স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

“ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহৰ বাবে সুলভ আৰু ব্যয়সাধ্য স্বাস্থ্যসেৱা প্ৰদানৰ বাবে গৱেষণা অগ্ৰাধিকাৰৰ আঞ্চলিক পৰামৰ্শমূলক কৰ্মশালা” উদ্বোধন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ মনসুখ মাণ্ডবিয়াৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন হৈছে এখন সুস্থ ভাৰত, এখন উন্নত ভাৰত গঢ় দিয়া, য’ত দেশৰ প্ৰতিজন ব্যক্তিয়ে গুণগত, সুলভ আৰু ব্যয়সাধ্য ঔষধ, চিকিৎসা আৰু স্বাস্থ্য সুবিধাসমূহ সমানে লাভ কৰেঃ ডাঃ মনসুখ মাণ্ডবিয়া

কেন্দ্ৰীয় চৰকাৰে বিভিন্ন নীতি আৰু আঁচনিৰ সৈতে কাম কৰি ‘সৰ্ব জন হিতায়, সৰ্বজন সুখায়’ মনোভাৱৰ অৰ্থপূৰ্ণ স্বাস্থ্য আৰ্হি গঢ় দিছে

“যোৱা ১০ বছৰত উত্তৰ-পূবত ৰিমছ, ৰিপানছ, নেইগ্ৰিহমছ, এইমছ, অসমৰ দৰে প্ৰতিষ্ঠানৰ উন্নয়ন সাধনৰ লগতে ২৩খন নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে”

শ্বিলঙৰ ভাৰতীয় জনস্বাস্থ্য প্ৰতিষ্ঠানত স্বাস্থ্য অৰ্থনীতি আৰু প্ৰযুক্তি মূল্যায়নৰ স্নাতকোত্তৰ কাৰ্যসূচীৰ শুভাৰম্ভ

Posted On: 21 FEB 2024 1:51PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ মনসুখ মাণ্ডবিয়াই আজি ভাৰ্চুৱেলি “উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ বাবে সুলভ আৰু ব্যয়সাধ্য স্বাস্থ্যসেৱা প্ৰদানৰ বাবে গৱেষণা অগ্ৰাধিকাৰৰ সন্দৰ্ভত আঞ্চলিক পৰামৰ্শমূলক কৰ্মশালা” উদ্বোধন কৰে। অনুষ্ঠানত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী ড০ ভাৰতী প্রবীণ পাৱাৰ আৰু মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড০ মেজেল আম্পাৰিন লিংদোও উপস্থিত থাকে৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য গৱেষণা বিভাগ; শ্বিলংস্থিত ভাৰতীয় জনস্বাস্থ্য প্ৰতিষ্ঠান আৰু ডিব্ৰুগড়স্থিত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ-আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ যৌথ উদ্যোগত এই কৰ্মশালা আয়োজন কৰা হৈছে।

এই উপলক্ষে সমবেত লোকসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত ডাঃ মাণ্ডবিয়াই কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন হৈছে এখন সুস্থ ভাৰত, এখন উন্নত ভাৰত গঢ় দিয়া, য’ত দেশৰ প্ৰতিজন নাগৰিকে সময়মতে গুণগত স্বাস্থ্য, সুলভ আৰু ব্যয়সাধ্য ঔষধ আৰু স্বাস্থ্য সুবিধাসমূহ লাভ কৰে৷”তেওঁ লগতে কয় যে ধনী আৰু দুখীয়াৰ কোনো পাৰ্থক্য নোহোৱাকৈ সকলোৱে যাতে সমানে স্বাস্থ্য সুবিধা লাভ কৰে তাৰ প্ৰতি চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে নীতি আৰু বিভিন্ন আঁচনিৰ সৈতে কাম কৰিছে যাৰ ফলত ভাৰতে ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ৰ মনোভাৱৰ অৰ্থপূৰ্ণ স্বাস্থ্য আৰ্হি গঢ় দিছে৷”

 

