ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

অসমৰ গুৱাহাটীত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰিলে ড০ মনসুখ মাণ্ডৱিয়াই

এন.আই.পি.ই.আৰ, হায়দৰাবাদ আৰু এন.আই.পি.ই.আৰ, ৰায়বৰেলীৰো আধাৰশিলা স্থাপন

ৰিপান্স, আইজলত ৫ টা নতুন স্বাস্থ্য সুবিধা উৎসৰ্গা কৰাৰ লগতে উত্তৰ-পূবৰ ৭ খন ৰাজ্যৰ বাবে ৮০ টা স্বাস্থ্য আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰে

ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানে জ্ঞান, শিক্ষা, গৱেষণা আৰু ব্যৱসায়ক সংযোগ কৰা এখন সাকোৰ দৰে কাম কৰিছে আৰু ফাৰ্মাচিউটিকেল তথা মেডটেক খণ্ডক স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ পথত সহায় কৰিছে: ড. মাণ্ডৱিয়া

"ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানে আমাৰ গৱেষণা, প্ৰশিক্ষণ আৰু জনশক্তি সৃষ্টিত সহায় কৰিব, যিয়ে আমাক বিশ্ব স্তৰত আমাৰ ফাৰ্মা উদ্যোগৰ বাবে এক বিশেষ স্থান নিশ্চিত কৰাত সক্ষম কৰি তুলিব"।

"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ গ্ৰহণ কৰাৰ লগে লগে উত্তৰ-পূবৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে।মোদীয়ে কৈআহিছে যে তেওঁ 'এক্ট ইষ্ট'ৰ মন্ত্ৰেৰে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে দিনে-নিশাই কাম কৰিব, 'পূবলৈ চাওক' নীতিৰে নহয়"

Posted On: 12 JAN 2024 2:22PM by PIB Guwahati

কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ তথা  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই আজি অসমৰ গুৱাহাটীত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ (এনআইপিইআৰ) স্থায়ী চৌহদটো ভাৰ্ছুৱেলী উদ্বোধন কৰে। তেওঁ এনআইপিইআৰ, হায়দৰাবাদ আৰু এনআইপিইআৰ , ৰায়বৰেলীৰ আধাৰশিলাও স্থাপন কৰে। উত্তৰ-পূবৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে ড০ মাণ্ডৱিয়াই আজি মিজোৰামৰ আইজলত থকা আঞ্চলিক পেৰামেডিকেল এণ্ড নাৰ্চিং চায়েন্স (ৰিপান্স)ৰো পাঁচটা নতুন স্বাস্থ্য সুবিধা দেশবাসীক উৎসৰ্গা কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী– আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন (পিএম-এবিএইচআইএম), প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই) আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম)ৰ অধীনত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবৰ ৭ খন ৰাজ্যত ৮০ টাতকৈও অধিক স্বাস্থ্য আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰে।

                                                        

ৰাসায়নিক আৰু সাৰ তথা  নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভগৱন্ত খুবা; অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ; ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক মানিক সাহা; অসমৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী কেশৱ মহন্ত আদি ব্যক্তিসকল  অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী শ্ৰীমতী লালৰিনপুইও  উপস্থিত আছিল। উত্তৰ-পূব অঞ্চলৰ কেইবাগৰাকীও সাংসদ তথা  বিধায়কো এই অনুষ্ঠানত উপস্থিত থাকে।

তিনিখনকৈ  ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপনত আনন্দ  প্ৰকাশ কৰি ড০ মাণ্ডৱিয়াই কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুসৰি  ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে  জ্ঞান, শিক্ষা, গৱেষণা আৰু ব্যৱসায়ক সংযোগ কৰা এখন দলং হিচাবে কাম কৰি আহিছে আৰু  ফাৰ্মাচিউটিকেল তথা  মেডটেক খণ্ডত এক স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ পথত সহায় কৰিছে। তেওঁ লগতে কয় যে "প্ৰায় ৮,০০০ শিক্ষাৰ্থীয়ে স্নাতক ডিগ্ৰী লাভ কৰি পেছাদাৰী ক্ষেত্ৰত সফল হোৱাৰ লগতে  সমগ্ৰ দেশতে কাৰিকৰী আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান এক বিশেষ  নাম হৈ পৰিছে। ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ নামত ৩৮০  ৰো অধিক পেটেন্ট পঞ্জীয়ন কৰা হৈছে।"

