গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ স্বাস্থ্য আন্তঃগাঁথনি সুদৃঢ় কৰা আৰু জনসাধাৰণক বিশ্বমানৰ স্বাস্থ্য সুবিধা প্ৰদান কৰাটো ভাৰত চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (CAPFIMS)ক চিএপিএফৰ সকলো কৰ্মচাৰী, তেওঁলোকৰ আশ্ৰিত, পেঞ্চনাৰ, চিজিএইচএছ হিতাধিকাৰী, এবি-পিএমজেআইৰ হিতাধিকাৰী আৰু সৰ্বসাধাৰণ ৰাইজক বিশ্বমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ কল্পনা কৰিছে

নতুন দিল্লীৰ এইমছৰ কেম্পাছ হিচাপে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান পৰিচালনাৰ বাবে CAPFIMS আৰু AIIMSৰ মাজত চুক্তি স্বাক্ষৰ

কেবিনেটে নতুন দিল্লীৰ এইমছৰ কেম্পাছ হিচাপে CAPFIMS চলাবলৈ পঞ্চদশ বিত্ত আয়োগৰ চক্ৰত ২২০৭.৫০ কোটি টকাৰ বাজেট অনুমোদন জনাইছে

২০৯১ কোটি টকা ব্যয়ৰে স্থাপিত কেপফিমছ হৈছে ৯৭০খন বিচনাযুক্ত ৰেফাৰেল এণ্ড ৰিচাৰ্চ হাস্পতাল, ৫০০খন বিচনাযুক্ত সাধাৰণ চিকিৎসালয়, ৩০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু ১৭০খন আইচিইউ/ক্ৰিটিকেল কেয়াৰ বিচনাযুক্ত এক অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান

CAPFIMS এ দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধি কৰাৰ লগতে চিকিৎসা স্নাতক আৰু বিশেষজ্ঞসকলক CAPF সমূহৰ চিকিৎসা কেডাৰত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰিব

ইয়াৰ উপৰিও ‘এইমছ-

Posted On: 09 MAR 2024 5:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধি কৰা আৰু জনসাধাৰণক বিশ্বমানৰ স্বাস্থ্য সুবিধা প্ৰদান কৰাটো ভাৰত চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (CAPFIMS)ক চিএপিএফৰ সকলো কৰ্মচাৰী, তেওঁলোকৰ আশ্ৰিত, পেঞ্চনাৰ, চিজিএইচএছ হিতাধিকাৰী, এবি-পিএমজেআইৰ হিতাধিকাৰী আৰু সৰ্বসাধাৰণ ৰাইজক বিশ্বমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ পৰিকল্পনা হাতত লৈছে।

নতুন দিল্লীৰ এইমছৰ কেম্পাছ হিচাপে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান পৰিচালনাৰ বাবে শুক্ৰবাৰে CAPFIMS আৰু AIIMSৰ মাজত এখন চুক্তিও স্বাক্ষৰ হৈ যায়। উল্লেখ্য যে দেশৰ গৃহ মন্ত্ৰালয়ে এইমছক চিকিৎসা সঁজুলি আৰু আচবাব ক্ৰয়ৰ বাবে ধন আৰু কেম্পাছৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দিশত পুনৰাবৃত্তিমূলক খৰচ প্ৰদান কৰিব। ইয়াৰ উপৰি, কেম্পাছৰ চিকিৎসালয়ৰ বিচনাবোৰৰ এটা নিৰ্দ্দিষ্ট অংশ সকলো চিএপিএফ হিতাধিকাৰীক স্বাস্থ্যসেৱা সেৱা প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ বাবে কেবিনেটে নতুন দিল্লীৰ এইমছৰ কেম্পাছ হিচাপে CAPFIMS চলাবলৈ পঞ্চদশ বিত্ত আয়োগৰ চক্ৰত ২২০৭.৫০ কোটি টকাৰ বাজেট অনুমোদন জনাইছে।

                                                                   

প্ৰায় ২০৯১ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এক অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান। ইয়াত ৯৭০খন বিছনাযুক্ত ৰেফাৰেল আৰু ৰিচাৰ্চ হাস্পতালৰ লগতে ৫০০খন বিছনাযুক্ত সাধাৰণ চিকিৎসালয়, ৩০০খন বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু ১৭০খন আইচিইউ/ক্ৰিটিকেল কেয়াৰ বেড আছে। এই অত্যাধুনিক প্ৰতিষ্ঠানটো আনুমানিক ২০৯১ কোটি ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে। দক্ষিণ দিল্লীৰ মৈদানগড়ীত অৱস্থিত এইখনত ১০০খন আসনৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয়, ৬০খন আসনৰ সৈতে নাৰ্চিং মহাবিদ্যালয় আৰু ৩০০খন আসনৰ সৈতে এখন স্কুল অৱ পেৰামেডিকেলৰ ব্যৱস্থাও আছে। ইয়াৰ উপৰিও প্ৰতিষ্ঠানটোৱে ৬০খন আসনৰ সৈতে স্নাতকোত্তৰ/পিজি ডিপ্লমা পাঠ্যক্ৰম আৰু ১০খন আসনৰ সৈতে পোষ্ট ডক্টৰেট পাঠ্যক্ৰম (ডি এম এণ্ড এমচিএইচ) আগবঢ়ায়।

চিএপিএফৰ হিতাধিকাৰীৰ বাবে ট্ৰমা চেণ্টাৰ, কৃত্ৰিম অংগ সংৰোপন কেন্দ্ৰ, মানসিক স্বাস্থ্য পৰামৰ্শ কেন্দ্ৰ আৰু শাৰীৰিক পুনৰ্বাসন কেন্দ্ৰকে ধৰি চিকিৎসা, নাৰ্চিং কেয়াৰ আৰু পেৰামেডিকেল প্ৰশিক্ষণকে ধৰি ছুপাৰ-স্পেচিয়েলিটি স্বাস্থ্য সেৱাৰ এক সংহত সমাধান হিচাপে "এইমছ-কেপিফিমছ কেম্পাছ"এ বিশেষ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিব। ইয়াৰ উপৰিও দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে চিকিৎসা স্নাতক আৰু বিশেষজ্ঞসকলক চিএপিএফৰ চিকিৎসা কেডাৰত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ উপৰিও “এইমছ-কেফিমছ কেম্পাছ” চলোৱাৰ বাবে ৪৩৫৪টা পদ সৃষ্টিৰ জৰিয়তে এই প্ৰতিষ্ঠানটোৱে কৰ্মসংস্থাপন প্ৰদানৰ ক্ষেত্ৰতো এক বৃহৎ সম্ভাৱনাৰ সৃষ্টি কৰিব।

 

*****

 

RK /VV /ASH/PS



(Release ID: 2013266) Visitor Counter : 53


Read this release in: English , Urdu , Hindi , Tamil