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ সন্দৰ্ভত ড০ মাণ্ডবিয়াই কয়, ‘বিগত ১০ বছৰত দেশৰ মূলসুঁতিৰ সৈতে সংযোগ কৰিবলৈ স্বাস্থ্য, পথ, ৰে’লৱে, আই-ৱে, জলপথ আৰু ৰ’পৱে ইত্যাদি সকলো ধৰণৰ ব্যৱস্থাৰ উন্নয়নত চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। দেশত প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে চাবলৈ লৈছে৷ স্বাস্থ্যসেৱা আজি সমগ্ৰ অঞ্চলটোৰ বাবে সুলভ আৰু পৰ্যাপ্ত হৈ পৰিছে।'' তেওঁ লগতে কয় ''বিগত ১০ বছৰত ৰিমছ (আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান), ৰিপানছ (আঞ্চলিক পেৰামেডিকেল আৰু নাৰ্চিং বিজ্ঞান প্ৰতিষ্ঠান), নেইগ্ৰিহমছ (উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান) আৰু অসম এইমছ (সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান) গঢ়ি তোলাৰ লগতে অঞ্চলটোত ২৩খন নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে। আইচিএমআৰে অঞ্চলটোত বিভিন্ন স্বাস্থ্য সুবিধাও গঢ়ি তুলিছে৷”

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, "আজি ৩১ কোটিৰো অধিক লোকক চিকিৎসালয়ত চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড দিয়া হৈছে, যাৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া পাৰিবাৰিক চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে, ১১,০০০ জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে, য'ত ৫০-৮০ শতাংশ কম দামত ঔষধ পোৱা যায়।" তদুপৰি, ভাৰতৰ জনসাধাৰণৰ হেল্থ গেট কীপাৰ হিচাপে বিবেচিত ১.৬৪ লাখতকৈ অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ মুকলি কৰা হৈছে আৰু ৪৮টা বিএছএল লেবৰ জৰিয়তে সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা ব্যৱস্থা আৰু একক স্বাস্থ্য প্ৰচেষ্টা ৰূপায়ণ কৰা হৈছে। তেওঁ লগতে কয় “দেশৰ ২২ লাখৰো অধিক বৃক্ক ৰোগীয়ে বিনামূলীয়া ডায়েলাইছিছ সেৱা, প্ৰায় ৬ কোটি লোকে পিএমজেএৱাইৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰিছে আৰু নাগৰিকৰ পকেটৰ পৰা হোৱা মুঠ স্বাস্থ্য ব্যয়ৰ ৬২.৬ শতাংশৰ ৪৭.১ শতাংশলৈ হ্ৰাস পাইছে।”

ডাঃ মাণ্ডবিয়াই লগতে কয় যে চৰকাৰে অত্যাৱশ্যকীয় চিকিৎসাৰ দিশত অত্যাৱশ্যকীয় স্বাস্থ্য প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে। এই প্ৰচেষ্টাসমূহে অনাগত সময়ত সকলো মানুহৰ বাবে স্বাস্থ্য প্ৰযুক্তি পৰ্যাপ্ত, সুলভ, ব্যয়সাধ্য আৰু সমতাপূৰ্ণ কৰি তুলিব।

এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে শ্বিলঙৰ আইআইপিএইচত এখন মাৰ্কেট প্লেচ উদ্বোধন কৰাৰ লগতে স্বাস্থ্য অৰ্থনীতি আৰু প্ৰযুক্তি মূল্যায়নৰ স্নাতকোত্তৰ কাৰ্যসূচীও শুভাৰম্ভ কৰে।

এই উপলক্ষে অনুষ্ঠানত স্বাস্থ্য গৱেষণা বিভাগৰ সচিব আৰু আইচিএমআৰৰ সঞ্চালক প্ৰধান ডাঃ ৰাজীৱ বাহল; স্বাস্থ্য গৱেষণা বিভাগৰ যুটীয়া সচিব শ্ৰীমতী অনু নাগৰ; মেঘালয়ৰ প্ৰধান স্বাস্থ্য সচিব শ্ৰী সম্পট কুমাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু মেঘালয় চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

****

MV/DB / HFW/HFM NE Workshop Inauguration/21February2024/1



(Release ID: 2007714) Visitor Counter : 73