প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁও ভ্ৰমণ কৰে

प्रविष्टि तिथि: 15 NOV 2023 10:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান ঝাৰখণ্ডৰ উলিহাটু গাঁও ভ্ৰমণ কৰে আৰু তেওঁৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদী হৈছে ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁও ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"মই ‘ভগৱান’ বিৰচা মুণ্ডাজীৰ গাঁও উলিহাটুত তেওঁক প্ৰণিপাত জনোৱাৰ সৌভাগ্য লাভ কৰিলো। ইয়ালৈ আহি  এই পবিত্ৰ ভূমি কিমান শক্তিৰে পৰিপূৰ্ণ সেই কথা মই অনুভৱ কৰিছো। এই মাটিৰ প্ৰতিটো কণাই সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলক অনুপ্ৰেৰণা যোগাই আছে”। 

 

 

***

DS/TS/KB


(रिलीज़ आईडी: 1977527) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam