তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অষ্টাদশ এম.আই.এফ.এফ.ত ‘’ৱেব চিৰিজ/অ'টিটি প্লেটফৰ্ম – তথ্যচিত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ ‘’ শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন
তথ্যচিত্ৰ আৰু ছবিয়ে অ'টিটিৰ সহায়ত একেলগে গুৰুত্ব লাভ কৰিব পাৰে: পৰিচালক চাজি এন কৰুণ
অ'টিটি হৈছে মনোৰঞ্জনৰ সহজ আহিলা; এই প্লেটফৰ্ম উপভোগ কৰোঁ আহক: অধ্যাপক কে জি সুৰেশ
অ'টিটিয়ে তথ্যচিত্ৰ নিৰ্মাতাসকলক সমান সুযোগ দিব লাগে: চলচ্চিত্ৰ নিৰ্মাতা চুব্বিয়া নাল্লামুথু
Posted On:
19 JUN 2024 6:08PM by PIB Guwahati
অষ্টাদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ-২০২৪)ত আজি 'ৱেব চিৰিজ/অ'টিটি প্লেটফৰ্ম – তথ্যচিত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ' শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আলোচনাত তথ্যচিত্ৰ নিৰ্মাতাসকলে সন্মুখীন হোৱা সংগ্ৰাম আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে তথ্যচিত্ৰ নিৰ্মাতাসকলক সুযোগ প্ৰদান কৰাত অ'টিটি প্লেটফৰ্মৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়।
আলোচনাচক্ৰত উপস্থিত আছিল ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু কেৰালা ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ; পদ্মশ্ৰী বঁটা প্ৰাপ্ত শাজি এন কৰুণ, ভূপালৰ মাখনলাল চতুৰ্বেদী ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কে.জি. সুৰেশ; ৰাষ্ট্ৰীয় বঁটা বিজয়ী চিত্ৰগ্ৰহণকাৰী, পৰিচালক আৰু প্ৰযোজক, চুব্বিয়া নাল্লামুথু,ছফ্টৱেৰ বিপণন আৰু বিকাশ বিশেষজ্ঞ আৰু ৰাজহুৱা নীতি কৰ্মী ৰতন শাৰদা। আলোচনা চক্ৰখন ভাৰতীয় তথ্যচিত্ৰ প্ৰযোজক সংস্থাৰ সভাপতি আৰু জ্যেষ্ঠ তথ্যচিত্ৰ নিৰ্মাতা সংস্কাৰ দেশাইৰ দ্বাৰা পৰিচালনা কৰা হয়।
পৰিচালক শাজী এন কৰুণে গুৰুত্ব আৰোপ কৰি কয় যে, যদিও চিনেমা আৰু তথ্যচিত্ৰ কিছু ভিন্ন, তথাপিও অ'টিটি প্লেটফৰ্মত একেলগে থাকিব পাৰে। অ'টিটিয়ে এই দুয়োটা শৈলীক স্থান দিব পাৰে। তথ্যচিত্ৰ নিৰ্মাতাসকলে দৰ্শকসকলক তেওঁলোকৰ কামসমূহ প্ৰকাশ কৰিবলৈ এই প্লেটফৰ্মটো ব্যৱহাৰ কৰা উচিত বুলি তেওঁ প্ৰকাশ কৰে।
অধ্যাপক কে.জি. সুৰেশে অ'টিটিৰ জৰিয়তে সমলৰ গণতান্ত্ৰিককৰণ আৰু বিকেন্দ্ৰীকৰণৰ ওপৰত আলোকপাত কৰি ইয়াক মনোৰঞ্জনৰ এক বিপ্লৱ বুলি বৰ্ণনা কৰে। "অ'টিটি কেৱল গণতান্ত্ৰিককৰণ আৰু সমলৰ বিকেন্দ্ৰীকৰণেই নহয়, মনোৰঞ্জনৰ এক সহজ আহিলাও। তেওঁ প্ৰযুক্তিগত পৰিৱৰ্তনৰ ইতিবাচক প্ৰভাৱ বৰ্ণনা কৰি চাইকেল ৰিক্সাৰ আধুনিকীকৰণৰ উপমা ব্যৱহাৰ কৰি সেই কথা প্ৰকাশ কৰে।
চলচ্চিত্ৰ নিৰ্মাতা ভি. শান্তাৰাম লাইফটাইম এচিভমেণ্ট বঁটা প্ৰাপ্ত, চুব্বিয়া নাল্লামুথুৱে অ'টিটি প্লেটফৰ্মৰ সৈতে তথ্যচিত্ৰ নিৰ্মাতাসকলৰ চলি থকা সংগ্ৰাম আৰু প্ৰত্যাহ্বানসমূহ উল্লেখ কৰে। "যেতিয়া অ'টিটি আহিছিল, তথ্যচিত্ৰ নিৰ্মাতাসকলে তাক ডাঙৰ সুযোগ বুলি ভাবিছিল। কিন্তু এতিয়া, তেওঁলোকে এক কঠিন বাস্তৱৰ সন্মুখীন হৈছে বুলি তেওঁ উল্লেখ কৰে।
ৰতন শাৰদাই কিছু সংখ্যক অ'টিটি প্লেটফৰ্মে বাণিজ্যিকৰণত মনোনিৱেশ কৰা সম্পৰ্কত তেওঁ উদ্বেগ প্ৰকাশ কৰে। "কিছুমান অ'টিটি প্লেটফৰ্মে কেৱল ধন উপাৰ্জন আৰু দৰ্শকৰ বিষয়েহে ভাবে। তেওঁলোকৰ সামাজিক দায়বদ্ধতা মনত ৰাখিব লাগে,"। শাৰদাই লগতে পৰামৰ্শ প্ৰদান কৰে যে, চৰকাৰে তথ্যচিত্ৰৰ বাবে এক সমৰ্পিত মঞ্চ সৃষ্টি কৰাৰ বাবে এটা প্ৰকল্প আৰম্ভ কৰিব লাগে। তেনে কৰিলে উদ্যোগৰ সম্পৰ্ক অবিহনে নৱাগতসকলৰ বাবে লাভজনক হ'ব।
এম.আই.এফ.এফ.২০২৪-ৰ আলোচনা চক্ৰত তথ্যচিত্ৰ নিৰ্মাতাসকলৰ বাবে অ'টিটি প্লেটফৰ্মৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
PIB Team MIFF | Gautam/ Harshal/ Darshana | 42/AR
(Release ID: 2030356)
Visitor Counter : 46