উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূব অঞ্চলত প্ৰকল্পৰ সংখ্যা
Posted On:
18 DEC 2023 3:13PM by PIB Guwahati
যোৱা পাঁচ বছৰত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত গ্ৰহণ কৰা মুঠ প্ৰকল্পৰ সংখ্যা হৈছে ৮৬৩ টা যাৰ বাবে আৱনন্টন মুঠ ১২,৫৭২.৫৩ কোটি টকা , যাৰ ভিতৰত বিশেষকৈ অসমৰ ১৩০ টা প্ৰকল্পৰ বাবে আৱণ্টন কৰা পৰিমাণ হৈছে ২২৫১.৬২ কোটি টকা।
২০২৩ বৰ্ষৰ শেষৰ ফালে সম্পূৰ্ণ হোৱা প্ৰকল্পৰ সংখ্যা হৈছে ১৩৬ টা।
নিৰ্ধাৰিত সময়ৰ পিছৰফালে চলি থকা অসমত প্ৰকল্পৰ সংখ্যা হৈছে ২৯ টা। আঁচনিসমূহৰ নিৰ্দেশনা অনুসৰি, সময় অতিক্ৰম কৰাৰ বাবে ব্যয় বৃদ্ধি সংশ্লিষ্ট ৰাজ্য চৰকাৰে বহন কৰিব লাগিব।
আজি লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত উত্তৰ-পূব অঞ্চলৰ উন্নয়ন ৰাজ্যিক মন্ত্ৰী শ্ৰী বি এল বাৰ্মাই এই তথ্য প্ৰদান কৰে।
(Release ID: 1988608)