নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

বিকশিত ভাৰতৰ বাবে সংকল্পবদ্ধ: শ্ৰী সৰ্বানন্দ সোণোৱাল

দৰিদ্ৰৰ কল্যাণৰ বাবে 'মোদীৰ গাৰেণ্টি'-এ আমাৰ ভাতৃসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিব: শ্ৰী সোণোৱাল

শ্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কৰে

Posted On: 28 DEC 2023 6:23PM by PIB Guwahati

আজি ওড়িশাৰ কটকৰ আঠগড়া ব্লকৰ ধৰীপুৰ গাওঁ পঞ্চায়তৰ অধীনত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে।  সংকল্প যাত্ৰাৰ অংশ হিচাপে অনুষ্ঠানত এখন আই ই চি ভ্যানক ফ্লেগ অফ কৰা হয়।  যাত্ৰাৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কটক জিলাৰ মৎস বজাৰত আন এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে।অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই)ৰ পৰিৱৰ্তনশীল যাত্ৰাৰ ওপৰত আলোকপাত কৰে।

                                                               

এই উপলক্ষে ভাষণত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত এই অমৃত কালৰ শেষৰ ফালে দেশখনে আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে।  ৯ বছৰীয়া ফলপ্ৰসূ কাৰ্যকালত মোদীজীৰ অবিৰত প্ৰচেষ্টাই দৰিদ্ৰ, প্ৰান্তীয় লোক, মহিলা আৰু যুৱক-যুৱতীসকলৰ কল্যাণ সাধন কৰিছে। আমি জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ৮০ কোটি লোকে বিনামূলীয়াকৈ খাদ্য শস্য লাভ কৰা বুলি জানি আনন্দিত হৈছো। প্ৰান্তীয় লোকৰ কল্যাণ সাধনৰ লগতে এই ব্যৱস্থাত দুৰ্নীতি দূৰ কৰিবলৈ ‘এক দেশ, এক ৰেচন কাৰ্ড’ কাৰ্যকৰী কৰা হ’ল, যিয়ে জনসাধাৰণক বিশেষকৈ প্ৰব্ৰজিত শ্ৰেণীটোক সহায় কৰিব। মোদীজীৰ দূৰদৰ্শী নেতৃত্বত জন ধন যোজনাই কোটি কোটি লোকক বেংকিঙৰ আনুষ্ঠানিক ব্যৱস্থালৈ অনাৰ ফলস্বৰূপে ভাৰতে আৰ্থিক অন্তৰ্ভুক্তি লাভ কৰে। ইয়াৰ ফলত ৩২.২৯ লাখ কোটিতকৈ অধিক প্ৰত্যক্ষ সুবিধা হস্তান্তৰ কাৰ্যকৰী কৰাত সহায়ক হয়। ফলত বিগত বিত্তীয় বৰ্ষৰ শেষলৈকে আনুমানিক ২.৭৩ লাখ কোটি টকা সঞ্চয় কৰা হয়। ইয়াৰ ফলত মধ্যভোগীৰ প্ৰভাৱ নিঃশেষ হোৱাৰ লগতে ব্যৱস্থাটো অধিক কাৰ্যক্ষম হৈ উঠে। বিগত ৫ বছৰত কমেও ১৩.৫ কোটি ভাৰতীয়ই বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা ওলাই আহিছিল, য’ত গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা ৩২.৫৯%ৰ পৰা ১৯.২৮%লৈ  হ্ৰাস পায়। এই সকলোবোৰ সম্ভৱ হৈছে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ দৃষ্টিভংগীৰে পৰিচালিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ৰূপায়ণ কৰা দূৰদৰ্শী নীতিৰ বাবে।”

                                                                    
ওড়িশাৰ কটক জিলাত আয়োজিত অনুষ্ঠানসমূহত শ্ৰী সোণোৱালে মোদী চৰকাৰে আৰম্ভ কৰা পি এম স্বনিধি আৰু পি এম আৱাস যোজনা (নগৰীয়া) আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। ‘মেৰী কাহানি, মেৰী জুবানী’ত কৈলাশ চন্দ্ৰ বেহেৰা, দেবানন্দ দলেই আৰু শ্ৰীকান্ত জেনাৰ দৰে হিতাধিকাৰীয়ে পি এম স্বনিধি আঁচনিৰ পৰা লাভ কৰা সুবিধাসমূহৰ বিষয়ে মত প্ৰকাশ কৰে। একেদৰে সন্তোষ বেহেৰা আৰু সুষমা দালাইয়েও পি এম আৱাস যোজনা (নগৰীয়া)ৰ পৰা লাভ কৰা সুবিধাসমূহৰ বিষয়ে প্ৰকাশ কৰে। নাবাৰ্ড, পি এম কিষাণ, এম জি এনৰেগা, স্বচ্ছ ভাৰত মিছন দৰে আঁচনিসমূহৰ হিতাধিকাৰীসকলেও আঁচনিসমূহে তেওঁলোকৰ জীৱন কেনেকৈ সলনি কৰিলে তাৰ প্ৰেৰণাদায়ক কাহিনীসমূহো প্ৰকাশ কৰে। 

