তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অসমৰ গ্ৰামাঞ্চলত উপনীত বিকশিত ভাৰত সংকল্প যাত্ৰা
বাক্সা, কোকৰাঝাৰ আৰু কাৰ্বি আংলঙত অনুষ্ঠিত যাত্ৰাত ১২,০০০ ৰোধিক লোকৰ অংশগ্ৰহণ
অহা দুমাহত এই যাত্ৰাই ২,৬৬০ ৰোধিক গাঁও পঞ্চায়তক সামৰি ল’ব
Posted On:
22 NOV 2023 5:59PM by PIB Guwahati
ৰাষ্ট্ৰখনৰ প্ৰতিটো প্ৰান্তত উপনীত হ’বলৈ দেশজোৰা যাত্ৰাৰ সমান্তৰালভাৱে আজি অসমৰ সমগ্ৰ গাঁও পঞ্চায়ততে বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হয়। চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কে সজাগতা সৃষ্টি আৰু এইসমূহৰ ১০০% চেচুৰেচন নিশ্চিতকৰণৰ প্ৰয়াস হিচাপে ৩৬ খন ভেনে অহা দুমাহত ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহ ভ্ৰমণ আৰু ইয়াৰ জৰিয়তে প্ৰতিটো প্ৰান্ততে সেৱাসমূহৰ উপলব্ধতা নিশ্চিত কৰিব।
চৰকাৰী আঁচনিৰাজি সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে আইইচি ভেনৰ প্ৰদৰ্শন স্থলীতে সেৱা আগবঢ়াই ৰাইজৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা হ’ব। এই কাৰ্য্যসূচীত স্বাস্থ্য শিবিৰ, টিবি স্ক্ৰিনিং, এনিমিয়া স্ক্ৰিনিং, আয়ুষ্মান কাৰ্ড প্ৰদান, পিএম উজ্জ্বলাৰ নতুন অন্তৰ্ভুক্তি আৰু আপডেচন, মোৰ ভাৰত (My BHARAT) পদক্ষেপ আৰু কেচিচি নামভৰ্তি সেৱাও উপলব্ধ হ’ব।
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ দ্বিতীয় পৰ্য্যায়ৰ প্ৰথম দিনা বজালীত বিকশিত ভাৰত সংকল্প যাত্ৰা উদ্বোধন কৰে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস তথা বজালীৰ জিলা আয়ুক্ত শ্ৰী মৃদুল দাসে। এই কাৰ্য্যসূচীত অনুষ্ঠিত স্বাস্থ্য শিবিৰত বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ লগতে হিতাধীকাৰীসকলৰ মাজত আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়।

বজালীত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্ৰাত অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস
তেজপুৰত সজাগতা ভেনৰ ফ্লেগ-অফ কৰে পৰিবেশ মন্ত্ৰালয়ৰ উপ-সচিব শ্ৰী সোনামণি হাওবাম আৰু শোণিতপুৰৰ জিলা আয়ুক্ত শ্ৰী দেৱ কুমাৰ মিশ্ৰই। একেদৰে, যোৰহাটৰ জিলা আয়ুক্ত শ্ৰী পুলক কুমাৰ মহন্তই জিলাখনত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ফ্লেগ-অফ কৰে।

বিকশিত ভাৰত সংকল্প যাত্ৰাত যোৰহাটৰ জিলা আয়ুক্ত শ্ৰী পুলক কুমাৰ মহন্ত
চৰকাৰৰ ভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কে গণ-সজাগতা সৃষ্টিৰ অৰ্থে আজি আইইচি ভেন এখন লখিমপুৰ জিলাৰ উজ্জ্বলপুৰ গাঁও পঞ্চায়তত উপস্থিত হয়। একেদৰে, বৰপেটা জিলাৰ হালাপাকুৰিতো সমাজৰ লোকসকলৰ কল্যাণৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। নলবাৰী জিলাতো একে কাৰ্য্যসূচী অনুষ্ঠিত হয়।
অসমত বিকশিত ভাৰত সংকল্প যাত্ৰা পূৰ্ণগতিত অব্যাহত আছে। ৰাইজৰ মাজত তথ্য যোগান ধৰিবলৈ এনে ভেন এখন ফেৰীৰে মাজুলীত উপস্থিত হৈছেগৈ।
অসমত এই যাত্ৰা সম্পৰ্কেঃ
১৫ নৱেম্বৰত জনজাতীয় লোকসকলৰ বসতি প্ৰধান জিলা—বাক্সা, কোকৰাঝাৰ আৰু কাৰ্বি আংলঙত বিকশিত ভাৰত সংকল্প যাত্ৰা উদ্বোধন কৰা হৈছিল। আজিলৈকে বিকশিত ভাৰত সংকল্প যাত্ৰাই প্ৰায় ৩২টা গাঁও পঞ্চায়তক সামৰি লয় আৰু ইয়াত প্ৰায় ১২,৩১১ জন লোকে অংশগ্ৰহণ কৰে। প্ৰদৰ্শন স্থলীত আয়োজিত স্বাস্থ্য শিবিৰত ৪২৯ জন লোকে স্বাস্থ্য-পৰীক্ষা কৰে। এই জিলা কেইখনৰ প্ৰায় ৪৪৪ জন লোকে বিকশিত ভাৰত সংকল্প যাত্ৰাত যক্ষ্মা ৰোগৰ পৰীক্ষা কৰে।
https://pib.gov.in/PressReleasePage.aspx?PRID=1977073
PG/SS/SM
………….
(Release ID: 1978859)
Visitor Counter : 129