জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ৰাষ্ট্ৰপতি ভৱনত উদ্যান উৎসৱ আৰু বিবিধতা কা অমৃত মহোৎসৱ-২০২৪ত অংশগ্ৰহণ কৰিলে উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ ইএমআৰএছ শিক্ষাৰ্থীয়ে

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰে আয়োজিত এই অনুষ্ঠানত শিক্ষাৰ্থীসকলক ইজনে সিজনৰ সৈতে ঘনিষ্ঠভাৱে বাৰ্তালাপ কৰাৰ লগতে অভিজ্ঞতা বিনিময় কৰাৰ সুযোগলাভ কৰে

Posted On: 12 FEB 2024 6:03PM by PIB Guwahati

নেছনেল এডুকেছন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ(নেষ্টচ)-এ  নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য - মণিপুৰ, ছিকিম আৰু ত্ৰিপুৰাৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ (ইএমআৰএছ) ২৫৫গৰাকী   শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে ৮-১২ ফেব্ৰুৱাৰী, ২০২৪লৈ   এক শৈক্ষিক ভ্ৰমণৰ আয়োজন কৰে।  ৰাষ্ট্ৰপতি ভৱনে নেষ্টচৰ  সহযোগত শিক্ষাৰ্থীসকলক ৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনৰ  সংগ্ৰহালয় আৰু অমৃত উদ্যান পৰিদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে।

এই ভ্ৰমণ  জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, কিয়নো এই ভ্ৰমণৰ সময়তে তেওঁলোকে  প্ৰথমবাৰৰ বাবে ৰাজধানী চহৰখনৰ অন্বেষণ আৰু অমৃত উদ্যান তথা ৰাষ্ট্ৰপতি ভৱনৰ সৌন্দৰ্যৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে। গৰিমামণ্ডিত দিল্লীৰ অমৃত উদ্যান, ৰাষ্ট্ৰপতি  ভৱন আৰু সংগ্ৰহালয়ৰ ঐতিহাসিক তাৎপৰ্যই শিক্ষাৰ্থীসকলৰ মনত গভীৰ  প্ৰভাৱ পেলাবলৈ সক্ষম হয়৷ এই ভ্ৰণে  ভাৰতৰ বিবিধ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে তেওঁলোকৰ ধাৰণাক  সমৃদ্ধ কৰিছে। তদুপৰি, শিক্ষাৰ্থীসকলে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে এক স্মৰণীয় বাৰ্তালাপত অংশগ্ৰহণ কৰাৰ সুযোগ  লাভ কৰে।

 

ৰাষ্ট্ৰপতি ভৱনত  বিবিধতা কা অমৃত মহোৎসৱত ইএমআৰএছৰ শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ তেওঁলোকৰ বাবে এক নতুন আৰু ৰোমাঞ্চকৰ মুহূৰ্ত হিচাবে পৰিগণিত হৈছে৷  কিয়নো এই অনুষ্ঠানৰ সময়ত ছিকিম, মণিপুৰ আৰু ত্ৰিপুৰাৰ ইএমআৰএছৰ শিক্ষাৰ্থীসকলে কেৱল  উত্তৰ-পূব মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাই নহয়, লগতে বিবিধতা কা অমৃত মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানতো তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ লভে। উক্ত অনুষ্ঠানত নেষ্টছৰ আয়ুক্ত শ্ৰী অসিত গোপালৰ লগতে  নেষ্টচৰ আন বিষয়াসকলো উপস্থিত থাকে৷ 

সামগ্ৰিক বিকাশৰ প্ৰচাৰৰ সৈতে সংগতি ৰাখি  জনজাতীয় শিক্ষাৰ্থীসকলে ১২ ফেব্ৰুৱাৰী ২০২৪ লৈকে তেওঁলোকৰ শৈক্ষিক ভ্ৰমণৰ কাৰ্যসূচী  হাতত লৈছিল৷ কাৰ্যসূচীৰ  ভিতৰত আছিল আদি মহোৎসৱত অংশগ্ৰহণ আৰু বৈজ্ঞানিক, সাংস্কৃতিক তথা  কলাত্মক গুৰুত্বৰ স্থানসমূহ ভ্ৰমণ কৰা। এই পদক্ষেপৰ উদ্দেশ্য হৈছে তেওঁলোকক পৰম্পৰাগত শ্ৰেণীকোঠাৰ শিক্ষাৰ সীমা অতিক্ৰম কৰি বাস্তৱিক  অভিজ্ঞতা প্ৰদান কৰা, বিকাশৰ গতিধাৰাৰ প্ৰতি উৎসাহিত কৰা।

এই ভ্ৰমণ শিক্ষাৰ্থীসকলৰ বাবে এক উল্লেখযোগ্য যাত্ৰা হিচাপে পৰিগণিত হৈছে৷ এই ভ্ৰমণে  তেওঁলোকৰ মনত আজীৱন সজীৱ হৈ থকাকৈ  স্মৃতি জাগ্ৰত কৰিব। অনুষ্ঠানটো এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰে আয়োজন কৰা হৈছিল আৰু তিনিওখন ৰাজ্যৰ শিক্ষাৰ্থীসকলেও ইজনে সিজনৰ সৈতে ঘনিষ্ঠভাৱে বাৰ্তালাপ কৰাৰ উপৰি  তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰাৰ সুযোগ লাভ কৰে।

বিবিধতা কা অমৃত মহোৎসৱত তেওঁলোকৰ প্ৰতিভাৰ মনোমোহা প্ৰদৰ্শনসমূহ তলত দাঙি ধৰা হৈছেঃ

                                                                      

*****

 

NB/VM



(Release ID: 2005388) Visitor Counter : 63