মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

২০২৪ বৰ্ষৰ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা (উচ্চ শিক্ষা)ৰ মনোনয়ন পৰ্টেল মুকলি

কাৰিকৰী আৰু অ-কাৰিকৰী উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ শিক্ষকসকলক প্ৰদান কৰা হ’ব এই বঁটা

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২০২৪ৰ ২০জুন

Posted On: 21 MAY 2024 6:43PM by PIB Guwahati

এআইচিটিইৰ অধ্যক্ষ টি জি সীতাৰামৰ উপস্থিতিত উচ্চ শিক্ষাৰ সচিব সঞ্জয় মূৰ্তিয়ে আজি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা (উচ্চ শিক্ষা) ২০২৪ৰ বাবে মনোনয়নৰ বাবে এটা পৰ্টেল শুভাৰম্ভ কৰে।

শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগেও মনোনয়ন দাখিলৰ ক্ষেত্ৰত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। কাৰিকৰী আৰু অকাৰিকৰী উচ্চ শিক্ষানুষ্ঠানৰ আদৰ্শ শিক্ষক/অধ্যাপক আৰু পলিটেকনিক প্ৰতিষ্ঠানৰ শিক্ষকক এই বঁটা প্ৰদান কৰা হ’ব। প্ৰথম শ্ৰেণীৰ অধীনত তলত উল্লেখ কৰা বিস্তৃত শাখাৰ ওপৰত ভিত্তি কৰি তিনিটা উপ-শ্ৰেণী থাকিব৷ সেয়া হৈছে- অভিযান্ত্ৰিক আৰু প্ৰযুক্তি, স্থাপত্য; গণিত, ভৌতিক বিজ্ঞান, জৈৱ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, চিকিৎসা, ফাৰ্মাচীকে ধৰি বিশুদ্ধ বিজ্ঞান; আৰু কলা আৰু সমাজ বিজ্ঞান, মানৱীয়, ভাষা, আইনী অধ্যয়ন, বাণিজ্য আৰু ব্যৱস্থাপনা।

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২০ জুন, ২০২৪।নিৰ্বাচিত বঁটাপ্ৰাপকসকলক ৫ ছেপ্টেম্বৰ (শিক্ষক দিৱস)ত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা উল্লেখযোগ্য শিক্ষক ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী উপলক্ষে সম্বৰ্ধনা জনোৱা হ'ব।

যোগ্যতা:

ভাৰতৰ মহাবিদ্যালয়/বিশ্ববিদ্যালয়/উচ্চ শিক্ষানুষ্ঠান/পলিটেকনিকৰ সকলো অধ্যাপকে তলত উল্লেখ কৰা চৰ্তসমূহ পূৰণ কৰিব লাগিবঃ

i. মনোনীত ব্যক্তিজন নিয়মীয়া অধ্যাপক হ’ব লাগিব,

ii. স্নাতক/বা স্নাতকোত্তৰ পৰ্যায়ত কমেও পাঁচ বছৰৰ পূৰ্ণকালীন শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব,

iii. বঁটাৰ বাবে আবেদন লাভ কৰাৰ অন্তিম তাৰিখ অনুসৰি ৫৫ বছৰৰ ওপৰৰ হ’ব নালাগিব।

iv. উপাচাৰ্য/সঞ্চালক/অধ্যক্ষ (নিয়মীয়া বা ভাৰপ্ৰাপ্ত)সকল এই বঁটাৰ আবেদনৰ যোগ্য নহয়। কিন্তু যিসকল ব্যক্তিয়ে পূৰ্বে এনে পদত অধিষ্ঠিত হৈছে, কিন্তু ৫৫ বছৰৰ তলৰ আৰু এতিয়াও সক্ৰিয় সেৱাত আছে, তেওঁলোকক যোগ্য হিচাপে বিবেচনা কৰা।

মনোনয়ন প্ৰক্ৰিয়া:

১.

ক. স্ব-মনোনয়ন (একক ভিত্তি)

খ. একেখন বিশ্ববিদ্যালয়/প্ৰতিষ্ঠান/মহাবিদ্যালয়/পলিটেকনিকৰ প্ৰাক্তন বা বৰ্তমানৰ উপাচাৰ্য/ সঞ্চালক/অধ্যক্ষ/ফেকাল্টি মেম্বাৰ/সহকৰ্মী, যিসকল মনোনীত ব্যক্তিয়ে নিয়মীয়াভাৱে কৰ্ম সম্পাদন কৰে, তেওঁলোকে মনোনয়ন দাখিল কৰিব পাৰিব৷ পূৰ্বৰ মনোনীত/মনোনয়ন পুনৰ মনোনয়নৰ বাবে যোগ্য হ’ব৷

উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ ২০২৪ চনৰ ৰাষ্ট্ৰীয় বঁটাৰ উদ্দেশ্য হৈছে দেশৰ কিছুমান পাৰদৰ্শী অধ্যাপকৰ স্বকীয় অৱদানক স্বীকৃতি দিয়া আৰু বিশেষকৈ শিক্ষকতা আৰু শিক্ষাবিজ্ঞানৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে সন্মান জনোৱা, যিসকলে কেৱল উচ্চ শিক্ষাৰ মান উন্নত কৰাই নহয় তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনো সমৃদ্ধ কৰি আহিছে। এই বঁটাৰ জৰিয়তে অধ্যাপক সদস্যসকলৰ পাঠদান-শিক্ষণ, সম্প্ৰদায়ৰ প্ৰসাৰ, প্ৰতিষ্ঠানিক সেৱা, গৱেষণা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কামৰ নতুনত্বৰ অনন্য আৰু উল্লেখযোগ্য কৃতিত্বক স্বীকৃতি আৰু সন্মান জনোৱাৰ চেষ্টা কৰা হৈছে।

আবেদনৰ বাবে ইয়াত ক্লিক কৰকঃ (www.awards.gov.in)

******

SS/AK/DB



(Release ID: 2021294) Visitor Counter : 45