গৃহ মন্ত্ৰালয়

লোকসভাই সংবিধান (জম্মু আৰু কাশ্মীৰ) অনুসূচীত জনজাতি আদেশ (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত কৰে

Posted On: 06 FEB 2024 8:47PM by PIB Guwahati

লোকসভাই আজি সংবিধান (জম্মু আৰু কাশ্মীৰ) অনুসূচীত জনজাতি আদেশ (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত কৰে। ঐতিহাসিক বিধেয়কখনৰ লক্ষ্য হৈছে (ক) পাহাৰীয়া জাতিগত গোট (খ) পদাৰী জনজাতি (গ) কলি আৰু (ঘ) গড্ডা ব্ৰাহ্মণক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰি শক্তিশালী কৰা। এই সম্প্ৰদায়ৰ লোকসকলে দীৰ্ঘদিন ধৰি ইয়াৰ দাবী জনাই আহিছিল।

জম্মু আৰু কাশ্মীৰত অনুসূচীত জনজাতিৰ তালিকাত এই সম্প্ৰদায়সমূহৰ অন্তৰ্ভুক্তিৰ কোনো প্ৰভাৱ অনুসূচীত জনজাতি সম্প্ৰদায় যেনে গুজ্জৰ আৰু বকৰৱালৰ বাবে উপলব্ধ সংৰক্ষণৰ বৰ্তমানৰ স্তৰত নপৰে। তেওঁলোকে আগৰ দৰে সংৰক্ষণ লাভ কৰি থাকিব।

নতুনকৈ তালিকাভুক্ত অনুসূচীত জনজাতিসকলক সংৰক্ষণ এনেদৰে প্ৰদান কৰা হ'ব যাতে ই ইতিমধ্যে অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত সম্প্ৰদায়বোৰক প্ৰভাৱিত নকৰে। বিধেয়কখন সংসদত গৃহীত হোৱাৰ পিছত, কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰৰ চৰকাৰে সংৰক্ষণৰ ওপৰত প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিব, যিয়ে সুনিশ্চিত কৰিব যে অনুসূচীত জনজাতিৰ বিদ্যমান তালিকাত অন্তৰ্ভুক্ত লোকসকলে একে পৰ্যায়ৰ সংৰক্ষণ লাভ কৰি থাকিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সবকা সাথ, সবকা বিশ্বাসৰ মন্ত্ৰেৰে সমাজৰ প্ৰতিটো শ্ৰেণী আৰু সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সংবিধান (জম্মু আৰু কাশ্মীৰ) অনুসূচীত জনজাতি আদেশ (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত কৰাটো এই দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

এনে আইনৰ জৰিয়তে জম্মু আৰু কাশ্মীৰত প্ৰগতিশীল আৰু ইতিবাচক পৰিৱৰ্তন আনিবলৈ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

 

**************

 

RK / RR / AK/KG



(Release ID: 2004301) Visitor Counter : 66