তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাই ৰাইজৰ উৎসাহজনক সঁহাৰি লাভ কৰিছে
কাইলৈ নগৰাঞ্চলত এই যাত্ৰা আৰম্ভ হ’ব
प्रविष्टि तिथि:
27 NOV 2023 7:03PM by PIB Guwahati
কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সম্পৰ্কে ৰাইজক অৱগতকৰণ আৰু তেওঁলোকৰ সৱলীকৰণৰ লক্ষ্যৰে দেশজোৰা প্ৰচাৰ পদক্ষেপ, বিকশিত ভাৰত সংকল্প যাত্ৰাই অসমত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। এই যাত্ৰাই গ্ৰামাঞ্চলসমূহৰ স্থানীয় লোকসকলৰ মাজত ভিন্ন সমাজ কল্যাণ আৰু উন্নয়নমূলক কাৰ্য্যক্ৰম সম্পৰ্কে সজাগতা সৃষ্টি আৰু ইয়াৰ জৰিয়তে ব্যক্তিসকলক সৱলীকৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বাক্সা, কোকৰাঝাৰ, কাৰ্বি আংলং, ডিব্ৰুগড়, মৰিগাঁও, নলবাৰী, বৰপেটা, দৰং, বজালী, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ ভিন্ন গাঁও পঞ্চায়তত সফলতাৰে অনুষ্ঠিত হয় এই যাত্ৰা।

বৰপেটা জিলাৰ গোমাফুলবাৰী খণ্ডত তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) ভেনৰ সমীপত ৰাইজ সমবেত হৈছে
গ্ৰামাঞ্চলসমূহত এই যাত্ৰা অব্যাহত থকাৰ লগে-লগে এতিয়া ই অসমৰ নগৰাঞ্চলসমূহক সামৰি ল’ব। ২৮ নৱেম্বৰৰপৰা বিকশিত যাত্ৰাই চৰকাৰী আঁচনিৰাজি সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰায় ১৪৬টা চহৰীয়া স্থান সামৰি ল’ব। কাইলৈ কামৰূপ মহানগৰ, ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ ভিন্ন স্থানত এই যাত্ৰা আৰম্ভ হ’ব। কামৰূপ মহানগৰৰ পানবজাৰ আৰু চানমাৰিত এই যাত্ৰা আৰম্ভ হ’ব।
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত ভিন্ন জন ভাগিদাৰী অনুষ্ঠান, যেনেঃ আঁচনিসমূহৰ হিতাধিকাৰী (মেৰী কাহানী মেৰী জুবানী) সকলৰ অভিজ্ঞতাৰ আদান-প্ৰদান, প্ৰগতিশীল কৃষকসকলৰ সৈতে মত-বিনিময় কৰা হৈছে।

বৰপেটা জিলাৰ গোমাফুলবাৰী খণ্ডত আয়োজিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ এটি মুহূৰ্ত
এই যাত্ৰাই চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে যাত্ৰাৰ সময়ত সেৱাসমূহ আগবঢ়োৱা কাৰ্য্যই ৰাইজৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। স্বাস্থ্য শিবিৰ, টিবি স্ক্ৰিনিং, এনিমিয়া স্ক্ৰিনিং, আয়ুষ্মান কাৰ্ড প্ৰস্তুত, পিএম উজ্জ্বলাৰ নতুন নামভৰ্তি আৰু আপডেচন সেৱাও এই কাৰ্য্যসূচীৰ সময়ত উপলব্ধ হৈছে।
PG/SS/SB
(रिलीज़ आईडी: 1980224)
आगंतुक पटल : 151