                                                         

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়  "ঔষধৰ ক্ষেত্ৰত সামগ্ৰিক মানৱ স্বাস্থ্য আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ অৰ্থে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে মনোনিবেশ  কৰি আহিছে, এনে প্ৰতিষ্ঠানে  কেৱল ৰাষ্ট্ৰীয় ক্ষেত্ৰতে নহয়, বিশ্বব্যাপীও ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে"। তেওঁ কয় যে প্ৰায় ৬০ একৰ ভূমিত  ১০ টা উৎকৰ্ষ কেন্দ্ৰকে ধৰি বহু ভৱনত বিয়পি থকা এনআইপিইআৰ গুৱাহাটীৰ  মুঠ প্ৰকল্প ব্যয় ১৫৭ কোটি টকা। ই  এক উন্নয়নৰ পথত খোজ পেলোৱা  উত্তৰ-পূব আৰু সমগ্ৰ  ৰাষ্ট্ৰৰ প্ৰতি চৰকাৰৰ অটল প্ৰতিশ্ৰুতি তথা ত্যাগৰ  প্ৰমাণ হিচাপে থিয় দিছে।’’ তেওঁ লগতে কয় যে "ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে  আমাৰ গৱেষণা, প্ৰশিক্ষণ আৰু জনশক্তি সৃষ্টিক উৎসাহিত  কৰিব, যিয়ে আমাক বিশ্ব স্তৰত আমাৰ ফাৰ্মা উদ্যোগৰ বাবে এক বিশেষ স্থান নিশ্চিত কৰিবলৈ  সক্ষম কৰি তুলিব।"

 

উত্তৰ-পূবৰ উন্নয়নৰ প্ৰতি  কেন্দ্ৰীয় চৰকাৰে দিয়া অগ্ৰাধিকাৰ সন্দৰ্ভত মন্তব্য কৰি ড০ মাণ্ডৱিয়াই কয় যে "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনৰ বাঘজৰী  গ্ৰহণ কৰাৰ লগে লগে উত্তৰ-পূবৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰি আহিছে।  মোদীয়ে  কৈ আহিছে যে তেওঁ 'এক্ট ইষ্ট'ৰ মন্ত্ৰেৰেহে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে দিনে-নিশাই কাম কৰিব, 'পূব লৈ চাওক' নীতিৰে  নহয়। প্ৰধানমন্ত্ৰীয়ে দেশৰ আটাইতকৈ দূৰৱৰ্তী গাওঁখনক দেশৰ আগশাৰীৰ  গাওঁ হিচাবে ৰূপান্তৰিত কৰাৰ  পদক্ষেপ গ্ৰহণ কৰি আহিছে। এনে চিন্তাধাৰাৰ বাবেই  এই খণ্ডটোৱে প্ৰথমে অগ্ৰাধিকাৰ লাভ কৰিবলৈ আৰম্ভ কৰে।" তেওঁ উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয় অঞ্চলৰ গাওঁসমূহৰ বাবে ভাইব্ৰেণ্ট ভিলেজৰ দৰে আঁচনিৰ জৰিয়তে চৰকাৰে এই অঞ্চলসমূহত কৰা কামৰ বিষয়তো  আলোকপাত কৰে।

 

উত্তৰ-পূবত শিক্ষা, স্বাস্থ্য, যোগাযোগ  আৰু নিযুক্তিৰ ক্ষেত্ৰত অভাৱ আছে বুলি উল্লেখ কৰি  ড০ মান্দাৱিয়াই কয়  যে কেন্দ্ৰীয় চৰকাৰে এই সকলোবোৰ দিশত  নিৰন্তৰ কাম কৰি আহিছে। তেওঁ কয় "যদি আমি স্বাস্থ্য সেৱাৰ কথা কওঁ, ৰিমছ, ৰিপান্স, নেইগ্ৰিমছ আৰু এইমছ, গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানৰ বিকাশ সাধন কৰি ইয়াত শিক্ষা, স্বাস্থ্য আৰু নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে,আগতে মানুহে এই অঞ্চলবোৰৰ পৰা তেনেবোৰ সুবিধা লাভৰ বাবে আন ঠাইলৈ যাবলগীয়া হৈছিল"।

