গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৫৮ সংখ্যক DGsP/IGsP সন্মিলন ২০২৩ উদ্বোধন কৰে

Posted On: 05 JAN 2024 8:36PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৫৮ সংখ্যক DGsP/IGsP সন্মিলন ২০২৩ উদ্বোধন কৰে। হাইব্ৰিড মোডত অনুষ্ঠিত এই তিনিদিনীয়া সন্মিলনত জয়পুৰৰ পৰা সোঁ-শৰীৰে DGsP/IGsP আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভিডিঅকনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন পদবীৰ ৫০০ৰো অধিক আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আইবি বিষয়াসকলক মেধাৱী সেৱাৰ বাবে পুলিচ মেডেল বিতৰণ কৰাৰ লগতে শ্ৰেষ্ঠ তিনিখন থানাক ট্ৰফী প্ৰদান কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ সেৱাত প্ৰাণ আহুতি দিয়া নিৰাপত্তা বাহিনীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁলোকৰ পৰম ত্যাগক স্মৰণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ২০২৩ চনত ৰাষ্ট্ৰ অমৃত কালত প্ৰৱেশ কৰা বুলি আলোকপাত কৰি দুটা গুৰুত্বপূৰ্ণ পৰিঘটনাৰ ওপৰত জোৰ দিয়ে, যেনে- নতুন শিক্ষা নীতি প্ৰণয়ন আৰু ব্ৰিটিছ যুগৰ আইনসমূহৰ ঠাইত ৩টা নতুন অপৰাধমূলক আইন প্ৰণয়ন কৰা। তেওঁ উল্লেখ কৰে যে নতুন আইনসমূহে শাস্তিৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু এই আইনসমূহ কাৰ্যকৰী কৰিলে আমাৰ অপৰাধমূলক ন্যায় ব্যৱস্থাক অতি আধুনিক আৰু বৈজ্ঞানিক হিচাপে ৰূপান্তৰিত কৰা হব। গৃহমন্ত্ৰীয়ে নতুন আইন সফল ৰূপায়ণৰ বাবে এছএইচঅৰ পৰা ডিজিপি পৰ্যায়লৈ প্ৰশিক্ষণ আৰু থানাৰ পৰা পিএইচকিউ পৰ্যায়লৈ প্ৰযুক্তি উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ডাটাবেছসমূহৰ সংযোগ আৰু উদীয়মান সুৰক্ষা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে এআই চালিত বিশ্লেষণাত্মক পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

                                                                     

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ২০১৪ চনৰ পৰা দেশৰ নিৰাপত্তা পৰিস্থিতিৰ সামগ্ৰিক উন্নতি, বিশেষকৈ তিনিটা জটিল হটস্পট, অৰ্থাৎ জম্মু-কাশ্মীৰ, উত্তৰ-পূব আৰু বাওঁপন্থী উগ্ৰবাদত হিংসা হ্ৰাস পোৱাৰ কথা আঙুলিয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে বছৰ বছৰ ধৰি এই সন্মিলনে থিংক টেংকহিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে সিদ্ধান্ত গ্ৰহণ আৰু নতুন নিৰাপত্তা কৌশল প্ৰণয়নত সহায় কৰিছে। তেওঁ সমগ্ৰ দেশতে কাঠামোৰ একাকাৰিতা, সন্ত্ৰাস বিৰোধী ব্যৱস্থাৰ আকাৰ আৰু দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰত বিকশিত ৰাষ্ট্ৰ হোৱাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত আভ্যন্তৰীণ নিৰাপত্তাৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।

এই সন্মিলনে সীমান্তৰ নিৰাপত্তা, চাইবাৰ-ভাবুকি, উগ্ৰবাদ, পৰিচয় পত্ৰ জালিয়াতিৰে জাৰি কৰা আৰু এআইৰ পৰা উদ্ভৱ হোৱা ভাবুকিকে ধৰি জটিল গুৰুত্বপূৰ্ণ নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।

**********

 

RK/ASH/PR/AK



(Release ID: 1993905) Visitor Counter : 76


Read this release in: English , Urdu , Marathi