আয়ুষ
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰ নিৰ্মাণত যোগ শিক্ষক/প্ৰশিক্ষকসকলৰ মৌলিক ভূমিকাৰ প্ৰশংসা কৰে
শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বাবে বিশেষ আমন্ত্ৰণকাৰী যোগ শিক্ষক/প্ৰশিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰে
Posted On:
26 JAN 2024 7:22PM by PIB Guwahati
৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন ২০২৪ উপলক্ষে ভাৰতৰ বিভিন্ন ৰাজ্যৰ যোগ শিক্ষক/প্ৰশিক্ষকসকলে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে কৰ্তব্য় পথত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ প্ৰত্যক্ষ কৰে। গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত, সকলো বিশেষ আমন্ত্ৰিত ব্য়ক্তিয়ে আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তেওঁৰ বাসগৃহত এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ (এএইচডব্লিউচি) সৈতে সম্পৰ্কিত যোগ শিক্ষক/প্ৰশিক্ষকসকল প্ৰাথমিক স্বাস্থ্য সেৱা খণ্ডত যোগৰ জৰিয়তে আয়ুষৰ সুস্থতা অভিযানৰ এক অবিচ্ছেদ্য অংশ।
ভাৰত চৰকাৰে সমগ্ৰ দেশৰ তৃণমূল পৰ্যায়ত যোগৰ জৰিয়তে প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদানত তেওঁলোকৰ অসামান্য অৱদানৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ২৯১ জন যোগ শিক্ষক/প্ৰশিক্ষকক আমন্ত্ৰণ জনাইছিল। তাত, শিক্ষক/প্ৰশিক্ষকসকলে আয়ুষ মন্ত্ৰালয়ৰ তত্বাৱধানত সক্ৰিয় আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ সৈতে কাম কৰে। এএইচডব্লিউচিৰ সৈতে সম্পৰ্কিত যোগ শিক্ষক/প্ৰশিক্ষকসকল প্ৰাথমিক স্বাস্থ্য সেৱা খণ্ডত যোগৰ জৰিয়তে আয়ুষৰ সুস্থতা অভিযানৰ এক অবিচ্ছেদ্য অংশ। ভাৰত চৰকাৰে যোগৰ এই মুখ্য অংশীদাৰসকলৰ প্ৰচেষ্টাক স্বীকৃতি দিছে আৰু ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে নতুন দিল্লীত তেওঁলোকক আতিথ্য প্ৰদান কৰিছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে এই কাৰ্যসূচী দেশৰ আত্মসন্মান বৃদ্ধিৰ বাবে প্ৰস্তুত কৰা হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে বিশ্বত এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিজৰ স্থিতি প্ৰতিষ্ঠা কৰাত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ প্ৰশংসা কৰে আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৃষ্টিভংগী আৰু কামৰ দ্বাৰা কেনেদৰে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ সপোন পূৰণ কৰিছে সেয়া উল্লেখ কৰে। তৃণমূল পৰ্যায়ত যোগ শিক্ষক/প্ৰশিক্ষকৰ ভূমিকাৰ প্ৰশংসা কৰি শ্ৰী সোণোৱালে তেওঁলোকক সম্বৰ্ধনা জনায় আৰু কয় যে "দেশৰ বিভিন্ন ৰাজ্যৰ যোগ শিক্ষক/প্ৰশিক্ষক হিচাপে আপোনালোকে তৃণমূল পৰ্যায়ত জনসাধাৰণক শক্তিশালী কৰি তুলিছে যিয়ে সমাজক স্বাস্থ্যৱান আৰু সুখী কৰি তুলিছে। তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাব লাগিব।"
অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষ আমন্ত্ৰিত ব্য়ক্তিসকলক আদৰণি জনাই আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই কয়, "আপোনালোকে তৃণমূল পৰ্যায়ত কাম কৰে, সেয়েহে সমাজ গঢ়াত আপোনালোকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমি আপোনালোকক ইয়াত দেখি বহুত আনন্দিত। দেশৰ বিভিন্ন ৰাজ্যৰ অতিথিসকলে সঁচাকৈয়ে বৈচিত্ৰ্যৰ মাজত একতাৰ ভাৱনা সৃষ্টি কৰিলে "
আয়ুষ মন্ত্ৰালয়ৰ যুটীয়া সচিব কবিতা গাৰ্গে বিশেষ আমন্ত্ৰিত ব্য়ক্তিসকল আৰু বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়। এই অনুষ্ঠানটো সফল কৰাৰ বাবে এমডিএনআইৱাই (মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান)ক তেওঁৰ বিশেষ কৃতজ্ঞতা জনায়। আয়ুষ মন্ত্ৰালয়ৰ ডিডিজি সত্যজিৎ পলো অনুষ্ঠানটোত উপস্থিত আছিল।
*****
SK/AA
(Release ID: 2007543)
Visitor Counter : 72