                                                          

প্ৰধানমন্ত্ৰী– আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন (পিএম-এবিএইচআইএম) আৰু এনএইচএমৰ অধীনত গ্ৰহণ কৰা  ব্যাপক পদক্ষেপসমূহৰ আওতাত  উত্তৰ-পূবত স্বাস্থ্য সেৱা আন্তঃগাঁথনি উন্নত কৰাৰ  ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।স্বাশ্ত্য সেৱাৰ  ২ টা গোট উৎসৰ্গা কৰা, ৪৯ টা গোটৰ আধাৰশিলা স্থাপন কৰা আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলত ৩২ টা  স্বাস্থ্য আন্তঃগাঁথনি উদ্বোধনত মুঠ ৪০৪.২২ কোটি টকা পুঁজিৰ এক উল্লেখযোগ্য আৱণ্টন  কৰা হৈছে বুলিও তেওঁ কয়।  

ইয়াৰ উপৰি অসম চিকিৎসা মহাবিদ্যালয়ত চুপাৰ স্পেচিয়েলিটি ব্লকৰ  বাবে ১৫০  কোটি টকা ধাৰ্য কৰা হৈছে। তদুপৰি আইজলৰ ৰিপান্সত পাঁচটা অত্যাৱশ্যকীয় ভৱন উৎসৰ্গা কৰাৰ বাবে ১২৭.৩৪  কোটি টকা বিনিয়োগ কৰা হৈছে,  যাৰ ভিতৰত আছে এটা  হস্পিটেল ব্লক, জেনেৰেল হোষ্টেল ব্লক, গেষ্ট হাউচ, ৰেচিডেণ্ট চিকিৎসকৰ আবাসগৃহ আৰু ষ্টাফ/নাৰ্চৰ  আবাসগৃহ। এনে ৮০  টা গোটৰ বাবে  আৱণ্টন কৰা ধনৰ পৰিমাণ ৭২৫  কোটি টকাতকৈও অধিক  বুলি তেওঁ প্ৰকাশ কৰে।  এই পদক্ষেপবোৰে জনসাধাৰণৰ  প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ  এক শক্তিশালী স্বাস্থ্য সেৱা প্ৰণালী গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিকে  প্ৰতিফলিত কৰিছে বুলিও তেওঁ কয়।

 

"উত্তৰ-পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্যত সৃষ্টি হোৱা স্বাস্থ্য সুবিধাসমূহে জনসাধাৰণক চিকিৎসা প্ৰদানত সহায়  কৰিব আৰু যুৱসকলক প্ৰশিক্ষণ তথা নিযুক্তি প্ৰদান কৰাৰ লগতে এই অঞ্চলসমূহত প্ৰগতিৰ নতুন দুৱাৰ মুকলি কৰিব", ড০ মাণ্ডৱিয়াই কয়। তেওঁ অসম চৰকাৰে  টাটা মেম'ৰিয়েল ইনষ্টিটিউটৰ লগতে আন ১৪ টা কৰ্কট প্ৰতিষ্ঠানৰ সহায়ত কৰ্কট চিকিৎসা কেন্দ্ৰৰ এটা শৃংখল  প্ৰস্তুত কৰাৰ বাবে চৰকাৰক প্ৰশংসা কৰে। এনে   কৰ্কট চিকিৎসা কেন্দ্ৰবোৰৰ পৰা  সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে বৃহৎ সুফল লাভ কৰিব বুলিও তেওঁ কয়।

 

