গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গিৰ সোমনাথত বিকশিত ভাৰত সংকল্প যাত্ৰাত ভাষণ দিয়ে

ভাৰতক প্ৰতিটো ক্ষেত্ৰতে বিকশিত, সৰ্বপ্ৰথম আৰু আত্মনিৰ্ভৰ কেৱল ১৩০ কোটি ভাৰতীয়ইহে কৰি তুলিব পাৰে

বিকশিত ভাৰতৰ সংকল্প কেৱল এটা শব্দ নহয়, বৰং দেশৰ কোটি কোটি দুখীয়া মানুহৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ এক পৱিত্ৰ ধাৰণা

এই ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ বিকশিত ভাৰতৰ ধাৰণাক গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ এক যাত্ৰা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কোটি কোটি জনসাধাৰণক মৌলিক সা-সুবিধা প্ৰদান কৰি তেওঁলোকৰ জীৱন সলনি কৰাৰ কাম কৰিছে

এই যাত্ৰাই দেশৰ প্ৰতিখন পঞ্চায়তত উপনীত হ’ব আৰু মোদী চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াৰ সুবিধাসমূহ সকলোৰে বাবে উপলব্ধ কৰাৰ বাবে কাম কৰিব

Posted On: 01 DEC 2023 9:50PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গিৰ সোমনাথত বিকশিত ভাৰত সংকল্প যাত্ৰাত ভাষণ দিয়ে।

                                                                     https://static.pib.gov.in/WriteReadData/userfiles/image/image001T9SH.jpg

তেওঁৰ ভাষণত শ্ৰী অমিত শ্বাহে কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল আৰু যেতিয়া আমাৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব তেতিয়া প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষই প্ৰথম স্থান লাভ কৰিব বুলি প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈ এক কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ভাৰতক প্ৰতিটো ক্ষেত্ৰতে বিকশিত, সৰ্বপ্ৰথম আৰু আত্মনিৰ্ভৰ কেৱল ১৩০ কোটি ভাৰতীয়ইহে কৰি তুলিব পাৰে। তেওঁ কয় যে এই লক্ষ্যত উপনীত হ’বলৈ আজিৰ দৰেই এই যাত্ৰা দেশৰ প্ৰতিটো অঞ্চললৈ যাব। তেওঁ কয় যে বিকশিত ভাৰতৰ সংকল্প যি আমি সকলোৱে গ্ৰহণ কৰিছোঁ, এই সংকল্প কেৱল এটা শব্দই নহয়, বৰং দেশৰ কোটি কোটি দৰিদ্ৰ জনসাধাৰণক সকলোৰে সমান কৰি তুলিবলৈ এটা পৱিত্ৰ ধাৰণা আৰু ইয়াত আমি সকলোৰে সংকল্পৰ শক্তি যোগ কৰিব লাগিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ইয়াৰ তিনিটা উদ্দেশ্য দেশবাসীৰ সন্মুখত দাঙি ধৰিছিল। প্ৰথমতে, স্বাধীনতা সংগ্ৰামৰ সময়ত জ্ঞাত-অজ্ঞাত সকলো শ্বহীদক স্মৰণ কৰা আৰু স্বাধীনতাৰ ইতিহাসৰ সৈতে যুৱ প্ৰজন্মক সংযোগ কৰা। দ্বিতীয়টো উদ্দেশ্য আছিল, বিগত ৭৫ বছৰত দেশে যি সাফল্য লাভ কৰিছে তাক লৈ গৌৰৱ কৰা আৰু তাৰ পৰা প্ৰেৰণা লৈ আগবাঢ়ি যোৱা। তৃতীয় উদ্দেশ্য আছিল, ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক সংৰক্ষিত কৰি ৰখা আৰু ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰা। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ ৭৫ বছৰত এখন বিকশিত ভাৰতৰ সংকল্প লৈ ৭৫ বছৰৰ পৰা ১০০ বছৰলৈ ২৫ বছৰৰ যাত্ৰাত সকলোৰে সামূহিক প্ৰচেষ্টাৰে ভাৰতক বিশ্বৰ ভিতৰতে সৰ্বপ্ৰথম কৰি তোলাৰ সংকল্প গ্ৰহণ কৰাও স্বাধীনতাৰ অমৃত মহোৎসৱৰ এটা উদ্দেশ্য আছিল। তেওঁ কয় যে এই সংকল্প পূৰণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কল্পনা কৰিছে, যিয়ে দেশৰ প্ৰতিখন পঞ্চায়তত প্ৰৱেশ কৰিব আৰু মোদী চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াৰ সুবিধাসমূহ সকলোৰে বাবে উপলব্ধ কৰাৰ কাম কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনলৈকে দেশত কোটি কোটি লোক এনে আছিল যাৰ ঘৰ, গেছ সংযোগ, শৌচাগাৰ, খোৱাপানী আৰু বিদ্যুতৰ দৰে মৌলিক সা-সুবিধাও নাছিল আৰু এই কোটি কোটি লোকে প্ৰতিটো সুবিধাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁ কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদী জীয়ে সংকল্প লয় যে প্ৰতিটো ঘৰতে বেংক একাউণ্ট, গেছ সংযোগ, শৌচাগাৰ, টেপৰ পানী থাকিব আৰু প্ৰতিজন ব্যক্তিৰ ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য খৰচ চৰকাৰে বহন কৰিব। শ্ৰী শ্বাহে কয় যে মোদী জীয়ে দেশৰ কোটি কোটি মানুহক প্ৰতিজন ব্যক্তিৰ বাবে ৫ কেজি খাদ্যশস্য বিনামূলীয়াকৈ দিয়ে আৰু এই কোটি কোটি লোকক মৌলিক সা-সুবিধা প্ৰদান কৰি তেওঁলোকৰ জীৱন সলনি কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয় যে মাত্ৰ এটা বেংক একাউণ্ট খোলাত বহু সুবিধা আহিল আৰু এতিয়া দেশৰ কৃষকৰ একাউণ্টত বছৰি ৬ হাজাৰ টকা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা জমা কৰা হয়৷ তেওঁ কয় যে পূৰ্বৰ বহু চৰকাৰে ক্ষমতা লাভৰ বাবে ঋণ বিলুপ্ত কৰাৰ কথা কৈছিল, কিন্তু মোদী জীয়ে এনে ব্যৱস্থা কৰে যে কৃষকে ঋণেই ল’ব নালাগে।

