শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

তিনিচুকীয়াত কৰ্মচাৰী বীমা নিগমৰ ২০ খন বিছনাযুক্ত চিকিৎসালয় উদ্বোধন আৰু ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

এই কৰ্মচাৰী বীমা নিগমৰ চিকিৎসালয় (ইএছআইচি) পৰা লাভান্বিত হ'ব প্ৰায় ৩ লাখ হিতাধিকাৰী

তিনিচুকীয়া জিলাৰ উপৰিও কাষৰীয়া জিলা যেনে ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, মাজুলী আৰু গোলাঘাটৰ হিতাধিকাৰীসকলেও এই প্ৰকল্পৰ পৰা দ্বাৰা লাভান্বিত হ'ব

পোষ্ট কৰা হৈছে: 08 MAR 2024 12:56PM by PIB Guwahati

৭ মাৰ্চত তিনিচুকীয়াত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে কৰ্মচাৰী বীমা নিগমৰ ২০ খন বিছনাযুক্ত চিকিৎসালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে  ১০০ খন বিচনাযুক্ত কৰ্মচাৰী বীমা নিগমৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে।

                                                                     

অনুষ্ঠানটোত শ্ৰী ৰামেশ্বৰ তেলীয়ে বীমাকৃত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ৰাজ্যখনত অন্যান্য ইএছআই প্ৰকল্পৰ বিকাশ ত্বৰান্বিত কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ কয় 'চৰকাৰে আমাৰ দেশৰ শ্ৰমিকসকলৰ বাবে চিকিৎসা সেৱাৰ সহজ তোলাৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলাৰ দিশত গুৰুত্ব আৰোপ কৰিছে।

                                                                    

অনুষ্ঠানত অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ, অসমৰ ডিগবৈৰ বিধায়ক শ্ৰী সুৰেণ ফুকনো উপস্থিত আছিল । লগতে  ইএছআইচিৰ পৰিচালন সঞ্চালক ড০ ৰাজেন্দ্ৰ কুমাৰ আৰু শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

                                                                     

১৯৮২ চনত স্থাপন কৰা তিনিচুকীয়াৰ এই ইএছআইচি চিকিৎসালয় তিনিচুকীয়া ইএছআই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত চিকিৎসালয়। শেহতীয়াকৈ ই এছ আই চিয়ে এই চৰকাৰী ই এছ আই চিকিৎসালয়খনৰ পৰিচালনাৰ দায়িত্ব লয় আৰু ইয়াক অধিক উন্নীত কৰি ১০০ বিচনাযুক্ত ই এছ আই চি চিকিৎসালয়লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰিছে।  ১৩৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই চিকিৎসালয়ে ডিব্ৰুগড়, মাজুলী, ধেমাজি, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, গোলাঘাটকে ধৰি ইয়াৰ কাষৰীয়া এলেকাৰ ৩ লাখৰো অধিক ই এছ আই হিতাধিকাৰীৰ চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

                                                                      

কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনি অসমত প্ৰথমবাৰৰ বাবে ১৯৫৮চনৰ ২৮ ছেপ্টেম্বৰত পাঁচটা ঔদ্যোগিক কেন্দ্ৰ অৰ্থাৎ গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, ধুবুৰী আৰু মাকুমত ৰূপায়ণ কৰা হয়। বৰ্তমান এই আঁচনিখনে ৰাজ্যৰ ৩১ খন জিলাত ২.৯ লাখ বীমাকৃত শ্ৰমিক আৰু ১১ লাখ হিতাধিকাৰীক সামাজিক সুৰক্ষা প্ৰদান কৰিছে । ৰাজ্যত ই এছ আই আঁচনিৰ প্ৰশাসন আৰু সুবিধা প্ৰদানৰ কাম ১টা আঞ্চলিক কাৰ্যালয়, ১৫টা শাখা কাৰ্যালয়, ০২খন চিকিৎসালয় আৰু ৩৩খন ডিচপেনচেৰীৰ জৰিয়তে কৰা হয়।

******

 

MJPS/NSK/AR


(ৰিলিজ আই ডি : 2012832) অতিথি কক্ষ : 109
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी