ক'অপাৰেশ্বন মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় সমিতিৰ পঞ্জীয়ক (RCSs) আৰু ৰাজ্যসমূহৰ কৃষি আৰু গ্ৰামোন্নয়ন বেংক (ARDBs)ৰ কাৰ্যালয়ৰ বাবে কম্পিউটাৰাইজেচন আঁচনিৰ শুভাৰম্ভ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমবায়ৰ জৰিয়তে কোটি কোটি লোকক আত্মনিয়োগৰ সৈতে সংযোগ কৰাৰ এক শক্তিশালী ব্যৱস্থা গঢ়ি তুলিছে

ডিজিটেল ইণ্ডিয়া আৰু সহযোগিতাৰ জৰিয়তে মোদী চৰকাৰে সমৃদ্ধিশালী গাঁৱৰ ভেটি স্থাপন কৰিলে

Posted On: 30 JAN 2024 6:01PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় সমিতিৰ পঞ্জীয়ক (RCSs) আৰু ৰাজ্যসমূহৰ কৃষি আৰু গ্ৰামোন্নয়ন বেংক (ARDBs)ৰ কাৰ্যালয়ৰ কম্পিউটাৰাইজেশ্যন আঁচনিৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কেন্দ্ৰীয় সহযোগিতা ৰাজ্যিক মন্ত্ৰী শ্ৰী বি এল ভাৰ্মা, সহযোগিতা মন্ত্ৰালয়ৰ সচিব আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

তেওঁৰ ভাষণত শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি আমি "সহযোগিতাৰে সমৃদ্ধিলৈ" দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আৰু এখোজ আগুৱাই গৈছোঁ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সহযোগিতাৰ স্বতন্ত্ৰ মন্ত্ৰালয় স্থাপন কৰি সমবায়ৰ সৈতে জড়িত জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে। তেওঁ কয় যে মোদী চৰকাৰৰ ১০ বছৰ সম্পূৰ্ণ হ’বলৈ ওলাইছে আৰু এই ১০ বছৰত মোদী জীয়ে দেশৰ গাঁও, দুখীয়া আৰু কৃষকৰ বাবে দুটা গুৰুত্বপূৰ্ণ কাম কৰিছে। শ্ৰী শ্বাহে কয় যে মোদী জীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ কোটি কোটি দৰিদ্ৰ লোকৰ জীৱন ধাৰণৰ মান বৃদ্ধি কৰিছে, যাৰ বাবে প্ৰায় ২৩ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমবায়ৰ জৰিয়তে কোটি কোটি লোকক স্বনিয়োজনৰ সৈতে সংযোগ কৰাৰ এক শক্তিশালী ব্যৱস্থা গঢ়ি তুলিছে। তেওঁ কয় যে বহল দৃষ্টিভংগীৰে এই কামসমূহৰ জৰিয়তে মোদী চৰকাৰে শক্তিশালী গ্ৰাম্য উন্নয়নৰ ভেটি স্থাপন কৰিছে। তেওঁ কয় যে মোদী চৰকাৰৰ দুটা পদক্ষেপ – ডিজিটেল ইণ্ডিয়া আৰু সহযোগিতা মন্ত্ৰালয় স্থাপন – দেশৰ সমৃদ্ধিশালী গাঁৱৰ ভেটি হিচাপে প্ৰমাণিত হ’ব আৰু উন্নত ভাৰতৰ ধাৰণাক তৃণমূল পৰ্যায়লৈ লৈ যাব।

কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে ডিজিটেল ইণ্ডিয়াৰ অধীনত আজি ডিজিটেল ইণ্ডিয়াৰ জৰিয়তেও সহযোগিতা গাঁওসমূহলৈ যাবলৈ আৰম্ভ হৈছে। তেওঁ কয় যে প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ৰ পৰা আৰম্ভ কৰি সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্যালয় আৰু কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ কম্পিউটাৰাইজেশ্যনৰ পৰা আৰম্ভ কৰি সমগ্ৰ সমবায় ব্যৱস্থাটো মোদীজীয়ে আধুনিকীকৰণ কৰিছে। শ্ৰী শ্বাহে কয় যে এই দুয়োখন আঁচনিৰ বাবে প্ৰায় ২২৫ কোটি টকা খৰচ হ’ব, ইয়াৰে ১২০ কোটি টকা এআৰডিবি আৰু ৯৫ কোটি টকা আৰচিএছত ব্যয় কৰা হ’ব। তেওঁ কয় যে ইয়াৰ দ্বাৰা স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি পাব আৰু কৃষকসকলৰ বাবে আজিৰে পৰা মধ্যম আৰু দীৰ্ঘম্যাদী ঋণ বিচৰাৰ এটা সুবিধা আৰম্ভ হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে যোৱা বছৰত মোদী চৰকাৰে সমবায়ত ডিজিটেল পৰিৱেশ তন্ত্ৰ বৃদ্ধিৰ বাবে পৰ্যায়ক্ৰমে সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰে কাম কৰি আহিছে। তেওঁ কয় যে সহযোগিতা মন্ত্ৰালয় গঠন হোৱাৰ লগে লগে প্ৰথমে ৬৫০০০ পিএচিএছ, সমবায়ৰ কেন্দ্ৰীয় পঞ্জীয়ক আৰু তাৰ পিছত সকলো জিলা আৰু ৰাজ্যিক সমবায় বেংকৰ লগতে পিএচিএছসমূহ কম্পিউটাৰাইজ কৰা হয়। ইয়াৰ পিছত ৰাষ্ট্ৰীয় সমবায় তথ্যকোষৰ সৃষ্টি হ’ল আৰু এতিয়া এআৰডিবি আৰু আৰচিএছৰ কম্পিউটাৰাইজেশ্যনৰ লগে লগে সমগ্ৰ সমবায় খণ্ডই আজি ডিজিটেল জগতত প্ৰৱেশ কৰিছে। তেওঁ কয় যে ৬৫ হাজাৰ পিএচিএছৰ কম্পিউটাৰাইজেশ্যনৰ বাবে আধুনিক আৰু জনসাধাৰণৰ অনুকূল ছফ্টৱেৰ নাবাৰ্ডে প্ৰস্তুত কৰিছে আৰু এতিয়া সকলো পিএচিএছ আইটিৰ সৈতে সংযুক্ত হ’ব। একেদৰে কেন্দ্ৰীয় পঞ্জীয়ক কাৰ্যালয়ৰ কম্পিউটাৰাইজেশ্যনৰ কামো সম্পূৰ্ণ হৈছে, যাতে এই কাৰ্যালয়ৰ সকলো কাম একক ছফ্টৱেৰত কৰিব পৰা যায়। শ্ৰী শ্বাহে কয় যে ৰাষ্ট্ৰীয় সমবায় তথ্যকোষৰ জৰিয়তে ৰাজ্য, তহচিল, জিলা আৰু গাঁও পৰ্যায়ৰ সমবায়সমূহৰ বিষয়ে সঠিক তথ্য জনা যাব যাতে সমবায় খণ্ডৰ উন্নয়নৰ বাবে এটা কাঠামো প্ৰস্তুত কৰিব পৰা যায়। শূন্যতা পূৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমবায় তথ্যকোষ অতি উপযোগী বুলি প্ৰমাণিত হ’ব বুলিও তেওঁ কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰীজনে কয় যে আজি আৰচিএছৰ কাৰ্যালয়ৰ কম্পিউটাৰাইজেশ্যনৰ জৰিয়তে ৰাজ্যসমূহৰ স্থানীয় ভাষাত যোগাযোগ সম্ভৱ হ’ব। তেওঁ কয় যে উচ্চতম পৰ্যায়ত মনোযোগৰ অভাৱৰ বাবে কৃষি আৰু গ্ৰামোন্নয়ন বেংকে আশানুৰূপ ভূমিকা পালন কৰিব পৰা নাই। তেওঁ কয় যে মধ্যম আৰু দীৰ্ঘম্যাদী ঋণৰ বাবে এইটো এটা অতি উপযোগী ব্যৱস্থা যিয়ে কৃষকসকলক আধুনিক কৃষিৰ দিশত আগবাঢ়ি যাবলৈ মূলধন প্ৰদান কৰে। শ্ৰী শ্বাহে কয় যে আমি যদি কৃষি আধুনিকীকৰণ নকৰোঁ তেন্তে আমি উৎপাদন বৃদ্ধি কৰিব নোৱাৰিম আৰু কৃষকক সমৃদ্ধিশালী কৰিব নোৱাৰিম।

