তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰতত বিদেশী চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ইনচেণ্টিভ বৃদ্ধিৰ ঘোষণা

বিদেশী চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ ভাৰতীয় সমলৰ বাবে অতিৰিক্ত ৫% বোনাচ আইএফএফআইত ঘোষণা

Posted On: 20 NOV 2023 7:38PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে আজি আইএফএফআইত কৰা এক গুৰুত্বপূৰ্ণ ঘোষণা মতে বিদেশী চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উদগনিৰ পৰিমাণ ৩০ শতাংশৰ পৰা ৪০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। আজি দেশত বিদেশী চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উদগনিৰ পৰিমাণ হৈছে ৩০ কোটি টকাৰ বৰ্ধিত সীমা (৩.৫ নিযুত আমেৰিকান ডলাৰৰ অধিক) আৰু গুৰুত্বপূৰ্ণ ভাৰতীয় সমলৰ বাবে অতিৰিক্ত ৫ শতাংশ বোনাচৰ সৈতে হোৱা ব্যয়ৰ ৪০ শতাংশ। এই পদক্ষেপে মধ্যম আৰু বৃহৎ বাজেটৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰকল্পসমূহ দেশলৈ আকৰ্ষিত কৰিবলৈ ভাৰতৰ প্ৰচেষ্টাক আৰু অধিক উৎসাহিত কৰিব।

ভাৰতে যোৱা বছৰ কানত বিদেশী চলচ্চিত্ৰ নিৰ্মাণৰ বাবে এক উদগনি মূলক আঁচনি ঘোষণা কৰিছিল, যি দেশত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে হোৱা ব্যয়ৰ ৩০ শতাংশ লৈকে পৰিশোধ আগবঢ়াইছিল, যি ২.৫ কোটি টকাৰ ভিতৰত সীমিত আছিল। গোৱাত ঘোষণা কৰাৰ সময়ত ঠাকুৰে কয়, “চলচ্চিত্ৰ নিৰ্মাণক উৎসাহিত কৰাৰ এই দৃষ্টান্তমূলক পৰিৱৰ্তনে ভাৰতৰ প্ৰতিশ্ৰুতি আৰু কলাত্মক অভিব্যক্তিৰ প্ৰতি সমৰ্থনৰ বাবে এক মানদণ্ড হিচাপে কাম কৰে আৰু চলচ্চিত্ৰ প্ৰচেষ্টাৰ বাবে এক পছন্দৰ গন্তব্য স্থান হিচাপে আমাৰ স্থিতি শক্তিশালী কৰে।“

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা (কেৱল তথ্যচিত্ৰৰ বাবে) এনে আন্তৰ্জাতিক প্ৰযোজনাসমূহ এই উদগনি মূলক আঁচনিৰ বাবে যোগ্য হ'ব, যাক ০১ এপ্ৰিল, ২০২২-ৰ পিছত দৃশ্যগ্ৰহণৰ অনুমতি দিয়া হৈছে। ইনচেণ্টিভ পৰিমাণ দুটা পৰ্যায়ত বিতৰণ কৰা হ'ব অৰ্থাৎ অন্তৱৰ্তীকালীন আৰু চূড়ান্ত। ভাৰতত প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত চূড়ান্ত বিতৰণৰ বাবে দাবী কৰিব পাৰি। এক বিশেষ উদগনি মূল্যাঙ্কন সমিতিৰ পৰামৰ্শঅনুসৰি ইনচেণ্টিভ পৰিমাণ প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) অধীনত স্থাপিত চলচ্চিত্ৰ সুবিধা কাৰ্যালয়ে (এফএফঅ') প্ৰেৰণা মূলক আঁচনিখন ৰূপায়ণ কৰি আছে। এফএফঅ'য়ে একক-খিৰিকী সুবিধা আৰু নিষ্পত্তি প্ৰণালী হিচাপে কাম কৰে যি ভাৰতত চিত্ৰগ্ৰহণ সহজ কৰি তোলে, লগতে এক চলচ্চিত্ৰ-অনুকূল পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিবলৈ আৰু দেশক চিত্ৰগ্ৰহণৰ গন্তব্য স্থান হিচাপে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে।

এফএফঅ'ৰ দ্বাৰা প্ৰদান কৰা সেৱাসমূহ এতিয়া ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকললৈও সম্প্ৰসাৰিত কৰা হৈছে। আঁচনিখনৰ বিতং নিৰ্দেশনা এফএফঅ' ৱেবছাইটত উপলব্ধ: https://ffo.gov.in/en

এই ক্ষেত্ৰত ঘোষণা আৰু নীতিগত পদক্ষেপসমূহৰ উদ্দেশ্য হৈছে অৰ্থনীতিবৃদ্ধি কৰা, নিযুক্তিৰ সুযোগ সৃষ্টি কৰা আৰু দেশত পৰ্যটন আৰু সংস্কৃতিৰ প্ৰচাৰ কৰা। এভিজিচি: এনিমেচন, ভিজুৱেল ইফেক্ট আৰু পোষ্টপ্ৰডাকচন সেৱাৰ দৰে উদীয়মান উদ্যোগসমূহেও চলচ্চিত্ৰ খণ্ডৰ শেহতীয়া পদক্ষেপৰ পৰা লাভান্বিত হ'ব বুলি আশা কৰা হৈছে।

 

*****

PIB Team IFFI | RC/ LP/ BSN/ DR | IFFI 54 - 010/AA



(Release ID: 1978422) Visitor Counter : 70