গৃহ মন্ত্ৰালয়

২০২৪ বৰ্ষৰ পদ্ম বঁটা ঘোষণা

Posted On: 25 JAN 2024 11:01PM by PIB Guwahati

দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম পদ্ম বঁটাৰ তিনিটা শাখা ক্ৰমে-পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰীৰ বঁটাপ্ৰাপকৰ নামসমূহ ঘোষণা কৰা হৈছে। শিল্প, সমাজ কৰ্ম, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা ইত্যাদি শাখাত এই বঁটা প্ৰদান কৰা হয়। ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে পদ্ম বিভূষণ; উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে ‘পদ্ম ভূষণ’ আৰু যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয়।

প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ আশে-পাশে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটাসমূহ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ২০২৪ চনৰ বাবে ৰাষ্ট্ৰপতিয়ে তলৰ তালিকা অনুসৰি ২টা যুটীয়া (এক যুটীত বঁটাটো এটা হিচাপে গণ্য কৰা হয়)কে ধৰি ১৩২গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদানৰ অনুমোদন জনাইছে। তালিকাখনত ৫গৰাকীক পদ্ম বিভূষণ, ১৭গৰাকীক পদ্মভূষণ আৰু ১১০টা পদ্মশ্ৰী বঁটা আছে। ইয়াৰে ৩০ গৰাকী মহিলা আৰু এই তালিকাত বিদেশী/প্ৰবাসী ভাৰতীয়/পিআইঅ’/অ’চিআই শাখাৰ ৮ জন আৰু মৰণোত্তৰভাৱে ৯গৰাকী ব্যক্তিৰ নাম সন্নিবিষ্ট কৰা হৈছে। এই তালিকাত অসমৰ ৩গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাৰে সন্মানীত কৰা হৈছে। সমাজৰ সেৱাৰ বাবে পাৰ্বতী বৰুৱা, কৃষিকৰ্মৰ বাবে সৰ্বেশ্বৰ বসুমতাৰী আৰু কলা-সংস্কৃতিৰ বাবে দ্ৰোণ ভৃঞাক পদ্মশ্ৰী বঁটাৰে সন্মানীত কৰা হৈছে।

সবিশেষ এই লিংকত চাব পাৰিব

https://pib.gov.in/PressReleasePage.aspx?PRID=1999790

RK / ASH / RR / PR / AK/DB



(Release ID: 1999793) Visitor Counter : 447