শ্ৰী অমিত শ্বাহে কয় যে এআৰডিবিসমূহৰ কম্পিউটাৰাইজেশ্যনে ইয়াৰ কাৰ্য্যকৰী দক্ষতা বহু পৰিমাণে উন্নত কৰিব; হিচাপ-নিকাচৰ ক্ষেত্ৰত একাকাৰীতা থাকিব, লগতে স্বচ্ছতা বৃদ্ধি পাব, আৰু দুৰ্নীতিও ৰোধ কৰা হ'ব। তেওঁ কয় যে চৰকাৰে সকলো প্ৰাথমিক সমবায় কৃষি আৰু গ্ৰামোন্নয়ন বেংক আৰু ৰাজ্যিক সমবায় গ্ৰামোন্নয়ন বেংকক নাবাৰ্ডৰ এটা ৰাষ্ট্ৰীয় ছফ্টৱেৰৰ সৈতে সংযোগ কৰাৰ কথাও চিন্তা কৰিছে। ইয়াৰ দ্বাৰা সকলো ধৰণৰ কৃষি ঋণৰ সংযোগ সুদৃঢ় হ’ব। শ্ৰী শ্বাহে কয় যে দেশৰ ১৮৫১টা এআৰডিবিৰ শাখা কম্পিউটাৰাইজেশ্যনে ইয়াৰ সৈতে জড়িত কোটি ২০ লাখ কৃষকক যথেষ্ট উপকৃত কৰিব।

কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকৰ কম্পিউটাৰাইজেশ্যন প্ৰজেক্টৰ লক্ষ্য হৈছে ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত এআৰডিবিৰ ১৮৫১টা ইউনিট কম্পিউটাৰাইজ কৰি কমন নেচনেল ছফ্টৱেৰৰ জৰিয়তে নাবাৰ্ডৰ সৈতে সংযোগ কৰা। সহযোগিতা মন্ত্ৰালয়ৰ এই পদক্ষেপে সাধাৰণ একাউণ্টিং ব্যৱস্থা (চিএএছ) আৰু পৰিচালনা তথ্য ব্যৱস্থা (এমআইএছ)ৰ জৰিয়তে ব্যৱসায়িক প্ৰক্ৰিয়াসমূহক প্ৰামাণিক কৰি এআৰডিবিৰ কাৰ্য্যকলাপ, দক্ষতা, জবাবদিহিতা, আৰু স্বচ্ছতা বৃদ্ধিৰ কাম কৰিব। তদুপৰি এই পদক্ষেপৰ লক্ষ্য হৈছে লেনদেনৰ খৰচ হ্ৰাস কৰা, কৃষকসকলক ঋণ বিতৰণৰ সুবিধা প্ৰদান কৰা, আৰু আঁচনিসমূহৰ উন্নত নিৰীক্ষণ আৰু মূল্যায়নৰ বাবে বাস্তৱ সময়ৰ তথ্যৰ উপলব্ধতা সক্ষম কৰি তোলা।

**********

ASH/ RR/ PR/ AK



(Release ID: 2000892) Visitor Counter : 43


Read this release in: English , Urdu , Marathi , Tamil