াইছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি!"

*********

DS/ST/KD
 


(रिलीज़ आईडी: 2037470) आगंतुक पटल : 65
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam