কেবিনেট
ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
01 FEB 2024 11:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷
এই চুক্তিৰ জৰিয়তে বিনিয়োগকাৰীসকলৰ বিশেষকৈ বৃহৎ বিনিয়োগকাৰীসকলৰ আস্থা বৃদ্ধি পাব বুলি আশা কৰা হৈছে, যাৰ ফলত বিদেশী বিনিয়োগ আৰু বহিঃৰাজ্যৰ প্ৰত্যক্ষ বিনিয়োগ (ODI)ৰ সুযোগ বৃদ্ধি পাব৷ ইয়াৰ ফলত নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে।
এই অনুমোদনে ভাৰতত বিনিয়োগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে আৰু ঘৰুৱা উৎপাদনক উৎসাহিত কৰি, আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰি, ৰপ্তানি বৃদ্ধি কৰি আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাত সহায় কৰাৰ সম্ভাৱনা আছে।
*****
DS/DB
(रिलीज़ आईडी: 2001308)
आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam