গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুৱাহাটীত মুখ্য অতিথি হিচাপেঅংশগ্ৰহণেৰে অসম আৰক্ষীৰ ২,৫৫১ কমাণ্ডোৰ পাছিং আউট পেৰেড সম্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ৰপৰা ২০২৪লৈ দেশৰ অভ্যন্তৰীণ নিৰাপত্তাজনিত পৰিস্থিতিৰ এক ইতিবাচক পৰিৱৰ্তন ঘটিছে

আজি ২,৫৫১ অসম আৰক্ষী কমাণ্ডোৰ নিযুক্তিয়েঅসমৰ আইন-শৃংখলা আৰু নিৰাপত্তাজনিত পৰিস্থিতিৰ অগ্ৰগতি সাধন কৰিব

পূর্বৰ চৰকাৰৰ দিনত অসমত অশান্তিয়ে বিৰাজ কৰিছিল যদিও আজি ৰাজ্যখনত উন্নয়ন আৰু শান্তিৰ এক নতুন যুগৰ সূচনা হৈছে

ভাৰত-ম্যানমাৰ সীমান্তকো ভাৰত-বাংলাদেশ সীমান্তৰ দৰে সুৰক্ষিত কৰা হ’ব

মোদী চৰকাৰৰ আমোলত উত্তৰ-পূব ড্ৰাগছমুক্ত হৈ উঠিছে

Posted On: 20 JAN 2024 8:29PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ গুৱাহাটীত অসম আৰক্ষীৰ ২,৫৫১ জন কমাণ্ডোৰ পাছিং আউট পেৰেডত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে এই সমাৰোহ সম্বোধন কৰেএই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানকে প্ৰমুখ্য কৰিআন-আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

                                                      

ইয়াত ভাষণ প্ৰদানেৰে শ্ৰী অমিত শ্বাহে কয় যে পাছিং আউট পেৰেডত দীক্ষা গ্ৰহণৰ পিছত ২,৫৫১ জন আৰক্ষী কমাণ্ডোয়ে অসমৰ আইন-শৃংখলা আৰু নিৰাপত্তাজনিত পৰিস্থিতি সুদৃঢ় কৰিবতেওঁ কয় যে নতুনকৈ পাঁচটা কমাণ্ডো বেটেলিয়নক সেনাবাহিনীৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু এই দক্ষ জোৱানসকলে নিশ্চিতভাৱে অসমে সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানৰেমোকাবিলা কৰিবলৈ সক্ষম হ’ব

গৃহমন্ত্ৰীজনে কয় যে সমগ্ৰ ভাৰতৰ ভিতৰতে অসম আৰক্ষীয়ে সৰ্বাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অসম আৰক্ষীয়ে বিভাজনৰ সময়ত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ, শৰণাৰ্থীৰ সমস্যা, সাত দশকেঅব্য়াহত অনুপ্ৰৱেশৰ সমস্যা, ১৯৭১ত বাংলাদেশৰ মুক্তিযুঁজ, উগ্ৰপন্থী গোটসমূহৰ একাধিক হিংসাত্মক কাৰ্য্যকলাপ আৰু ড্ৰাগছ সৰবৰাহআদি এই সকলোবোৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হৈছে আৰু এনে যুঁজৰ এক গৌৰৱময় ইতিহাস আছে। অসম আৰক্ষীত যোগদান কৰা এই ২,৫৫১ জন নতুন জোৱানে অসম আৰক্ষীক নতুন শক্তি প্ৰদান কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

                                                      

এই কাৰ্য্যসূচীতে শ্ৰী অমিত শ্বাহে সৰ্বস্ব ত্যাগ কৰা অসম আৰক্ষীৰপ্ৰায় ৯০০ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ৰপৰা ২০২৪লৈ দেশৰ অভ্যন্তৰীণ নিৰাপত্তাজনিত পৰিস্থিতিৰ ইতিবাচক পৰিৱৰ্তন হৈছে ৷ বিৰোধী ৰাজনীতিৰ বাবেদশক-দশক ধৰি জম্মু-কাশ্মীৰ, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু নক্সাল হিংসাৰদ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহ অশান্ত হৈ থাকিল। কিন্তু আজি নক্সাল হিংসাৰদ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চল, উত্তৰ-পূৰ্বাঞ্চল আৰু কাশ্মীৰত হিংসাৰ হাৰ ৭৩ শতাংশৰো অধিক হ্ৰাস পাইছে।

