আয়ুষ

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোকচিকিৎসা গৱেষণা প্ৰতিষ্ঠানত ক্ষমতা সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোকচিকিৎসা গৱেষণা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় লোকচিকিৎসা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব: শ্ৰী সৰ্বানন্দ সোণোৱাল

উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোকচিকিৎসা গৱেষণা প্ৰতিষ্ঠানত নিৰন্তৰ প্ৰচেষ্টাৰে উত্তৰ-পূৰ্বাঞ্চলৰ লোকচিকিৎসা সম্ভাৱনীয়তাক ব্যৱহাৰ কৰা হ’ব: শ্ৰী পেমা খাণ্ডু

আয়ুৰ্বেদ আৰু লোকচিকিৎসাৰ গৱেষণা আৰু বিকাশৰ ক্ষমতা বৃদ্ধিৰ বাবে উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোকচিকিৎসা গৱেষণা প্ৰতিষ্ঠানত ৫৩ কোটি টকা ব্যয়

অৰুণাচল প্ৰদেশত স্থাপন কৰা হ’ব সোৱা ৰিগপাৰ বাবে এটা কেন্দ্ৰঃ শ্ৰী সোণোৱাল

Posted On: 26 DEC 2023 3:26PM by PIB Guwahati

কেন্দ্রীয় বন্দৰ, জাহাজ তথা জলপৰিবহণ আৰু আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে আজি অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোকচিকিৎসা গৱেষণা প্ৰতিষ্ঠান (এন ই আই এ এফ এম আৰ)ত ক্ষমতা সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । উক্ত প্ৰকল্পৰ আধাৰত মুঠ ৫৩ কোটি টকা ব্যয়েৰে প্ৰতিষ্ঠানটোত অতিৰিক্ত আন্তঃগাঁথনি গঢ়ি তোলা হ’ব।

                                                       

উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জীৰ লগতে উপস্থিত থাকে অৰুণাচল প্ৰদেশ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মহিলা আৰু শিশু উন্নয়ন আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী আলো লিবাং;  পূব অৰুণাচলৰ সাংসদ তাপিৰ গাঅ’, ৩৮নং পূব পাছিঘাটৰ বিধায়ক কলিংগা ময়ং, পশ্চিম পাছিঘাটৰ বিধায়ক নিননোগ এৰিং; অৰুণাচল প্ৰদেশৰ ৰাজ্যিক তথ্য আয়ুক্ত গুমঝুম হাইদৰ আৰু অৰুণাচল প্ৰদেশ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক টোমো ৰিবা।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী আৰু আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয় যে,  লোকচিকিৎসা বিজ্ঞানৰ হাজাৰ হাজাৰ বছৰ ধৰি মানৱতাক সুস্থ কৰি ৰখাৰ এক চহকী ঐতিহ্য আছে। ই আমাৰ সম্প্ৰদায়সমূহত জীয়াই থকাৰ লগতে নৱপ্ৰজন্মৰ জীৱন সমৃদ্ধ কৰাত সহায় কৰি আহিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ স্বাস্থ্যসেৱা ব্যৱস্থাক শক্তিশালী কৰাৰ লগতে জনসাধাৰণক এক সমৃদ্ধ জীৱনৰ অভিজ্ঞতা প্ৰদানৰ বাবে লোকচিকিৎসাকে ধৰি পৰম্পৰাগত চিকিৎসা বিজ্ঞানক পুনৰুজ্জীৱিত কৰি তোলাৰ আন্তৰিক প্ৰচেষ্টা চলোৱা হৈছে। এই প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে মোদী চৰকাৰে উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোকচিকিৎসা গৱেষণা প্ৰতিষ্ঠান (এন ই আই এ এফ এম আৰ)ত অতিৰিক্ত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে যিয়ে আয়ুৰ্বেদ আৰু লোকচিকিৎসাৰ দ্বাৰা ইয়াৰ গৱেষণা আৰু বিকাশক শক্তিশালী কৰাৰ বাবে অনুঘটক হিচাপে কাম কৰাৰ সামৰ্থ্য গঢ়ি তুলিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, অৰুণাচল প্ৰদেশত অতি সোনকালে সোৱা ৰিগপাৰ ওপৰত এটা নতুন কেন্দ্ৰ স্থাপন কৰা হ'ব।

                                                       