শ্ৰী ভগৱন্ত খুবাই কয়  যে এই নতুন পদক্ষেপসমূহ মাননীয় প্ৰধানমন্ত্ৰীৰ "সবকা সাথ সবকা বিকাশ"ৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য ৰাখি গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ স্বাস্থ্য খণ্ডৰ প্ৰতি  যথেষ্ট গুৰুত্ব দিছে। তেওঁলগতে কয়  যে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ পৰা   আৰম্ভণিৰে পৰা এতিয়ালৈ  ৮০০০ তকৈও অধিক শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ লগতে  এইবোৰে এক দক্ষ কৰ্মশক্তি সৃষ্টিত অৰিহণা যোগাইছে। তেওঁ লগতে কয়"দক্ষ জনশক্তি  খণ্ডটোৰ বিকাশৰ এক চালিকা শক্তি হিচাপে পৰিগণিত হৈছে"। 

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফাৰ্মাচিউটিকেল খণ্ডত ভাৰতৰ আধিপত্য শক্তিশালী কৰাৰ লগতে আমদানিকৃত এপিআই আৰু চিকিৎসা সঁজুলিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে চৰকাৰে  হাতত লোৱা প্ৰচেষ্টাৰ বিষয়তো মন্তব্য কৰে। তেওঁ জানিবলৈ দিয়ে যে দেশত তিনিখন  বৃহৎ পৰিসৰৰ  ঔষধ উদ্যান সৃষ্টি কৰা হৈছে আৰু ফাৰ্মা তথা  মেডটেক খণ্ডত কেন্দ্ৰীয় চৰকাৰৰ পিএলআই আঁচনি আৰম্ভ কৰা হৈছে।

 

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ফাৰ্মাচিউটিকেল ক্ষেত্ৰত অৰ্জন কৰা উৎকৃষ্টতা আৰু ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ উদ্বোধনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ  প্ৰমাণ পুনৰ দাঙি ধৰিছে।  তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান,  গুৱাহাটীৰ উদ্বোধনে অসম আৰু উত্তৰ-পূব অঞ্চলৰ ফাৰ্মাচিউটিকেল তথা  চিকিৎসা সঁজুলি খণ্ডত নতুন গৱেষণাৰ সম্ভাৱনাৰ বাট মুকলি কৰিব।  

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক মানিক সাহাই উত্তৰ-পূব অঞ্চলত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ বিষয়ত গুৰুত্বৰ আৰোপ কৰি  ফাৰ্মাচিউটিকেল আৰু চিকিৎসা প্ৰযুক্তি খণ্ডত গৱেষণা তথা  উদ্ভাৱনৰ ক্ষেত্ৰত মোদী চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। নতুনকৈ উদ্বোধন কৰা আন্তঃগাঁথনিসমূহে কেৱল উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি এই অগ্ৰগতিসমূহে উন্নয়নক  ত্বৰান্বিত কৰাত সহায় কৰিব বুলি তেওঁ কয়।

 

ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ সচিব শ্ৰী অৰুণিশ চাওলা; স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী বন্দনা জৈন,  স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী ৰাজীৱ মাঝি আৰু উত্তৰ-পূব অঞ্চলৰ কেন্দ্ৰীয় তথা  ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো এই অনুষ্ঠানত  উপস্থিত থাকে।

 

পৃষ্ঠভূমি:

 

ৰিপান্সৰ পাঁচটা নতুন সুবিধাৰ ভিতৰত আছে ১০০ বিচনাযুক্ত চিকিৎসালয়, গেষ্ট হাউচ, ষ্টাফ আৰু  নাৰ্ছৰ বাবে আবাসগৃহ তথা  জেনেৰেল হোষ্টেল ব্লক। উত্তৰ-পূবৰ ৭খন ৰাজ্যত স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে স্থাপন কৰা আধাৰশিলাৰ ভিতৰত আছে ক্ৰিটিকেল কেয়াৰ ব্লক (১০ টা), ইণ্টিগ্ৰেটেড পাব্লিক হেল্থ লেবৰেটৰীজ (৩৭ টা ), ব্লক পাব্লিক হেল্থ ইউনিট (১ টা) আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ (১টা)। পিএমএছএছৱাইৰ অধীনত অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ ভিতৰত আছে ২৬৫ খন  বিচনাযুক্ত চুপাৰ স্পেচিয়েলিটি ব্লক আৰু ৬৪  খন আইচিইউ বিচনা তথা ১২  খন ডায়েলাইচিছ বিচনা । 



(Release ID: 1995764) Visitor Counter : 72