তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
অসমৰ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিলে সফলতাৰ কাহিনী
সমাজসেৱাৰ প্ৰতি দেখুওৱা কল্যাণী ৰাজবংশীৰ ধাউতিৰ বিষয়ে জানিব পাৰি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰী মোদী
অসমৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ লাইভ স্ক্ৰীণিং প্ৰত্যক্ষ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৱে
Posted On:
16 DEC 2023 7:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ (ভিবিএছৱাই) হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে । চলিত যাত্ৰাৰ সময়ত এয়ৈা প্ৰধানমন্ত্ৰীৰ তৃতীয়টো বাৰ্তালাপ আছিল। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এমহীয়া বিকশিত ভাৰত সংকল্প যাত্ৰা হাজাৰ হাজাৰ গাওঁৰ লগতে ১৫০০ খন চহৰত উপস্থিত হৈছে৷ সেইবোৰৰ ভিতৰত সৰু চহৰসমূহো অন্তৰ্ভুক্ত হৈ আছে।
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰে ৷এই বাৰ্তালাপৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰাকৃতিক কৃষি, গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণৰ নানান দিশ আৰু ভাৰতৰ গাওঁসমূহৰ বিকাশৰ বিষয়ে উল্লেখ কৰে। আজিৰ কাৰ্যসূচীত নগৰাঞ্চলৰ বহু সংখ্যক লোক জড়িত থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ গুৰুত্ব নগৰ উন্নয়নৰ বিষয়ত হ'ব।
অসমকে ধৰি সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰে।

গুৱাহাটীৰ নুনমাটিৰ এগৰাকী হিতাধিকাৰী শ্ৰীমতী কল্যাণী ৰাজবংশীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ অভিজ্ঞতাৰ কথা বিনিময় কৰে৷ কেনেদৰে ডিএৱাই-এনইউএলএম, পিএমএফএমইৰ দৰে চৰকাৰী আঁচনিয়ে তেওঁৰ জীৱন এগৰাকী গৃহিণীৰ পৰা এগৰাকী আত্মনিৰ্ভৰশীল মহিলালৈ ৰূপান্তৰিত কৰিছে সেই বিষয়ে শ্ৰীমতী কল্যাণী ৰাজবংশীয়ে প্ৰধানমন্ত্ৰীৰ আগত প্ৰকাশ কৰে৷ তেওঁ জনায় যে তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে পৰা লাভালাভ অৰ্জন কৰিছে আৰু প্ৰগতিৰ এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰথমে ১০,০০০ টকাৰ ঘূৰ্ণীয়মান পুঁজিৰ সৈতে এটা কাঠফুলা গোট আৰম্ভ কৰিছিল, তাৰ পিছত তেওঁ খাদ্য প্ৰক্ৰিয়াকৰণ গোট এটা খুলিছিল। ইয়াৰ পিছত, তেওঁ ২০০ গৰাকী মহিলাৰ সৈতে এটা গোট প্ৰতিষ্ঠা কৰে।তেওঁৰ এই যাত্ৰাত শ্ৰীমতী কল্যাণী ৰাজবংশীয়ে কেনেকৈ তেওঁৰ অঞ্চলৰ আন মহিলাসকলক আত্মসহায়ক গোটত যোগদান কৰিবলৈ আৰু বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত বেংকৰ ঋণ লাভ কৰিব পাৰি সেই বিষয়ত অনুপ্ৰাণিত কৰিছিল সেই বিষয়ে মোদীৰ আগত বিৱৰি কয়৷
শ্ৰীমতী ৰাজবংশীয়ে প্ৰধানমন্ত্ৰীক লগতে জনায় যে তেওঁ প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ পৰা লাভ অৰ্জন কৰাৰ বিষয়ত বিক্ৰেতাসকলক শিক্ষিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে অসম ৰাজ্যিক অসামৰিক বঁটা 'অসম গৌৰৱ বঁটা' লাভ কৰিছে।
যেতিয়া প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভিবিএছৱাই আইইচি ভানৰ বিষয়ে তেওঁৰ অভিজ্ঞতা বিষয়ে সুধিছিল, তেতিয়া তেওঁ উত্তৰ দিছিল যে তেওঁৰ অঞ্চলৰ লোকসকলে উৎসাহেৰে ভানখনক আদৰণি জনাইছে আৰু ইয়াৰ লাভালাভসমূহ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক প্ৰশংসা কৰি কয় যে তেওঁ কেৱল আত্মসহায়ক গোটৰ জৰিয়তে ভাল কাম কৰাই নহয়, তেওঁ সমাজকো সহায় কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক উৎসাহিত কৰে আৰু কয় যে শ্ৰীমতী কল্যাণী ৰাজবংশী আত্মনিৰভৰ আৰু সমাজক লাভাৱান্বিত কৰা মহিলাসকলৰ এক জ্বলন্ত উদাহৰণ।
এই কাৰ্যসূচীত বৃহৎ সংখ্যক কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিয়েও যোগদান কৰে। অসমৰ বিভিন্ন স্থানত অনুষ্ঠানটোৰ লাইভ স্ক্ৰীণিঙৰ ব্যৱস্থা কৰা হয়৷

অসমত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ লাইভ স্ক্ৰীণিং প্ৰত্যক্ষ কৰে। শ্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণত কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য হৈছে আঁচনিসমূহৰ সফলতা নিশ্চিত কৰাৰ বাবে সকলো যোগ্য হিতাধিকাৰীৰ ওচৰলৈ যোৱা। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশখন আজি অধিক শক্তিশালী ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িছে। "মোদী কি গেৰাণ্টি" আইইচি ভানৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ভানে নিশ্চিত কৰিছে যে দেশৰ প্ৰতিটো কোণৰ প্ৰতিজন হিতাধিকাৰীয়ে আঁচনিখনৰ লাভালাভ অৰ্জন কৰিব পাৰিব। তেওঁ কয় যে এই চৰকাৰে প্ৰতিজন ব্যক্তিক বিভিন্ন দিশত সবল কৰি তোলাৰ বাবে যোৱা চাৰে নটা বছৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় ভূ-বিজ্ঞান দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱেও গোলাঘাটৰ পৰা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পোনপটীয়া স্ক্ৰীণিং কাৰ্যসূচীত যোগদান কৰে।
এই কাৰ্যসূচীৰ সময়তে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰে।
চৰকাৰী আঁচনিসমূহৰ লাভালাভ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ ওচৰত উপনীত কৰোৱাবলৈ তথা চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিসমূহৰ সফল ৰূপায়ণৰ লক্ষ্যৰে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ কৰা হৈছে।
মাত্ৰ এমাহৰো কম সময়ৰ ভিতৰতে, এই যাত্ৰা দেশৰ৬৮,০০০ গাওঁ পঞ্চায়তৰ (জিপি) ২.৫০ কোটিৰো অধিক লোকৰ ওচৰত উপস্থিত হৈছে। তদুপৰি, প্ৰায় ২ কোটি লোকে বিকশিত ভাৰত সংকল্প গ্ৰহণ কৰিছে ৷ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ২ কোটিৰো অধিক হিতাধিকাৰীয়ে 'মেৰী কাহানী মেৰী জুৱানী' উদ্যোগৰ অধীনত তেওঁলোকৰ অভিজ্ঞতাৰ বিনিময় কৰিছে৷
PG/BM
(Release ID: 1987290)