গৃহ মন্ত্ৰালয়
বাওঁপন্থী উগ্ৰবাদ (LWE) প্ৰভাৱিত অঞ্চলত নিৰাপত্তা শূন্যতা
Posted On:
13 DEC 2023 4:48PM by PIB Guwahati
ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ‘পুলিচ আৰু জনশৃংখলা’ৰ বিষয়সমূহ ৰাজ্য চৰকাৰসমূহৰ ওচৰত। কিন্তু বাওঁপন্থী উগ্ৰবাদ (LWE)ৰ বিপদক সামগ্ৰিকভাৱে মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰে LWE সমস্যা সমাধান কৰিবলৈ কৰিবলৈ ২০১৫ চনত ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য পৰিকল্পনা আৰম্ভ কৰিছিল।
এই নীতিয়ে নিৰাপত্তা সম্পৰ্কীয় ব্যৱস্থা, উন্নয়নৰ হস্তক্ষেপ, স্থানীয় সম্প্ৰদায়ৰ অধিকাৰ আৰু প্ৰাপ্য নিশ্চিত কৰা আদিৰ সৈতে বহুমুখী কৌশলৰ কল্পনা কৰিছে। এই নীতিৰ দ্ৰুত ৰূপায়নৰ ফলত বাওঁপন্থী উগ্ৰবাদ ধাৰাবাহিকভাৱে আৰু বহু পৰিমাণে হ্ৰাস পোৱাৰ লগতে নিৰাপত্তা পৰিস্থিতি যথেষ্ট উন্নতি হোৱা দেখা গৈছে।
নিৰাপত্তা পৰিস্থিতি উন্নত কৰাৰ দিশত প্ৰধান অৰিহণা যোগোৱাসকলৰ ভিতৰত নিৰাপত্তা বাহিনীয়ে নতুন শিবিৰ স্থাপন কৰি এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলত নিৰাপত্তাৰ শূন্যতা পূৰণ কৰা, এল ডব্লিউ ইৰ প্ৰভাৱৰ মূল অঞ্চলত পথ নিৰ্মাণ, জটিল আন্তঃগাঁথনিৰ ব্যৱস্থা, ৰাজ্যিক আৰক্ষী বাহিনীৰ সামৰ্থ্য বৃদ্ধিৰ লগতে দুৰ্গম আৰক্ষী থানা (FPS) নিৰ্মাণ কৰা আদি উল্লেখযোগ্য।
বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত ৰাজ্যসমূহৰ বাবে ৭০৪টা এফ পি এছ অনুমোদন কৰা হৈছে যাৰ আনুমানিক খৰচ ১৫৫৪ কোটি (প্ৰায়) টকা, ইয়াৰে ৬০৩টা নিৰ্মাণ কৰা হৈছে। বিশেষ আন্তঃগাঁথনি আঁচনি (এছআইএছ)ৰ অধীনত, ২০১৭-১৮ চনৰ পৰা বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত ৰাজ্যসমূহত বিশেষ বাহিনী (এছ এফ)/ বিশেষ চোৰাংচোৱা শাখা (এছ আই বি) গঠন আৰু জিলা আৰক্ষীক শক্তিশালীকৰণৰ বাবে ৯৬৯.৮০ কোটি টকা অনুমোদন জনোৱা হৈছে। তদুপৰি, বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত বেছিভাগ জিলাতে ২০১৮-১৯ বৰ্ষৰ পৰা বিশেষ কেন্দ্ৰীয় সাহায্য (এছ চি এ) আঁচনিৰ জৰিয়তে জটিল আন্তঃগাঁথনিৰ ব্যৱধান পূৰণ কৰা হৈছে, যাৰ বাবে মুকলি কৰি দিয়া হৈছে ৩২৪৯.৭৮ কোটি টকা। এছ আৰ ই আঁচনিৰ অধীনত, ২০১৪-১৫ চনৰ পৰা ২০২২-২৩ চনলৈকে নিৰাপত্তা বাহিনীৰ কাৰ্যকৰী প্ৰয়োজনীয়তাৰ বাবে কৰা ব্যয়ৰ পৰিশোধ হিচাপে ৰাজ্যসমূহক ২৬০৬ কোটি টকা মুকলি কৰা হৈছে।
বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলৰ আভ্যন্তৰীণ অংশলৈ নিৰাপত্তা, শাসন আৰু উন্নয়নৰ প্ৰসাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে মে’-২০১৪ৰ পৰা এলডব্লিউই নিৰ্দিষ্ট আঁচনিত ১০৪৭৬ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে।
সুপৰিকল্পিত কৌশলৰ অংশ হিচাপে, ২০১৯ চনৰ পৰা নিৰাপত্তাৰ শূন্যতা পূৰণৰ বাবে এল ডব্লিউ ইৰ প্ৰভাৱৰ মূল অঞ্চলসমূহত বৃহৎ সংখ্যক ফৰৱাৰ্ড অপাৰেটিং বেছ মুকলি কৰা হৈছে। ফলস্বৰূপে বাওঁপন্থী উগ্ৰপন্থীৰ দুৰ্গ যেনে বুঢ়া পাহাড়, খুণ্টিৰৰ ট্ৰাই-জংচন – শৰাইকেলা কহৰছাৱান – পশ্চিম সিংহভূম, ঝাৰখণ্ডৰ কলহান বনাঞ্চল, বিহাৰৰ ভীম বন্ধ আৰু চকৰবন্ধা, ওড়িশাৰ মালকানগিৰিৰ কাটঅফ এলেকা আদিত নিৰাপত্তাৰ শূন্যতা সম্পূৰ্ণৰূপে পূৰণ কৰা হৈছে।
বাওঁপন্থী উগ্ৰবাদ সম্পৰ্কীয় সমস্যাৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য পৰিকল্পনাৰ দৃঢ় ৰূপায়ণ আৰু তাৰ ফলত নিৰাপত্তাৰ শূন্যতা উল্লেখযোগ্য ৰূপত হ্ৰাস পোৱাৰ বাবে ২০১০ চনৰ সৰ্বোচ্চৰ তুলনাত ২০২২ চনত এল ডব্লিউ ই সম্পৰ্কীয় হিংসাত্মক কাণ্ডৰ সংখ্যা ৭৬% হ্ৰাস পাইছে। বাওঁপন্থী উগ্ৰবাদৰ পৰিণতিত হোৱা মৃত্যুৰ সংখ্যা (নিৰাপত্তা বাহিনী + অসামৰিক)ও ২০১০ চনত সৰ্বকালৰ সৰ্বোচ্চ ১০০৫ৰ পৰা ২০২২ চনত ৯৮লৈ, ৯০% হ্ৰাস পাইছে। ভৌগোলিকভাৱে বিস্তাৰিত হিংসাও যথেষ্ট হ্ৰাস পাইছে। ২০১০ চনত ৯৬খন জিলাৰ ৪৬৫খন আৰক্ষী থানাত সৰ্বাধিক এল ডব্লিউ ই হিংসা হোৱাৰ বিপৰীতে ২০২২ চনত ৪৫খন জিলাৰ মাত্ৰ ১৭৬খন আৰক্ষী থানাইহে এল ডব্লিউ ই হিংসাৰ ৰিপৰ্ট দিয়ে, কেৱল ১০খন জিলাই মুঠ হিংসাৰ ৭২% ৰিপৰ্ট দিছে। একেদৰে, এল ডব্লিউ ই হিংসাৰ ৰিপৰ্ট দিয়া ১৭৬খন আৰক্ষী থানাৰ ভিতৰত, ৩০খন থানাত মুঠ হিংসাৰ ৫০% ৰিপৰ্ট দিয়া হৈছে।
এই কথা ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে উল্লেখ কৰে।
**********
RK/AY/ASH/AKS/RR//PR/GS/1187
(Release ID: 1986137)