 মৎস বজাৰৰ অনুষ্ঠানত ভাষণ দি সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস কৰে যে আমাৰ সমাজৰ সামগ্ৰিক আৰু সৰ্বাংগীন উন্নয়নৰ বাবে সকলোকে উন্নয়নৰ পৰিসৰৰ ভিতৰলৈ অনা উচিত। ইয়াৰ ফলত প্ৰতিবন্ধী, জনজাতীয় সম্প্ৰদায়, ৰাজপথৰ ব্যৱসায়ী, পৰম্পৰাগত শিপিনীৰ দৰে প্ৰান্তীয় সম্প্ৰদায়ক সহায় কৰা হৈছে। প্ৰধানমন্ত্ৰী স্বনিধি, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আদি নীতি ৰূপায়ণৰ লগে লগে ৰাজপথৰ ব্যৱসায়ীসকলৰ লগতে পৰম্পৰাগত শিপিনীসকলকো আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ লগতে বন ধন বিকাশ কেন্দ্ৰসমূহৰ দ্বাৰা আদিবাসী জনগোষ্ঠীসমূহক উন্নয়নৰ পথত আগুৱাই নিয়াৰ বাবে প্ৰস্তুত কৰা হৈছিল।

একেদৰে পি এম কিষাণ, প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা, ধান আৰু ঘেঁহুৰ নূন্যতম সমৰ্থিত মূল্য (এম এছ পি) বৃদ্ধি আদি অভিনৱ আঁচনিৰ জৰিয়তে কৃষকসকলক পৰ্যাপ্ত সুৰক্ষা প্ৰদান কৰাটো মোদী চৰকাৰে নিশ্চিত কৰিছে আৰু কৃষক সমাজে ইয়াৰ শলাগ লৈছে। কিন্তু মোৰ বহুত বিশ্বাস আছে, চৰকাৰৰ আন আন আঁচনি যেনে ছ’ইল হেল্থ কাৰ্ড, কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা (PMKSY) আদিয়ে সমগ্ৰ দেশৰ কৃষকসকলক সহায় কৰিছে। চৰকাৰে মহিলা শক্তিক সবলীকৰণৰ দিশতো কাম কৰিছে, যাৰ ফলত তেওঁলোকে নিজৰ দক্ষতা, প্ৰতিভা উপলব্ধি কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ জীৱনৰ মান উন্নত কৰিবলৈও সক্ষম হৈছে। ঐতিহাসিক নাৰী শক্তি বন্দন আইনখনে ভাৰতৰ মহিলাসকলক ৰাজনৈতিকভাৱে সৱল কৰি তোলাটো নিশ্চিত কৰিছে, যাৰ ফলত তেওঁলোক ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছে। উজ্জ্বলা যোজনা, পি এম মুদ্ৰা যোজনা, জল জীৱন মিছন, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আদি বহু আঁচনিৰ দ্বাৰা ভাৰতৰ মহিলাসকলৰ জীৱনৰ মান যথেষ্ট উন্নত হোৱাটো নিশ্চিত কৰিছে। ঠিক তেনেদৰে আমাৰ সমাজখনক শক্তিশালী, উন্নত আৰু সবলীকৰণৰ বাবে আমাৰ ভৱিষ্যত প্ৰজন্ম মোদীজীৰ কেন্দ্ৰবিন্দু। শিক্ষাৰ ক্ষেত্ৰত যুগ যুগ ধৰি চলি অহা নীতিসমূহ পুনৰ গঢ় দিয়া আৰু তেওঁলোকৰ সমৃদ্ধিৰ বাবে খেলুৱৈসকলৰ উৎকৃষ্টতাৰ পথ সৃষ্টিয়ে দেশৰ যুৱক-যুৱতীসকলক সহায় কৰিছে। একেদৰে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতৰ সহায়ত আমাৰ দেশৰ মধ্যবিত্ত শ্ৰেণীয়ে উন্নত মানৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিছে। স্বাস্থ্যসেৱা খণ্ডত সামৰ্থ্য গঢ়ি তোলা আৰু নতুন আন্তঃগাঁথনি সৃষ্টি কৰি ভাৰতে এক শক্তিশালী স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থা গঢ়ি তোলাৰ দিশত আগবাঢ়িছে।  ২০৩০ চনৰ ভিতৰত ভাৰতে বিশ্ব অৰ্থনীতিৰ শীৰ্ষ তিনিটা স্থানত উপনীত হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বই ভাৰতক বিশ্ব অৰ্থনীতিৰ চালক হিচাপে পৰিণত কৰিছে কাৰণ ই বিশ্বক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সহায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দুৰ্নীতি আৰু অদক্ষ শাসন ব্যৱস্থাৰে কংগ্ৰেছ চৰকাৰে অন্ধকাৰ যুগক সৃষ্টি কৰিছিল। কিন্তু মোদীজীৰ নেতৃত্বত বিশ্বৰ আগশাৰীৰ অৰ্থনৈতিক দেশত পৰিণত হৈছে ভাৰত। “কংগ্ৰেছৰ ছয় দশকৰ অপশাসনে কৰিব নোৱাৰা কাম কৰি মোদীজীৰ ন বছৰীয়া সুশাসনে জনসাধাৰণৰ কল্যাণ সাধন কৰিছে।”

                                                                  

**************

MJPS/AR


(Release ID: 1994086) Visitor Counter : 96


Read this release in: English , Urdu , Hindi , Punjabi