গৃহ মন্ত্ৰালয়

‘লাডাখ সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন সমিতি’ (এইচপিচি)ৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ে লাডাখৰ উন্নয়নৰ ক্ষেত্ৰত দ্ৰুত গতিত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

Posted On: 04 DEC 2023 9:14PM by PIB Guwahati

গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ৰ অধ্যক্ষতাত ‘লাডাখ সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন সমিতি’ (এইচপিচি)ৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকখনত ‘এপেক্স বডী লেহ’ (এবিএল) আৰু ‘কাৰ্গিল ডেমক্ৰেটিক এলায়েন্স’ (কেডিএ)য়েও অংশগ্ৰহণ কৰে।

শ্ৰী নিত্যানন্দ ৰায়ে গুৰুত্ব আৰোপ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ে লাডাখৰ উন্নয়নৰ ক্ষেত্ৰত দ্ৰুত গতিত কাম কৰিবলৈ আৰু লাডাখৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে ২০১৯ চনত কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পিছৰে পৰা গুৰুত্বপূৰ্ণ প্ৰগতি লাভ কৰা হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ এই ঐতিহাসিক পদক্ষেপৰ ফলত, শাসন আৰু ইয়াৰ দ্বাৰা উন্নয়নক লাডাখৰ জনসাধাৰণৰ কাষ চপাই অনা হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে বাজেট আৱণ্টন বৃদ্ধি, ‘লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদ’ক প্ৰদান কৰা পুঁজি বৃদ্ধি, সৰ্বাংগীন সংযোগ নিশ্চিত কৰা, মোবাইল নেটৱৰ্ক, পথ, নতুন ‘হেলিপেড’ নিৰ্মাণ আদিৰ দৰে আন্তঃগাঁথনি বিকাশ আদিৰ দৰে কেইবাটাও পদক্ষেপ বহুত দ্ৰুত গতিত হাতত লোৱা হৈছে। শ্ৰী ৰায়ে কয় যে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সামগ্ৰিক আৰু বহনক্ষম উন্নয়নৰ বাবে ‘এবিএল’ আৰু ‘কেডিএ’ আৰু লাডাখৰ লোকসকলৰ সৈতে চৰকাৰ নিয়মীয়াকৈ জড়িত হৈ থাকিব।

প্ৰসংগৰ চৰ্তাৱলী সংশোধন আৰু নতুন সদস্য অন্তৰ্ভুক্তিৰ বাবে ‘এমএইচএ’ৰ সিদ্ধান্তক আদৰণি জনাইছে ‘এবিএল’ আৰু ‘কেডিএ’-ই। ‘এবিএল’ আৰু ‘কেডিএ’ সদস্যসকলে লাডাখ নিবাসীসকলৰ অধিকাৰ সুৰক্ষা, দ্ৰুত নিযুক্তি প্ৰক্ৰিয়া, ‘এলএএইচডিচি’ শক্তিশালী কৰা, সিদ্ধান্ত লোৱাত অধিক অংশগ্ৰহণ আদি সম্পৰ্কীয় বিভিন্ন বিষয় উথ্থাপন কৰে।

 

গৃহ মন্ত্ৰালয়ে গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ৰ অধ্যক্ষতাত লাডাখৰ বাবে নিম্নোক্ত প্ৰসংগত আলোচনা কৰাৰ কৰ্তৃত্বসহ ‘উচ্চ ক্ষমতাসম্পন্ন সমিতি’ (এইচপিচি)খন গঠন কৰিছে -

ক) লাডাখ অঞ্চলৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ কৌশলগত গুৰুত্ব বিবেচনা কৰি ইয়াৰ অনন্য সংস্কৃতি আৰু ভাষা সুৰক্ষিত কৰাৰ ব্যৱস্থা

খ) ভূমি আৰু নিযুক্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা,

গ) অঞ্চলটোত সামগ্ৰিক উন্নয়ন আৰু নিযুক্তি সৃষ্টিৰ ব্যৱস্থা কৰা,

ঘ) লেহ আৰু কাৰ্গিলৰ ‘লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদ’ (এলএএইচডিচি)ৰ সৱলীকৰণ সম্পৰ্কীয় ব্যৱস্থা আৰু

ঙ) ওপৰত উল্লেখ কৰা অনুসৰি ব্যৱস্থা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰদান কৰিব পৰা সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰা।

*****

AY/ASH/PR/KB



(Release ID: 1982908) Visitor Counter : 66


Read this release in: English , Urdu , Hindi