বিজ্ঞানসন্মতভাৱে নথিভুক্তকৰণ, ৰেকৰ্ডিং, গৱেষণাৰ লগতে উত্তৰ-পূবৰ লোকচিকিৎসাক স্বীকৃতি প্ৰদানৰ দিশতো এই প্ৰতিষ্ঠানটোৱে কাম কৰি আছে। প্ৰতিষ্ঠানটোত সামৰ্থ্য সম্প্ৰসাৰণৰ বাবে এটা শৈক্ষিক ভৱন, শিক্ষাৰ্থীৰ বাবে হোষ্টেল, কৰ্মচাৰীৰ আৱাসৰ লগতে সঞ্চালকৰ বাংলোও অন্তৰ্ভুক্ত কৰা হৈছে। শিক্ষানুষ্ঠানখনৰ ৭০জন ছাত্ৰ আৰু ৭০গৰাকী ছাত্ৰীয়ে হোষ্টেলত থাকিব পাৰিব। এই বিনিয়োগে অনাগত সময়ত আয়ুৰ্বেদ, আয়ুৰ্বেদ চিকিৎসা আৰু অস্ত্ৰোপচাৰ (বিএএমএছ)ৰ মানসম্পন্ন স্নাতক পাঠ্যক্ৰমৰ লগতে স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰদানৰ বাবে আয়ুৰ্বেদ মহাবিদ্যালয় খোলাৰ বাবে অতিৰিক্ত আন্তঃগাঁথনিৰ বিকাশৰ ব্যৱস্থা কৰিব। কেৱল ইমানেই নহয়, নতুন এই আয়ুৰ্বেদ মহাবিদ্যালয়খনে শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ সেৱাৰ জৰিয়তে আয়ুৰ্বেদক প্ৰচাৰ আৰু বিকাশ সাধন কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, "আমি অত্যন্ত সুখী যে অৰুণাচল প্ৰদেশৰ এক প্ৰতিষ্ঠান উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোকচিকিৎসা গৱেষণা প্ৰতিষ্ঠান (এনইআইএএফএমআৰ)-এ উত্তৰ-পূবৰ লোকচিকিৎসাৰ ব্যৱহাৰৰ দিশত কাম কৰি আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ প্ৰেৰণাদায়ক নেতৃত্বত প্ৰতিষ্ঠানটোৰ সামৰ্থ সম্প্ৰসাৰিত কৰা হৈছে যিয়ে কেৱল অঞ্চলটোৰ পৰম্পৰাগত চিকিৎসা বিজ্ঞানত সহায় কৰাই নহয়, ৰোগীৰ যত্নত বহল প্ৰয়োগৰ বাবে যুগ যুগ ধৰি চলি অহা লোকচিকিৎসাক বৈজ্ঞানিকভাৱে নথিভুক্ত কৰাৰ সুযোগো প্ৰদান কৰিব। মোদীজীয়ে ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সজীৱতাত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। এই অঞ্চলত ঔষধি উদ্ভিদৰ চহকী বৈচিত্ৰ্য আছে, ঔষধ, আয়ুৰ্বেদিক আৰু সুগন্ধি খণ্ডৰ বাবে বিপুল ব্যৱসায়িক সম্ভাৱনা আছে। যাৰ ফলত ৰাজ্যখনৰ লগতে উত্তৰ-পূবৰ বাবেও ব্যৱসায়িক পথ মুকলি হৈছে।

                                                             

উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণা প্ৰতিষ্ঠান (এন ই আই এ এফ এম আৰ)ৰ ভূমিকা সম্পৰ্কে বিশদভাৱে উল্লেখ কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে আয়ুৰ্বেদ, যোগ, ইউনানী, সিদ্ধ, হোমিঅ’পেথী, সোৱাৰ প্ৰচাৰ চলাই আছে। ৰিগপা এণ্ড নেচুৰোপেথীয়ে পৰম্পৰাগত ঔষধৰ ৰূপটোক সজীৱ কৰি তোলাৰ দিশত কাম কৰি আছে। দেশখনে আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে আয়ুষ মন্ত্ৰালয়ে চিকিৎসা বিজ্ঞানৰ ঔষধ আৰু ৰোগীৰ যত্নৰ ক্ষেত্ৰত ব্যাপক ব্যৱহাৰৰ বাবে বৈজ্ঞানিক বৈধতাৰে আমাৰ চহকী পৰম্পৰাগত চিকিৎসা ব্যৱস্থাটোক সক্ষম কৰাৰ দিশত অহৰহ কাম কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ পৰম্পৰাগত চিকিৎসা সমাজখনে উপকৃত হোৱাই নহয়, লোকচিকিৎসাৰ পৰিসৰও সম্প্ৰসাৰিত হ’ব।যাৰ ফলত ই অধিক সংখ্যক লোকৰ কাষলৈ যাব পাৰিব, তেওঁলোকক সুস্থ কৰি তোলাৰ লগতে তেওঁলোকৰ জীৱন সমৃদ্ধ হ’ব।উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণা প্ৰতিষ্ঠান  (এন ই আই এ এফ এম আৰ) ভাৰতৰ এখন আগশাৰীৰ প্ৰতিষ্ঠান যিয়ে অঞ্চলটোৰ লোক চিকিৎসা বিজ্ঞানক সজীৱ কৰি তোলাৰ দিশত নিষ্ঠাৰে কাম কৰি আছে। আয়ুৰ্বেদক আমাৰ চহকী ঐতিহ্য স্থানীয় পৰম্পৰাগত ঔষধ ব্যৱস্থাৰ দ্বাৰাও বিকশিত কৰিব পাৰি। এই ধাৰণাটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদক অন্তৰ্ভুক্ত কৰি ৰোগীৰ যত্নৰ বিস্তৃত সমাধানৰ সৈতে অধিক সজীৱতা প্ৰদান কৰিছে। ইয়াৰ প্ৰচেষ্টাক আৰু অধিক উৎসাহিত কৰিবলৈ আমি এই প্ৰতিষ্ঠানটোক লোকচিকিৎসাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

                                                     

অদূৰ ভৱিষ্যতে চৰকাৰে উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণা প্ৰতিষ্ঠান (এন ই এ এফ এম আৰ)ত আঞ্চলিক কেঁচা ঔষধ ভঁৰাল (আৰ আৰ ডি আৰ), সংগ্ৰহালয়, অত্যাধুনিক বিশ্লেষণাত্মক যন্ত্ৰৰ সুবিধা (এছ এ আই এফ), অত্যাধুনিক পঞ্চকৰ্ম চিকিৎসা আৰু গৱেষণা কেন্দ্ৰ, পেৰামেডিকেল শিক্ষণ কেন্দ্ৰ আদি আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

 

*******

MJPS/AR



(Release ID: 1991174) Visitor Counter : 52


Read this release in: English , Urdu , Hindi , Telugu