গৃহ আৰু সমবায় মন্ত্ৰীজনে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ অধীনত অসমত দীৰ্ঘদিন ধৰি অশান্তিয়ে বিৰাজ কৰিছিল যদিও ৰাজ্যখনত আজি উন্নয়ন আৰু শান্তিৰ এক নতুন যুগৰ সূচনা হৈছেবিগত পাঁচ বছৰত অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। প্ৰায় প্ৰতিটো সশস্ত্ৰ গোটৰ সৈতে শান্তি চুক্তিত উপনীত হোৱা গৈছে, যুৱক-যুৱতীসকলে মূলসুঁতিত যোগদান কৰিছে আৰু সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA)ৰ পৰিসৰো যথেষ্ট হ্ৰাস কৰা হৈছে। সীমান্তৱৰ্তী জিলাসমূহত কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী (CAPF) আৰু আৰক্ষীৰ মাজত সু-সমন্বয় স্থাপন কৰা হৈছে। চোৰাং ব্যৱসায় ৰোধৰ অৰ্থে সীমান্তত অভেদ্য দেৱাল নিৰ্মাণৰ কামো কৰা হৈছে।

                                                       

শ্ৰী অমিত শ্বাহে কয় যে ভাৰত-ম্যানমাৰৰ উন্মুক্ত সীমান্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি, ভাৰত-ম্যানমাৰ সীমান্তকো ভাৰত-বাংলাদেশ সীমান্তৰ দৰে সুৰক্ষিত কৰা হ’বতেওঁ কয় যে ভাৰত চৰকাৰে মুক্ত চলাচলৰ বাবে ম্যানমাৰ আৰু ভাৰতৰ মাজৰ চুক্তিখন পুনৰ বিবেচনা কৰিছে।

গৃহ আৰু সমবায় মন্ত্ৰীজনে কয় যে মোদী চৰকাৰৰ আমোলত উত্তৰ-পূব ড্ৰাগছমুক্ত হৈ পৰিছে ৷ ২০২১ৰ মে’ৰপৰা এতিয়ালৈকে অসম আৰক্ষীয়ে প্ৰায় ১৩,৫৬০ টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। এনডিপিএছ আইনৰ অধীনত ৮,১০০ৰোধিক গোচৰ পঞ্জীয়নৰ লগতে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। তেওঁ কয় যে আমি অসমৰ এক লাখ যুৱক-যুৱতীক কোনো ধৰণৰ দুৰ্নীতি অবিহনে চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ। সেই অনুসৰি, অসম চৰকাৰে এক লাখ যুৱক-যুৱতীক এটি নিকা প্ৰক্ৰিয়াৰে চাকৰি প্ৰদান কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে ইতিমধ্যেঅসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীনৰাজ্য চৰকাৰে ৮৯ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিছেতেওঁ কয় যে বিৰোধী দলৰ চৰকাৰৰ সময়ত অসমৰ যুৱক-যুৱতীসকলে চাকৰি এটা পাবলৈ টকা দিবলগীয়া হৈছিল যদিও আমাৰ দিনত প্ৰদান কৰা চাকৰিসমূহত এটকাৰো দুৰ্নীতি হোৱা নাই।

গৃহ আৰু সমবায় মন্ত্ৰীজনে কয় যে অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম ললাৰ অভিষেক অনুষ্ঠানত ভাগ ল’ব৫৫০ বছৰৰ পাছত ভগৱান শ্ৰীৰামক নৰেন্দ্ৰ মোদীয়ে স্থাপনেৰে তেওঁৰ বিশাল মন্দিৰ মুকলি কৰিব। সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় এয়ে যে শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বৰ এক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ৰ ভিতৰত ভাৰতক এখনি সম্পূৰ্ণ উন্নত আৰু আত্ম-নিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছেৰামললাক তেওঁৰ মন্দিৰত স্থাপনৰ জৰিয়তে এই যাত্ৰাৰ আৰম্ভ হৈছে। এয়া সমগ্ৰ দেশৰ বাবে শুভ আৰু আনন্দৰ বিষয়। তেওঁ কয় যে বিৰোধী দলৰ এজন নেতাই ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে। কিন্তু, তেওঁলোকৰ শাসন কালত অসমত যি অন্যায় হৈছিল, হাজাৰ-হাজাৰ যুৱক-যুৱতীয়ে মৃত্যুৰ সন্মুখীন হ’বলগীয়া হৈছিল, অসম উগ্ৰবাদৰ কবলত পৰিছিল, যাৰ পৰিয়ালৰ লোকৰ এই সময়ছোৱাত মৃত্যু হৈছিল, সেইসকল লোকে আত্মীয়জনৰ ন্যায়ৰ দাবীত বিৰোধী নেতাজনৰএই ন্যায় যাত্ৰাৰ বিৰোধিতা কৰিছে

গৃহ আৰু সমবায় মন্ত্ৰীজনে কয় যে আমি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অগ্ৰসৰ হৈছোঁভাৰত আজি বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। নৰেন্দ্ৰ মোদী জীয়ে ৩৭০ নংঅনুচ্ছেদ বাতিল কৰিছেভগৱান শ্ৰীৰামৰ মন্দিৰ স্থাপন কৰিছেসমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আৰম্ভ হৈছে শান্তি আৰু উন্নয়নৰ এক নতুন যুগ।

 

RK/RR/PR/SB



(Release ID: 1998482) Visitor Counter : 64


Read this release in: English , Urdu , Telugu