                                                                     https://static.pib.gov.in/WriteReadData/userfiles/image/image003X656.jpg

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক সমৃদ্ধ কৰিবলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰী ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে। তেওঁ কয় যে এতিয়াও প্ৰতিটো স্থানত এই সকলো কল্যাণমূলক আঁচনিৰ ১০০ শতাংশ চেচুৰেচন হোৱা নাই। তেওঁ কয় যে প্ৰতিখন আঁচনিৰ ১০০ শতাংশ সুবিধা প্ৰতিজন দৰিদ্ৰৰ মাজলৈ যাব লাগে। শ্ৰী শ্বাহে কয় যে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দুটা অংশ আছে - প্ৰথম অংশটো হৈছে এখন সুৰক্ষিত, সমৃদ্ধিশালী, শিক্ষিত ভাৰত যি সমগ্ৰ বিশ্বৰ বাবে উৎপাদনৰ কেন্দ্ৰবিন্দু হৈ পৰে, ইয়াৰ পথ, আন্তঃগাঁথনি, ৰে'ল ব্যৱস্থা ইত্যাদি পৃথিৱীৰ ভিতৰতে সবাতোকৈ আগত হওক। ইয়াৰ লগতে এখন বিকশিত ভাৰতৰ দ্বিতীয় অংশ হৈছে, য’ত দেশৰ প্ৰতিজন নাগৰিকৰ ঘৰ, খোৱাপানী, গেছ, শৌচাগাৰ হ'ব, ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য সুবিধা আৰু প্ৰতিজন ব্যক্তিৰ বাবে ৫ কেজি বিনামূলীয়া শস্য, তেতিয়াহে ভাৰত বিকশিত হ'ব পাৰে। তেওঁ কয় যে কোটি কোটি মানুহক দৰিদ্ৰ কৰি ৰাখি কোনো দেশ বিকশিত হ’ব নোৱাৰে। শ্ৰী শ্বাহে কয় যে এই বিকশিত ভাৰত সংকল্প যাত্ৰা এটা বিকশিত ভাৰতৰ ধাৰণাক গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ এক যাত্ৰা। তেওঁ কয় যে এখন বিকশিত ভাৰতৰ সংকল্প শিশুসকলক ভালদৰে পঢ়োৱা, ইউৰিয়াৰ ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিক খেতিৰ দিশত আগবাঢ়ি যোৱা আৰু গাঁৱৰ প্ৰতিজন ব্যক্তিৰ সুস্বাস্থ্য বজাই ৰখা আদি পদক্ষেপেৰে পূৰণ হ’ব। শ্ৰী শ্বাহে কয় যে এখন বিকশিত ভাৰতৰ সংকল্পক জন আন্দোলন কৰি তোলাৰ কাম দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে  হাতত লৈছে।

শ্ৰী অমিত শ্বাহে কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল জীৰ নেতৃত্বত ৰাজ্য চৰকাৰে সকলো জনকল্যাণমূলক আঁচনি প্ৰতিজন ব্যক্তিৰ মাজলৈ লৈ যোৱাৰ কাম কৰিছে। তেওঁ কয় যে মোদী জীয়ে ৫ লাখ টকা পৰ্যন্ত আয়ুষ্মান ভাৰত হেল্থ কাৰ্ড দিছে, যিটো গুজৰাট চৰকাৰে ১০ লাখ টকালৈ বৃদ্ধি কৰে। তেওঁ কয় যে মোদী জীৰ সংকল্প হৈছে এনে এখন ভাৰত গঢ়ি তোলা, য’ত কোনো ব্যক্তি ঘৰ, বিদ্যুৎ, গেছ, স্বাস্থ্য সুবিধা, পুষ্টি আৰু স্বচ্ছতা অবিহনে নাথাকে। তেওঁ কয় যে মোদী জীয়ে বিশ্বাস কৰে যে ২০৪৭ চনত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব আৰু আমি সকলোৱে মিলি এনে ভাৰত গঢ়িব লাগিব। তেওঁ কয় যে দেশৰ স্বাধীনতাৰ বাবে যিসকলে নিজৰ সৰ্বস্ব ত্যাগ কৰিলে সেইসকলৰ সপোনৰ ভাৰত গঢ়ি তোলাটো আমাৰ দায়িত্ব আৰু ইয়াক আমি নিজৰ সংকল্প শক্তিৰে পূৰণ কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে এই সংকল্প যাত্ৰা প্ৰধানমন্ত্ৰী মোদী জীয়ে ১৫ তাৰিখে আৰম্ভ কৰিছিল আৰু এই যাত্ৰা সমগ্ৰ দেশৰ প্ৰতিখন জিলাতে চলি আছে। তেওঁ কয় যে এখন বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ প্ৰতিজন ব্যক্তিয়ে ভাৰতৰ বিকাশ যাত্ৰাত যোগদান কৰক, আমি সকলোৱে এই সংকল্প গ্ৰহণ কৰিব লাগিব।

**********

 

RK/AY/ASH/AKS



(Release ID: 1981912) Visitor Counter : 86


Read this release in: English , Urdu , Hindi , Gujarati